The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.
Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ ঠিক কৰা এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux উন্মোচন টোকাসমূহে এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 6 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক অনুপ্ৰয়োগসমূহলে কৰা মুখ্য পৰিৱৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰীত টোকাসমূহ পাব কাৰিকৰী টোকাসমূহ -ত।
পাৰম্পৰীকভাৱে, Linux -ত নেটৱাৰ্ক আন্তঃপৃষ্টবোৰৰ নাম দিয়া হয় eth[X]। যি কি নহওক, বহু ক্ষেত্ৰত, এইবোৰ নাম চেছিচত থকা প্ৰকৃত লেবেলসমূহৰ লগত মিল নাখায়। বহু নেটৱাৰ্ক এডাপ্টাৰ থকা আধুনিক চাৰ্ভাৰ প্লেটফৰ্মসমূহ এই নেটৱাৰ্ক আন্তঃপৃষ্টসমূহৰ অনিৰ্ণায়ক আৰু counterintuitive নামাকৰনৰ সন্মুখিন হব পাৰে।
Red Hat Enterprise Linux 6.1 উন্মোচন কৰিছে biosdevname, নেটৱাৰ্ক আন্তঃপৃষ্ট নামাকৰনৰ এটা বৈকল্পিক প্ৰথা। biosdevname নেটৱাৰ্ক আন্তঃপৃষ্টসমূহক তেওলোকৰ ভৌতিক অৱস্থানৰ উপৰত ভিত্তি কৰি নাম দিয়ে। টোকা, যি কি নহওক সেইটো biosdevname অবিকল্পিতভাৱে অসামৰ্থবান, কেৱল কিছুমান সীমিত Dell চিস্টেমসমূহৰ সংহতি বাদ দি।
Red Hat Enterprise Linux 6.1 -ত থকা কাৰনেলত অন্তৰ্ভুক্ত হৈ আছে বহু শতক বাগ ঠিক কৰা কাৰ্য্য আৰু Linux কাৰনেল লে সম্প্ৰসাৰণ। প্ৰতিটো ঠিক কৰা বাগ আৰু এই উন্মোচনৰ বাবে কাৰনেললে যোগ কৰা প্ৰতিটো সম্প্ৰসাৰণৰ বিষয়ে অধিক জানিবলে, Red Hat Enterprise Linux 6.1 কাৰিকৰী টোকাসমূহ -ত থকা কাৰনেল পাঠ চাওক।
নিয়ন্ত্ৰণ দলসমূহ
নিয়ন্ত্ৰণ দলসমূহ Red Hat Enterprise Linux 6 -ত যোগ কৰা Linux কাৰনেলৰ এটা বৈশিষ্ট। প্ৰতিটো নিয়ন্ত্ৰণ দল এটা চিস্টেমত থকা কাৰ্য্যসমূহৰ সংহতি যাক চিস্টেম হাৰ্ডওৱেৰৰ লগত তেওলোকৰ ভাব-বিনিময় উন্নত ধৰণে ব্যৱস্থাপনা কৰাৰ বাবে একেলগে গোট খোওৱা হৈছে। নিয়ন্ত্ৰণ দলসমূহক তেওলোকে ব্যৱহাৰ কৰা চিস্টেম সম্পদসমূহ মনিটৰ কৰিবলে অনুসৰন কৰিব পাৰি। অতিৰিক্তভাৱে, চিস্টেম প্ৰসাশকসমূহে ধাৰ্য্যত নিয়ন্ত্ৰণ দলসমূহক চিস্টেম সম্পদসমূহ যেনে মেমৰি, CPUs (অথবা CPUs দল), নেটৱাৰ্কিং, I/O, অথবা অনুসূচকলে প্ৰবেশাধিকাৰ লবলে নিয়ন্ত্ৰণ দল আন্তঃগাথনী ব্যৱহাৰ কৰি অনুমতি দিব বা নাকচ কৰিব পাৰে।
Red Hat Enterprise Linux 6.1 -এ নিয়ন্ত্ৰণ দলসমূহলে বহু উন্নয়ন আৰু আপডেইট উন্মোচন কৰিছে, যত অন্তৰ্ভুক্ত হৈ আছে খন্ড ডিভাইচ ইনপুট/আউটপুট (I/O) -ক এটা বিশিষ্ট ডিভাইচলে থ্ৰট্ল কৰাৰ ক্ষমতা, হয় বাইট প্ৰতি ছেকেন্ড নহলে I/O প্ৰতি ছেকেন্ডত (IOPS)।
অতিৰিক্তভাৱে, libvirt আৰু অন্য userspace সঁজুলিসমূহৰ সৈতে অনুকলন অধিক্ৰমীত খন্ড ডিভাইচ নিয়ন্ত্ৰণ দলসমূহ সৃষ্টি কৰাৰ নতুন ক্ষমতায় প্ৰদান কৰিছে। নতুন খন্ড ডিভাইচ নিয়ন্ত্ৰণ দল টিউন কৰিব পৰা group_idle -এ, নিৰপেক্ষতা বজায় ৰাখোতে নিয়ন্ত্ৰণ দলসমূহৰ লগত উন্নত থ্ৰপুট প্ৰদান কৰে।
Red Hat Enterprise Linux 6.1 আৰু উন্মোচন কৰিছে নতুন স্বচালিত দল বৈশিষ্ট, লেটেনচি কমাই আৰু CPU ইনটেচিভ কাৰ্য্যভাৰৰ সময়ত অধিক ভাব-বিনিময়ৰ অনুমতি দি। এই cgsnapshot সঁজুলি, বৰ্তমান নিয়ন্ত্ৰণ দল সংৰূপৰ স্নেপশট লোৱাৰ ক্ষমতা প্ৰদান কৰে।
ততোধিক পঢ়া
নিয়ন্ত্ৰণ দলসমূহ আৰু অন্য সম্পদ ব্যৱস্থাপনা বৈশিষ্টসমূহ বিৱৰীতভাবে আলোচনা কৰা হৈছে Red Hat Enterprise Linux 6 সম্পদ ব্যৱস্থাপনা সহায়ক -ত
নেটৱাৰ্কিং আপডেইটসমূহ
Red Hat Enterprise Linux 6.1 -এ উন্মোচন কৰিছে ৰিচিব পেকেট স্টিয়াৰিং (RPS) আৰু ৰিচিব ফ্লো স্টিয়াৰিং (RFS) -ৰ বাবে সমৰ্থন। ৰিচিব পেকেট স্টিয়াৰিংয়ে আহি থকা নেটৱাৰ্ক পেকেটসমূহক বহু CPU কেন্দ্ৰৰ উপৰত সমসাময়ীকভাৱে প্ৰচেছ কৰাৰ অনুমতি দিয়ে। ৰিচিব ফ্লো স্টিয়াৰিংয়ে এটা ধাৰ্য্যত অনুপ্ৰয়োগৰ কাৰণে নেটৱাৰ্ক তথ্য প্ৰচেছ কৰিবলে সন্তোষজনক CPU বাচি লয়।
kdump
kdump এটা উন্নত স্খলন ডাম্প কৰা প্ৰক্ৰিয়া। যেতিয়া সামৰ্থবান কৰা থাকে, চিস্টেমটো অন্য এটা কাৰনেলৰ পৰিপ্ৰেক্ষতীতৰ পৰা বুট হয়। এই দ্বিতীয় কাৰনেলে কম পৰিমানৰ মেমৰি জমা কৰি ৰাখে, আৰু ইয়াৰ এটাই উদ্দেশ্য হল কেন্দ্ৰ ডাম্প ছবি ধৰা যেতিয়া চিস্টেমৰ স্খলন হয়।
Red Hat Enterprise Linux 6.1 -এ উন্মোচন কৰিছে কাৰনেল বাৰ্তা ডাম্পাৰ, যাক আৱাহন কৰা হয় যেতিয়া এটা কাৰনেল সংশয় ঘটে। কাৰনেল বাৰ্তা ডাম্পাৰে সহজ স্খলন বিশ্লেষণৰ যোগান দিয়ে আৰু আনুষংগিক লক্ষ্যসমূহলে তৃতীয় দল কাৰনেল বাৰ্তা লগিনৰ অনুমতি দিয়ে।
Red Hat Enterprise Linux 6.1 -এ গ্ৰাফীয় হাৰ্ডওৱেৰৰ বাবে আপডেইটসমূহৰ এটা বিস্তাৰৰ যোগান কৰে। Sandy Bridge প্ৰচেছৰত থকা Intel প্ৰজন্ম ৬ -ৰ ড্ৰাইভাৰ এই উন্মোচনত অন্তৰ্ভুক্ত কৰা হৈছে, এই ডিভাইচসমূহত সম্পূৰ্ণভাৱে ত্বৰীত 2D আৰু 3D গ্ৰাফিক্সৰ যোগান দিয়ে। অতিৰিক্তভাৱে, এই উন্মোচনে Matrox MGA-G200ER গ্ৰাফীয় চিপচেটৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰে।
Red Hat Enterprise Linux 6.1 -এ XGI Z9S আৰু Z11 চিপচেটসমূহ সমৰ্থন কৰিবলে xorg-x11-drv-xgi ভিডিও ড্ৰাইভাৰ উন্মোচন কৰিছে। SIS ড্ৰাইভাৰ যোনে পুৰনি XGI হাৰ্ডওৱেৰৰ কাৰণে সমৰ্থন প্ৰদান কৰিছিল তাক এতিয়া আৰু নতুন হাৰৰ্ডওৱেৰ সমৰ্থন কৰিবলে আপডেইট কৰা নহয়।
মনিটৰসমূহ যিবোৰে প্ৰসাৰীত প্ৰদৰ্শন চিনাক্তকৰণ তথ্য (EDID) অপাৰেটিং চিস্টেমলে প্ৰদান নকৰে তেওলোকৰ এতিয়া অবিকল্পিত বিভেদন ১০২৪ x ৭৬৮ পিক্সেলসমূহ।
নেটৱাৰ্ক ব্যৱস্থাপক
নেটৱাৰ্ক ব্যৱস্থাপক এটা ডেস্কটপ সঁজুলি যিটো এটা বিস্তাৰীত নেটৱাৰ্ক সংযোগ ধৰণসমূহ সংহতি, সংৰূপন আৰু ব্যৱস্থাপনা কৰিবলে ব্যৱহাৰ কৰা হয়। Red Hat Enterprise Linux 6.1 -ত নেটৱাৰ্ক ব্যৱস্থাপকৰ Wi-Fi সুৰক্ষীত প্ৰবেশাধিকাৰ (WPA) এন্টাৰপ্ৰাইজ আৰু ইন্টাৰনেট প্ৰটকল সংস্কৰণ ৬ (IPv6) -ৰ সংৰূপৰ বাবে উন্নত সমৰ্থন আছে।
অডিঅ'
Red Hat Enterprise Linux 6.1 -এ যোগান দিয়ে উন্নত Linux শব্দ স্থাপত্য- উচ্চ অডিঅ' সংজ্ঞা (ALSA-HDA) ড্ৰাইভাৰসমূহ।
4. সংৰক্ষণ
দাপোণসমূহৰ LVM স্নেপশট
LVM স্নেপশট বৈশিষ্টয় এটা সেৱা বাধাগ্ৰস্থ নকৰাকৈ এটা বিশেষ ক্ষণত এটা যৌক্তিক আয়তনৰ বেকআপ ছবি সৃষ্টি কৰাৰ ক্ষমতা প্ৰদান কৰে। এটা স্নেপশট লোৱাৰ পিছত যেতিয়া প্ৰকৃত ডিভাইচত (প্ৰকৃত) এটা পৰিৱৰ্তন কৰা হয়, স্নেপশট বৈশিষ্টয় পৰিৱৰ্তীত তথ্য স্থানৰ এটা কপি বনায় কিয়নো ইয়াৰ পৰিৱৰ্তন হব লগিয়া আছিল যাতে ই ডিভাইচৰ অৱস্থা পুনৰ সংৰচনা কৰিব পাৰে। Red Hat Enterprise Linux 6.1 -ত এটা প্ৰতিফলিত যৌক্তিক আয়তনৰ স্নেপশট লোৱাটো এটা সম্পূৰ্ণভাৱে সমৰ্থিত বৈশিষ্ট।
দাপোণসমূহৰ LVM ৰেখা
LVM -ৰ এটা একক যৌক্তিক আয়তনত RAID0 (ৰেখাকৰণ) আৰু RAID1 (প্ৰতিফলন) এতিয়া সংযুক্ত কৰা সম্ভব। সমসাময়ীকভাৱে দাপোণসমূহ ('--mirrors X') আৰু ৰেখাসমূহ ('--stripes Y') -ৰ সংখ্যা ধাৰ্য্য কৰাকে এটা যৌক্তিক আয়তন সৃষ্টিকৰণৰ ফলত কিছুমান দাপোণ ডিভাইচসমূহৰ সৃষ্টি হয় যাৰ উপাদিত ডিভাইচসমূহ ৰেখীত।
Red Hat Enterprise Linux 6.1 -এ IPA -ক এটা প্ৰযুক্তি পুৰ্বদৰ্শন হিচাপে দেখুৱায়। IPA এটা অনুকলিত সুৰক্ষা তথ্য ব্যৱস্থাপনা সমাধান যি সংযুক্ত কৰে Red Hat Enterprise Linux, Red Hat ডাইৰেকটৰি চাৰ্ভাৰ, MIT Kerberos, আৰু NTP। ই যোগান দিয়ে ৱেব ব্ৰাউছাৰ আৰু কমান্ড-শাৰী আন্তঃপৃষ্ট, আৰু ইয়াৰ কেইবাটাও ব্যৱস্থাপনা সঁজুলিয়ে এজন ব্যৱস্থাপকক অতি শিঘ্ৰে ইনস্টল, সংহতি, আৰু এটা বা অধিক চাৰ্ভাৰ কেন্দ্ৰিয় প্ৰমাণীকৰণ আৰু পৰিচয় ব্যৱস্থাপনাৰ কাৰণে প্ৰসাশন কৰিবলে অনুমতি দিয়ে।
Samba সাধাৰন ইন্টাৰনেট নথিপত্ৰ চিস্টেম (CIFS) প্ৰটকলৰ এটা মুক্ত উৎস প্ৰণয়ন। ই Microsoft Windows, Linux, UNIX, আৰু অন্য অপাৰেটিং চিস্টেমসমূহৰ একেলগে নেটৱাৰ্কিংৰ অনুমতি দিয়ে, Windows ভিত্তিয় নথিপত্ৰ আৰু প্ৰিন্টাৰ সেয়াৰ সামৰ্থবান কৰাকৈ। Red Hat Enterprise Linux 6.1 -ত Samba সংস্কৰণ ৩.৫.৬ লে আপডেইট কৰা হৈছে।
Red Hat Enterprise Linux 6.1 -ত Samba -এ ব্যৱহাৰকাৰীসমূহক CIFS মাওন্ট ব্যৱহাৰ কৰাৰ কাৰণে মাওন্টলে সকলো প্ৰবেশাধিকাৰৰ বাবে একে মাওন্ট তথ্যসমূহৰ বিপৰিতে, তেওলোকৰ নিজৰ Kerberos তথ্য ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে।
Emulex 10GbE PCI-E Gen2 আৰু Chelsio T4 10GbE নেটৱাৰ্ক এডাপ্টাৰসমূহৰ ইনস্টল আৰু বুট সমৰ্থন Red Hat Enterprise Linux 6.1 -ত যোগ কৰা হৈছে। অতিৰিক্তভাৱে, GRUB বুটলোডাৰ UEFI চিস্টেমসমূহত 4KB খন্ড আকাৰৰ সৈতে আয়তনসমূহ বুট কৰাৰ সমৰ্থনৰ সৈতে আপডেইট কৰা হৈছে।
Red Hat Enterprise Linux 6.1 -ত থকা ইনস্টলাৰে অসমৰ্থীত চফ্টওৱেৰসমূহ ধৰা পেলাব আৰু ব্যৱহাৰকাৰীক এটা সংকেত দিব। ইনস্টল চলি থাকিব, কিন্তু নিম্নলিখিত বাৰ্তা প্ৰদৰ্শীত হব
এই হাৰ্ডওৱেৰ (অথবা সংযুক্তি) Red Hat দ্বাৰা সমৰ্থীত নহয়। সমৰ্থীত হাৰ্ডওৱেৰত অধিক তথ্যৰ বাবে ,অনুগ্ৰহ কৰি চাওক http://www.redhat.com/hardware.
গোটসমূহ হল নিৰ্ভৰযোগ্যতা, অদিশ, আৰু মাৰাত্মক উৎপাদন সেৱাসমূহলে উপলব্ধতা বঢ়াবলে ঐক্যতানত কাম কৰা বহু কমপিউটাৰ (নোডসমূহ)। Red Hat Enterprise Linux 6 ব্যৱহাৰ কৰি উচ্চ উপলব্ধতাক পৰিৱেশনৰ বিভিন্ন প্ৰয়োজনসমূহ, উচ্চ উপলব্ধতা, ভাৰ ভাৰসাম্য, আৰু নথিপত্ৰ সেয়াৰৰ লগত খাপ খাবলে বিভিন্ন সংৰূপত মোতায়েন কৰিব পাৰি।
Red Hat Enterprise Linux 6.1 -ত নিম্নলিখিত মূখ্য আপডেইটসমূহ গোটৰ বাবে উপলব্ধ
গোট চুইট পুৰ্বদৰ্শন দস্তাবেজে Red Hat Enterprise Linux 6 -ৰ বাবে Red Hat Cluster চুইটৰ পুৰ্বদৰ্শন দিয়ে। অতিৰিক্তভাৱে উচ্চ উপলব্ধতা ব্যৱস্থাপনা দস্তাবেজে Red Hat Enterprise Linux 6 -ৰ বাবে Red Hat cluster চিস্টেমৰ সংৰূপ আৰু ব্যৱস্থাপনাৰ বিৱৰণ দিয়ে।
10. ভাৰছুৱেলাইজেষণ
vhost
নতুন হস্ট কাৰনেল নেটৱাৰ্কিং বেকএন্ড, vhost, Red Hat Enterprise Linux 6.1 -ত এটা সম্পূৰ্ণভাৱে সমৰ্থীত বৈশিষ্ট। vhost -এ userspace প্ৰণয়নৰ উপৰত উন্নত থ্ৰপুট আৰু লেটেনচিৰ যোগান দিয়ে।
Red Hat Enterprise Linux 6 -ৰ KVM hypervisor -ত আছে কাৰনেল একে পৃষ্ঠা অন্তৰ্ভুক্ত (KSM), যোনে KVM অতিথিসমূহক অনুৰূপ মেমৰি পৃষ্ঠাবোৰ সেয়াৰ কৰাৰ অনুমতি দিয়ে। পৃষ্ঠা সেয়াৰ কৰায় মেমৰি প্ৰতিলিপি কম কৰে, যত একেধৰনৰ অতিথি অপেৰেটিং চিস্টেম থকা এজন হস্টক অধিক দক্ষতাৰে চলাৰ অনুমতি দিয়ে।
Red Hat Enterprise Linux 6.1 -ত থকা KSM এটা পাৰদৰ্শী বৃহত পৃষ্ঠা জাননী। KSM -ৰ বৃহত পৃষ্ঠাৰ ভিতৰত থকা উপ পৃষ্ঠাসমূহক স্কেন কৰি তেওলোকক বিভাজন কৰাৰ ক্ষমতা আছে যেতিয়া অন্তৰ্ভুক্ত কৰা সম্ভব হয়।
PCI সংৰূপ স্থান প্ৰবেশাধিকাৰ উন্নত কৰা হৈছে, PCI ডিভাইচসমূহৰ এটা প্ৰসস্ত সংহতিক অতিথি VMসমূহলে ডিভাইচ এচাইন হবলে সামৰ্থবান কৰা হৈছে।
KVMClock উন্নয়নসমূহ
Red Hat Enterprise Linux 6.1 -ত সময় মোহৰ গণক (TSC) সংমিহলী এতিয়া স্বচালিতভাৱে অতিথি বুটআপত ধৰা পেলাব পাৰি অথবা যেতিয়া এটা হস্ট CPU হট-প্লাগ কৰা আছে। অতিৰিক্তভাৱে, TSC সংমিহলী কম্পনাংক এটা জীৱন্ত প্ৰব্ৰজনৰ পিচতে আয়োজিত কৰা হয়।
QEMU মনিটৰ
অতিৰিক্তভাৱে, নতুন drive_del কমান্ডে libvirt -ক এটা অতিথিৰ পৰা সুৰক্ষীতভাৱে খন্ড ডিভাইচ আতৰোৱাৰ অনুমতি দিয়ে।
Red Hat Enterprise Linux 6.1 -এ এটা ইমুলেটেড Intel HDA শব্দ কাৰ্ডক সকলো অতিথিলে উন্মোক্ত কৰাৰ ক্ষমতা অন্তৰ্ভুক্ত কৰে। এই আপডেইটে বহু অতিথি যাৰ মাজত ৬৪-বিট সংস্কৰণ Windows 7 অন্তৰ্ভুক্ত হয় তাৰ বাবে স্থানীয় শব্দ সমৰ্থন সামৰ্থবান কৰে
QEMU আখৰ ডিভাইচ প্ৰবাহ নিয়ন্ত্ৰণ সামৰ্থবান কৰা আছে
Red Hat Enterprise Linux 6 -এ উন্মোচন কৰিছে নতুন স্বচালিত বাগ সংবাদ সঁজুলি (ABRT)। ABRT -এ এটা স্থানীয় চিস্টেমত হোৱা চফ্টওৱেৰ স্খলনৰ বিৱৰণসমূহৰ লগ ৰাখে, আৰু Red Hat সমৰ্থনলে বিষয়সমূহ সংবাদিত কৰিবলে যোগান দিয়ে আন্তঃপৃষ্টৰ (গ্ৰাফীয় আৰু কমান্ড শাৰী ভিত্তিয় দুয়োটায়)। Red Hat Enterprise Linux 6.1, ABRT সংস্কৰণ ১.১.১৬ আপডেইট কৰা হৈছে। এই আপডেইটে অন্য বাগ ঠিক কৰা কাৰ্য্য আৰু সম্প্ৰসাৰনসমূহৰ এটা বিস্তাৰৰ উপৰিও এটা উন্নত গ্ৰাফীয় ব্যৱহাৰকাৰী আন্তঃপৃষ্ট (GUI) -ৰ যোগান দিয়ে।
openCryptoki
openCryptoki -ত অন্তৰ্ভুক্ত হৈ আছে PKCS#11 API -ৰ সংস্কৰণ ২.১১, IBM Cryptocards -ৰ বাবে প্ৰনয়ীত। openCryptoki Red Hat Enterprise Linux 6.1 -ত আপডেইটেড হৈ আছে, যোগান দিয়ে বহু বাগ ঠিক কৰা কাৰ্য্য আৰু সম্প্ৰসাৰনসমূহ, অন্তৰ্ভুক্ত উন্নত সৰ্বমুঠ পৰিৱেশন।
OpenLDAP
OpenLDAP এটা মুক্ত উৎস চুইট লঘূ ডাইৰেকটৰি প্ৰবেশাধিকাৰ প্ৰটকল (LDAP) অনুপ্ৰয়োগসমূহ আৰু উন্নয়ন সঁজুলিসমূহ। Red Hat Enterprise Linux 6.1 -ত OpenLDAP সংস্কৰণ ২.৪.২৩ লে আপডেইট কৰা হৈছে। এই OpenLDAP -ৰ আপডেইটেড সংস্কৰণে, OpenSSL পৰিৱৰ্তে, নেটৱাৰ্ক সুৰক্ষা সেৱাসমূহৰ (NSS) cryptographic লাইব্ৰেৰিসমূহ ব্যৱহাৰ কৰে।