Product SiteDocumentation Site

Red Hat Enterprise Linux 6

Release Notes

Red Hat Enterprise Linux 6.2 -ৰ বাবে উন্মোচন টোকাসমূহ

Edition 2


Legal Notice

Copyright © 2011 Red Hat, Inc.
The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.


1801 Varsity Drive
 RaleighNC 27606-2072 USA
 Phone: +1 919 754 3700
 Phone: 888 733 4281
 Fax: +1 919 754 3701

Abstract
Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ ঠিক কৰা এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux 6.2 উন্মোচন টোকাসমূহে এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 6 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক অনুপ্ৰয়োগসমূহলে কৰা মুখ্য পৰিৱৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰীত টোকাসমূহ পাব কাৰিকৰী টোকাসমূহ -ত।

পাতনি
1. হাৰ্ডৱেৰ সমৰ্থন
2. ইনস্টল প্ৰক্ৰিয়া
3. কাৰনেল
4. সম্পদ ব্যৱস্থাপনা
5. ডিভাইচ ড্ৰাইভাৰসমূহ
6. সংৰক্ষণ
7. নথিপত্ৰ প্ৰণালী
8. নেটৱাৰ্কিং
9. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্যকৰীতা
10. এনটাইটেলমেন্ট
11. সুৰক্ষা, প্ৰামাণিকসমূহ আৰু প্ৰমাণীকৰণ
12. কমপাইলাৰ আৰু সঁজুলিসমূহ
13. থুপ খোৱা
14. উচ্চ উপলব্ধতা
15. ভাৰছুৱেলাইজেষণ
16. গ্ৰাফিক্স
17. সাধাৰন আপডেইটসমূহ
A. উপাদান সংস্কৰণসমূহ
B. পুনৰীক্ষণৰ ইতিহাস

পাতনি

উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 6.2 -ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। Red Hat Enterprise Linux -ত 6.2 আপডেইটৰ কাৰণে হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ কাৰণে, চাওক কাৰিকৰী টোকাসমূহ

Note

Red Hat Enterprise Linux 6.2 উন্মোচন টোকাসমূহৰ সকলোতকৈ সেহতীয়া সংস্কৰণৰ কাৰণে চাওক অনলাইন উন্মোচন টোকাসমূহ

Chapter 1. হাৰ্ডৱেৰ সমৰ্থন

biosdevname
biosdevname পেকেইজ সংস্কৰণ 0.3.8 লে উন্নত কৰা হৈছে, --smbios and --nopirq কমান্ড শাৰী প্ৰাচলসমূহ প্ৰদান কৰাকৈ। এই কমান্ড শাৰী প্ৰাচলসমূহৰ সৈতে, উৎস ক'ড পেচসমূহ, যি এই ক'ডপথসমূহ আতৰাইছিল, নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰা আতৰাব পৰা যাব।

Chapter 2. ইনস্টল প্ৰক্ৰিয়া

ইনস্টলৰ সময়ত WWIDসমূহ ব্যৱহাৰ কৰি ডিভাইচ পৰিচয়ৰ বাবে সমৰ্থন
ফাইবাৰ চেনেল আৰু ক্ৰমিক এটাচ SCSI (SAS) ডিভাইচসমূহক এতিয়া এটা বিশ্বব্যাপী নাম (WWN) অথবা এটা বিশ্বব্যাপী পৰিচয়ক (WWID) -ৰে অংশগ্ৰহণ নকৰা ইনস্টলসমূহৰ বাবে ধাৰ্য্য কৰিব পাৰি। WWN IEEE প্ৰামাণিকৰ এটা অংশ যি সংৰক্ষণ স্থান নেটৱাৰ্কসমূহ (SAN) আৰু অন্য উন্নত নেটৱাৰ্ক টপোলজিসমূহ ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসমূহৰ বাবে ইনস্টলৰ সময়ত সংৰক্ষণ ডিভাইচসমূহ চিনাক্ত কৰা সহজ কৰে। যেতিয়া এটা সংৰক্ষণ ডিভাইচ ৰিডান্ডেন্সি অথবা উন্নত পৰিৱেশনৰ বাবে বহুতো ভৌতিক পথ ব্যৱহাৰ কৰা এটা চাৰ্ভাৰৰ সৈতে সংযুক্ত, এই পথসমূহৰ যিকোনো এটাৰ বাবে WWN ডিভাইচ চিনাক্ত কৰিবলে পৰ্যাপ্ত।
BIOS -ৰ সৈতে ২.২ TB -কে ডাঙৰ বিভাজনসমূহৰ বাবে সমৰ্থন
ইনস্টল প্ৰক্ৰিয়াসমূহক এতিয়া বিশেষ BIOS আৰ্হিসমূহ যি নতুন GUID বিভাজন টেবুল (GPT) সমৰ্থন কৰে সেইসমূহক ব্যৱহাৰ কৰা ২.২ TB -কে ডাঙৰ হাৰ্ড ড্ৰাইভ বিভাজনসমূহৰ পৰা বুট কৰিবলে সংৰূপণ কৰিব পাৰি। কিম্বদন্তি BIOS প্ৰণয়নসমূহ যিসমূহৰ চিস্টেমসমূহ যি নতুন সংযুক্ত সম্প্ৰসাৰন কৰিব পৰা ফাৰ্মৱেৰ আন্তঃপৃষ্ঠ (UEFI) ব্যৱহাৰ কৰা নাছিল সেইসমূহত ডাঙৰ বিভাজনসমূহ ব্যৱহাৰ কৰাৰ পূৰ্ৱতে সীমিত ক্ষমতা।
আৰম্ভণি ramdisk নথিপত্ৰ
64-bit PowerPC and 64-bit IBM POWER ক্ৰম চিস্টেমসমূহত আৰম্ভণি ramdisk নথিপত্ৰক এতিয়া initrd.img নাম দিয়া হৈছে। পূৰ্বৰ উন্মোচনসমূহত, ইয়াক ramdisk.image.gz নাম দিয়া হৈছিল।
নেটৱাৰ্ক ইনস্টলৰ বাবে স্থিৰ IPv6 ঠিকনা সমৰ্থন
Red Hat Enterprise Linux 6.2 -ত, নেটাৱৰ্ক ইনস্টলসমূহৰ বাবে ipv6 বুট বিকল্পৰ বাবে এটা স্থিৰ IPv6 ঠিকনাক ধাৰ্য্য কৰিব পাৰি। ধাৰ্য্য কৰা ঠিকনা নিম্নলিখিত বিন্যাসৰ হব লাগিব:
<IPv6 address>[/<prefix length>]
এটা বৈধ IPv6 ঠিকনাৰ উদাহৰণ তেতিয়া 3ffe:ffff:0:1::1/128 হব। যদি উপসৰ্গক বাদ দিয়া হয়, 64 -ৰ মান ধৰি লোৱা হয়। ipv6 বুট বিকল্পৰ বাবে এটা স্থিৰ IPv6 ঠিকনা ধাৰ্য্য কৰায় ইতিমধ্যে অস্তিত্ববান dhcp আৰু auto প্ৰাচলসমূহ যাক ipv6 বুট বিকল্পৰ বাবে ধাৰ্য্য কৰিব পাৰি তাক পূৰ্ণ কৰে।

Chapter 3. কাৰনেল

Red Hat Enterprise Linux 6.2 -ত অহা কাৰনেলে Linux কাৰনেলৰ বাবে বহু শতক বাগ ঠিক কৰাসমূহ আৰু বৃদ্ধিসমূহ অন্তৰ্ভুক্ত কৰে। এই উন্মোচনৰ বাবে প্ৰতিটো ঠিক কৰা বাগ আৰু কাৰনেললে যোগ কৰা প্ৰতিটো বৃদ্ধিৰ বাবে, Red Hat Enterprise Linux 6.2 বিটা কাৰিকৰী টোকাসমূহ। -ৰ কাৰনেল অংশ চাওক।
অতিৰিক্ত নথিপত্ৰ প্ৰণালীসমূহত kexec kdump সমৰ্থন
Kdump (এটা kexec-ভিত্তিয় স্খলন ডাম্প কৰা পদ্ধতি) -এ এতিয়া Red Hat Enterprise Linux 6 -ত নিম্নলিখিত নথিপত্ৰ প্ৰণালীসমূহত কেন্দ্ৰ ডাম্প কৰা সমৰ্থন কৰে:
  • Btrfs (মন কৰিব যে এই নথিপত্ৰ প্ৰণালী এটা প্ৰযুক্তি পূৰ্বদৰ্শন)
  • ext4
  • XFS (মন কৰিব যে XFS এটা স্তৰ উৎপাদন আৰু এই বৈশিষ্ট সামৰ্থবান কৰিবলে ইনস্টল থাকিব লাগিব)
coretemp -ৰ সৈতে একত্ৰিত pkgtemp
pkgtemp মডিউলক coretemp মডিউলৰ সৈতে একত্ৰিত কৰা হৈছে। pkgtemp মডিউল এতিয়া স্খলিত। coretemp মডিউলে এতিয়া ই পূৰ্বতে সমৰ্থন কৰা সকলো বৈশিষ্ট লগতে বৈশিষ্টসমূহ যি pkgtemp মডিউলে সমৰ্থন কৰিছিল সমৰ্থন কৰে।
coretemp পূৰ্বতে কেৱল প্ৰতি কেন্দ্ৰ তাপমানসমূহ প্ৰদান কৰিছিল, যত pkgtemp মডিউলে CPU পেকেইজৰ তাপমানসমূহ প্ৰদান কৰিছিল। Red Hat Enterprise Linux 6.2 -ত, coretemp মডিউলে আপোনাক কেন্দ্ৰসমূহ, অকেন্দ্ৰ, আৰু পেকেইজটোৰ বাবে তাপমানসমূহ পঢ়াৰ অনুমতি দিয়ে।
এই মডিউলসমূহৰ যিকোনো এটা ব্যৱহাৰ কৰি যিকোনো স্ক্ৰিপ্ট সজোৱাটো উপদেশিত।
SCSI ড্ৰাইভাৰ queuecommand ফলনসমূহৰ লকবিহিন প্ৰেৰণ
Red Hat Enterprise Linux 6.2 -ত, SCSI মধ্য স্তৰে SCSI ড্ৰাইভাৰ queuecommand ফলনসমূহৰ বৈকল্পিক লকবিহিন প্ৰেৰণ সমৰ্থন কৰে।
ই আপস্ট্ৰিম SCSI লক পুশডাউন কমিটৰ এটা বেকপোৰ্ট। বেকপোৰ্টে Red Hat Enterprise Linux 6.0 আৰু Red Hat Enterprise Linux 6.1 -ৰ সৈতে বাইনাৰি সংগতি অব্যাহত ৰাখে। বাইনাৰি সংগতি অব্যাহত ৰাখিবলে সমতুল্য আপস্ট্ৰিম SCSI লক পুশডাউন পদ্ধতিৰ পৰা বিচলিত কৰাৰ প্ৰয়োজন হয়।
scsi_host_template গঠনত এটা পূৰ্বতে অব্যৱহৃত ফ্লেগক SCSI ড্ৰাইভাৰসমূহ দ্বাৰা SCSI মধ্যস্তৰলে ইংগিত কৰিবলে ব্যৱহাৰ কৰা হয় যে ড্ৰাইভাৰ queuecommand প্ৰেৰণ কৰা হব SCSI হস্ট বাচ লক ধৰি নথকাকে।
অবিকল্পিত ব্যৱহাৰ হল Scsi_Host লকক এটা ড্ৰাইভাৰ queuecommand প্ৰেৰণৰ সময়ত ধৰি ৰখা হব। scsi_host_template লকবিহিন বিটক scsi_host_alloc -ৰ আগত সংহতি কৰিলে ড্ৰাইভাৰ queuecommand ফলন Scsi_Host লক ধৰি নৰখাকে প্ৰেৰণ কৰা হব। এনে ক্ষেত্ৰত, যিকোনো লক সুৰক্ষাৰ বাবে প্ৰয়োজনীয় দায়িত্ব ড্ৰাইভাৰ queuecommand ক'ড পথত pushed down ঠেলি দিয়া হয়।
Red Hat Enterprise Linux 6.2 -ত লকবিহিন queuecommand ব্যৱহাৰ কৰিবলে আপডেইট কৰা SCSI ড্ৰাইভাৰসমূহ তলত তালিকাভুক্ত কৰা আছে:
  • iscsi_iser
  • be2iscsi
  • bnx2fc
  • bnx2i
  • cxgb3i
  • cxgb4i
  • fcoe (চফ্টৱেৰ fcoe)
  • qla2xxx
  • qla4xxx
ইথাৰনেট (FCoE) লক্ষ্য অৱস্থাৰ উপৰেদি ফাইবাৰ চেনেলৰ বাবে সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ ইথাৰনেট (FCoE) লক্ষ্য অৱস্থাৰ উপৰেদি ফাইবাৰ চেনেলৰ বাবে সমৰ্থন, এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে অন্তৰ্ভুক্ত কৰে। এই কাৰনেল বৈশিষ্ট targetadmin -ৰে সংৰূপণ কৰিব পাৰি, fcoe-target-utils পেকেইজ দ্বাৰা প্ৰদান কৰা। FCoE -ক এটা নেটৱাৰ্ক সমৰ্থন কৰা তথ্য কেন্দ্ৰ ব্ৰিজিং (DCB) -ত ব্যৱহাৰ কৰাৰ বাবে ৰূপাঙ্কণ কৰা হৈছে। ততোধিক বিৱৰণ dcbtool(8) আৰু targetadmin(8) man পৃষ্ঠাসমূহত উপলব্ধ।

গুৰুত্বপূৰ্ণ

এই বৈশিষ্টয় নতুন SCSI লক্ষ্য স্তৰ ব্যৱহাৰ কৰে, যি এই প্ৰযুক্তি পূৰ্বদৰ্শনৰ অধিনত আহে, আৰু FCoE লক্ষ্য সমৰ্থনৰ পৰা সূকীয়াকে ব্যৱহাৰ কৰিব নালাগিব। এই পেকেইজে AGPL অনুজ্ঞা অন্তৰ্ভুক্ত কৰে।
crashkernel=auto বুট প্ৰাচলৰ বাবে সমৰ্থন
Red Hat Enterprise Linux 6.1 -ত, BZ#605786 -ৰ সৈতে, crashkernel=auto বুট প্ৰাচল স্খলিত আছিল। যি কি নহওক, Red Hat Enterprise Linux 6.2 -ত, crashkernel=auto -ৰ বাবে সমৰ্থন সকলো Red Hat Enterprise Linux 6 চিস্টেমসমূহত অব্যাহত ৰখা হৈছে।
ব্যৱহাৰকাৰী স্থানত MD RAID -ৰ বাবে সমৰ্থন
এৰে স্বচালিত-পুনৰনিৰ্মাণ, RAID স্তৰ প্ৰব্ৰজনসমূহ, RAID 5 সমৰ্থন সীমা, আৰু SAS-SATA ড্ৰাইভ ৰমিং সমৰ্থন কৰিবলে mdadm আৰু mdmon সঁজুলিসমূহ আপডেইট কৰা হৈছে।
ফ্লাশ অনুৰোধ একত্ৰকৰণ
Red Hat Enterprise Linux 6.2 -এ ডিভাইচসমূহ যি এটা ফ্লাশ পৰিৱেশন কৰিবলে লেহেম সেইসমূহক সহায় কৰিবলে ফ্লাশ অনুৰোধসমূহৰ একত্ৰিকৰণ সমৰ্থন কৰে।
UV2 হাব সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ UV2 হাব সমৰ্থন যোগ কৰে। UV2 হল UVHub চিপ যি বৰ্তমান UV1 হাব চিপৰ উত্তৰাধিকাৰী। UV2 -এ HARP হাব চিপ ব্যৱহাৰ কৰে যাৰ বৰ্তমানে উন্নয়ন চলি আছে। UV2 -এ নতুন Intel চকেটসমূহৰ বাবে সমৰ্থন প্ৰদান কৰে। ই পৰিৱেশন উন্নত কৰিবলে নতুন বৈশিষ্টসমূহ প্ৰদান কৰে। UV2 -ক এটা SSI -ত ৬৪ TB মেমৰি সমৰ্থন কৰাৰ বাবে ৰূপাঙ্কণ কৰা হৈছে। অতিৰিক্তভাৱে, ন'ড নিয়ন্ত্ৰক MMRসমূহক UV চিস্টেমসমূহৰ বাবে আপডেইট কৰা হৈছে।
acpi_rsdp বুট প্ৰাচল
Red Hat Enterprise Linux 6.2 -এ এটা ACPI RSDP ঠিকনা প্ৰেৰণ কৰিবলে kdump -ৰ বাবে বুট প্ৰাচল উন্মোচন কৰিছে, যাতে kdump কাৰনেল EFI (প্ৰসাৰিত ফাৰ্মৱেৰ আন্তঃপৃষ্ঠ) -ৰ অবিহনে বুট হব পাৰে।
QETH ড্ৰাইভাৰ উন্নয়নসমূহ
QETH নেটৱাৰ্ক ডিভাইচ ড্ৰাইভাৰলে নিম্নলিখিত সম্প্ৰসাৰণসমূহ যোগ কৰা হৈছে:
  • af_iucv HiperSockets পৰিৱহনৰ বাবে সমৰ্থন
  • বলৱৎ সংকেত এডাপ্টাৰ ইংগিতসমূহৰ বাবে সমৰ্থন
  • সংৰক্ষণ খণ্ডসমূহৰ অসংমিহলিত প্ৰেৰণৰ বাবে সমৰ্থন
  • DASD ড্ৰাইভাৰলে কেচা ECKD অভিগমৰ বাবে সমৰ্থন
  • if_ether মডিউললে নতুন ইথাৰনেট প্ৰটোকল ID যোগ কৰা হল
CPACF এলগৰিথমসমূহ
নতুন CPACF (ক্ৰিপ্টোগ্ৰাফীয় ফলনৰ বাবে CP সহায়) এলগৰিথমসমূহৰ বাবে সমৰ্থন, IBM zEnterprise 196 দ্বাৰা সমৰ্থিত, যোগ কৰা হৈছে। নতুন হাৰ্ডৱেৰ ত্বৰিৎ এলগৰিথমসমূহ হল:
  • AES -ৰ বাবে CTR অৱস্থা
  • DES আৰু 3DES -ৰ বাবে CTR অৱস্থা
  • চাবি দৈৰ্ঘ্য ১২৮ আৰু ২৫৬ বিটসমূহৰ সৈতে AES -ৰ বাবে XTS অৱস্থা
  • GCM অৱস্থাৰ বাবে GHASH বাৰ্তা ডাইজেস্ট
Red Hat Enterprise Linux 6.2 -এ pci=realloc কাৰনেল প্ৰাচলৰে চুক্তিবদ্ধ সম্পদ-পুনৰআবন্টন সমৰ্থন কৰে। এই বৈশিষ্টয় কোনো অৱনতি নকৰাকে এটা চলমান পুনৰআবন্টন pci সম্পদ যোগ কৰাৰ এটা অন্তৱৰ্তীকালীন সমাধান প্ৰদান কৰে। ই অবিকল্পিতভাৱে চলমান পুনৰআবন্টন অসামৰ্থবান কৰে, কিন্তু ইয়াক pci=realloc কাৰনেল কমান্ড শাৰী প্ৰাচলৰ সৈতে সামৰ্থবান কৰাৰ ক্ষমতা যোগ কৰে।
PCI উন্নতিসমূহ
চলমান পুনৰআবন্টন অবিকল্পিতভাৱে অসামৰ্থবান কৰা আছে। ইয়াক pci=realloc কাৰনেল কমান্ড শাৰী প্ৰাচলৰ সৈতে সামৰ্থবান কৰিব পাৰি। অতিৰিক্তভাৱে, ব্ৰিজ সম্পদসমূহক PCI assign unassigned কলত ডাঙৰ বিস্তাৰসমূহ প্ৰদান কৰিবলে আপডেইট কৰা হৈছে।
SMEP
Red Hat Enterprise Linux 6.2 -এ কাৰনেলত SMEP (পৰ্যবেক্ষণ অৱস্থা প্ৰেৰণ সুৰক্ষা) সামৰ্থবান কৰে। SMEP -এ এটা বলৱৎকৰণ পদ্ধতি প্ৰদান কৰে, চিস্টেমক এটা প্ৰয়োজনীয়তা সংহতি কৰাৰ অনুমতি দি যাক পৰ্যবেক্ষণ অৱস্থাত থাকোতে ব্যৱহাৰকাৰী পৃষ্ঠাসমূহৰ পৰা প্ৰেৰণ কৰাটো সংকল্পিত নহয়। এই প্ৰয়োজনক তাৰ পিছত CPU বলৱৎ কৰা হয়। এই বৈশিষ্টয় CPU পৰ্যবেক্ষণ অৱস্থাত থকাত ব্যৱহাৰকাৰী অৱস্থা পৃষ্ঠাসমূহৰ পৰা প্ৰেৰণ কৰা চিস্টেম ক'ডৰ অসুৰক্ষিতাৰ নিৰ্বিশেষে সকলো আক্ৰমণ প্ৰতিৰোধ কৰিবলে সক্ষম।
প্ৰসাৰিত দ্ৰুত স্ট্ৰিং নিৰ্দেশসমূহ
শেহতীয়া Intel প্লেটফৰ্মৰ বাবে প্ৰসাৰিত দ্ৰুত স্ট্ৰিং REP MOVSB/STORESB নিৰ্দেশসমূহৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
USB 3.0 xHCI
USB 3.0 xHCI হস্ট কাষ ড্ৰাইভাৰক বিভাজন-হাব সমৰ্থন যোগ কৰাৰ বাবে আপডেইট কৰা হৈছে, এটা USB 3.0 ৰুটহাব আৰু এটা USB 2.0 ৰুটহাবক ৰেজিস্টাৰ কৰি xHCI হস্ট নিয়ন্ত্ৰকক এটা বহিৰ্তম USB 3.0 হিচাপে অভিনয় কৰিবলে অনুমতি দি।
ACPI, APEI, আৰু EINJ প্ৰাচল সমৰ্থন
ACPI, APEI, আৰু EINJ প্ৰাচল সমৰ্থন এতিয়া অবিকল্পিতভাৱে অসামৰ্থবান কৰা হৈছে।
pstore
Red Hat Enterprise Linux 6.2 -এ pstore—প্লেটফৰ্ম নিৰ্ভৰিত স্থিৰ সংৰক্ষণৰ বাবে এটা নথিপত্ৰ প্ৰণালী আন্তঃপৃষ্ঠৰ বাবে সমৰ্থন যোগ কৰে।
PCIe AER ত্ৰুটি তথ্য প্ৰিন্টিং
printk ভিত্তিয় APEI (ACPI প্লেটফৰ্ম ত্ৰুটি আন্তঃপৃষ্ঠ) হাৰ্ডৱেৰ ত্ৰুটি সংবাদনৰ বাবে সমৰ্থন যোগ কৰা হৈছে, বিভিন্ন উৎসৰ পৰা ত্ৰুটিসমূহ একত্ৰিত কৰি চিস্টেম কনচৌললে প্ৰেৰণ কৰাৰ এটা পদ্ধতি প্ৰদান কৰাকৈ।
ioatdma ড্ৰাইভাৰ
ioatdma ড্ৰাইভাৰ (dma ইজ্ঞীন ড্ৰাইভাৰ) -ক এটা dma ইজ্ঞীনৰ সৈতে Intel প্ৰচেছৰসমূহ সমৰ্থন কৰাৰ বাবে আপডেইট কৰা হৈছে।
8250 PCI ক্ৰমিক ড্ৰাইভাৰ
8250 PCI ক্ৰমিক ড্ৰাইভাৰলে Digi/IBM PCIe 2-port Async EIA-232 এডাপ্টাৰৰ বাবে সমৰ্থন যোগ কৰা হৈছে। অতিৰিক্তভাৱে, Digi/IBM PCIe 2-port Async EIA-232 এডাপ্টাৰৰ বাবে EEH (প্ৰসাৰিত ত্ৰুটি নিয়ন্ত্ৰণ) সমৰ্থন 8250 PCI ক্ৰমিক ড্ৰাইভাৰলে যোগ কৰা হৈছে।
ARI সমৰ্থন
ARI (বিকল্প ৰুটিং-ID অনুবাদ) সমৰ্থন, এটা PCIe v2 বৈশিষ্ট, Red Hat Enterprise Linux 6.2 -ত আছে।
PCIe OBFF
PCIe OBFF (অনুকূলীত বাফাৰ ফ্লাশ/ফিল) সামৰ্থবান/অসামৰ্থবান সমৰ্থন Intel -ৰ শেহতীয়া প্লেটফৰ্মৰ বাবে যোগ কৰা হৈছে। OBFF -এ বাধাসমূহ আৰু মেমৰি কাৰ্য্য আৰু সিহতৰ ত্ৰাস পোৱা শক্তি প্ৰভাৱৰ উপৰত তথ্যৰ সৈতে ডিভাইচসমূহ প্ৰদান কৰে, শেষত উৰ্জা দক্ষতা উন্নতি কৰি।
NVRAM -লে oops/panic সংবাদসমূহ প্ৰাপ্ত কৰক
Red Hat Enterprise Linux 6.2 -ত, কাৰনেলক dmesg বাফাৰৰ পৰা কাৰনেল oops/panic সংবাদসমূহ PowerPC স্থাপত্যসমূহত NVRAM লে কৰগত কৰিবলে সামৰ্থবান কৰা হয়।
MXM ড্ৰাইভাৰ
MXM ড্ৰাইভাৰ, NVIDIA প্লেটফৰ্মসমূহত চুইচ কৰা গ্ৰাফিক্সসমূহ নিয়ন্ত্ৰণ কৰিবলে, Red Hat Enterprise Linux 6.2 -লে বেকপোৰ্ট কৰা হৈছে।
পৃষ্ঠা coalescing
Red Hat Enterprise Linux 6.2 -এ পৃষ্ঠা coalescing উন্মোচন কৰে, IBM Power চাৰ্ভাৰসমূহত এটা বৈশিষ্ট যি যৌক্তিক বিভাজনসমূহৰ মাজত একেধৰণৰ পৃষ্ঠাসমূহ coalescing কৰাৰ অনুমতি দিয়ে।
L3 ক্যাশ বিভাজন
L3 ক্যাশ বিভাজন প্ৰক্ৰিয়াৰ বাবে সমৰ্থন শেহতীয়া AMD পৰিয়াল CPUসমূহলে যোগ কৰা হৈছে।
thinkpad_acpi মডিউল
thinkpad_acpi মডিউলক নতুন ThinkPad আৰ্হিসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
C-অৱস্থা সমৰ্থন
intel_idle -লে শেহতীয়া Intel প্ৰচেছৰ C-অৱস্থা সমৰ্থন যোগ কৰা হৈছে।
IOMMU সতৰ্কবাৰ্তাসমূহ
Red Hat Enterprise Linux 6.2 -এ এতিয়া AMD চিস্টেমসমূহত IOMMU (ইনপুট/আউটপুট মেমৰি ব্যৱস্থাপনা সন্থা) -ৰ বাবে সতৰ্কবাৰ্তাসমূহ প্ৰদৰ্শন কৰে।
বুটৰ সময়ত dmesg লে লগিং
বুটৰ সময়ত dmesg লে বৰ্ড, চিস্টেম, আৰু BIOS তথ্যৰ লগিং যোগ কৰা হৈছে।
IBM PowerPC সমৰ্থন
cputable প্ৰবিষ্টিসমূহ কাৰনেলে যোগ কৰা হৈছে, শেহতীয়া IBM PowerPC প্ৰচেছৰ পৰিয়াললে সমৰ্থন প্ৰদান কৰাকৈ।
VPHN
IBM System p -ত VPHN (ভাৰছুৱেল প্ৰচেছৰ ঘৰ ন'ড) বৈশিষ্ট অসামৰ্থবান কৰা হৈছে।
শেহতীয়া Intel চিপচেট দ্বাৰা সমৰ্থিত ড্ৰাইভাৰসমূহ
নিম্নলিখিত ড্ৰাইভাৰসমূহক এতিয়া শেহতীয়া Intel চিপচেট দ্বাৰা সমৰ্থন কৰা হয়।
  • i2c-i801 SMBus ড্ৰাইভাৰ
  • ahci AHCI-mode SATA
  • ata_piix IDE-অৱস্থা SATA ড্ৰাইভাৰ
  • TCO Watchdog ড্ৰাইভাৰ
  • LPC নিয়ন্ত্ৰক ড্ৰাইভাৰ
exec-shield
IBM PowerPC চিস্টেমসমূহত, sysctl অথবা /proc/sys/kernel/exec-shield প্ৰাচলত exec-shield মান আৰু বলৱৎ কৰা নহয়।
PPC64 -ত kdump
64-bit PowerPC আৰু 64-bit IBM POWER ক্ৰম চিস্টেমসমূহত kdump সমৰ্থনৰ বাবে অতিৰিক্ত নিৰীক্ষণসমূহ আৰু ঠিক কৰাসমূহ যোগ কৰা হৈছে।
UV MMTIMER মডিউল
UV MMTIMER মডিউল (uv_mmtimer) SGI প্লেটফৰ্মসমূহত সামৰ্থবান কৰা হৈছে। uv_mmtimer মডিউলে UV চিস্টেমসমূহৰ প্ৰকৃত সময় ঘড়ি যি সকলো হাবত সংমিহলিত তালৈ প্ৰত্যক্ষ ব্যৱহাৰকাৰীভূমী অভিগমৰ অনুমতি দিয়ে।
IB700 মডিউল
Red Hat Enterprise Linux 6.2 -ত IB700 মডিউলৰ বাবে সমৰ্থন
PCIe AER মাস্ক ৰেজিস্টাৰসমূহ অভাৰৰাইড কৰক
aer_mask_override মডিউল প্ৰাচল যোগ কৰা হৈছে, এটা PCI ডিভাইচৰ বাবে শুদ্ধ অথবা ভূল মাস্কসমূহ অভাৰৰাইড কৰাৰ এটা পদ্ধতি প্ৰদান কৰাকৈ। মাস্কৰ aer_inject() ফলনলে প্ৰেৰণ কৰা অৱস্থাৰ সৈতে প্ৰাসংগিক বিটটো থাকিব।
PPC64 -ত USB 3.0 হস্ৰ নিয়ন্ত্ৰক সমৰ্থন
64-bit PowerPC আৰু 64-bit IBM POWER ক্ৰম চিস্টেমসমূহলে USB 3.0 হস্ট নিয়ন্ত্ৰক সমৰ্থন যোগ কৰা হৈছে।
OOM কিলাৰ উন্নতিসমূহ
Red Hat Enterprise Linux 6.2 -লে এটা উন্নত আপস্ট্ৰিম OOM (মেমৰিৰ বাহিৰ) কিলাৰ প্ৰণয়ন বেকপোৰ্ট কৰা হৈছে। উন্নতিসমূহ অন্তৰ্ভুক্ত কৰে:
  • প্ৰক্ৰিয়াসমূহ যি প্ৰস্থান কৰিব লৈছে OOM কিলাৰ দ্বাৰা পছন্দ কৰা হয়।
  • OOM কিল প্ৰক্ৰিয়ায় লগতে নিৰ্বাচিত প্ৰক্ৰিয়াসমূহৰ সন্তানকো কিল কৰে।
  • forkbomb প্ৰক্ৰিয়াসমূহ কিল কৰিবলে হিউৰিস্টিক যোগ কৰা হৈছে।
oom_score_adj /proc টিউন কৰিব পৰা প্ৰাচলে প্ৰতিটো প্ৰক্ৰিয়াৰ oom_score_adj চলকত সংৰক্ষণ কৰা মান যোগ কৰে, যাক /proc সহায়ত সজাব পাৰি। ই প্ৰতিটো প্ৰক্ৰিয়াৰ ব্যৱহাৰকাৰী স্থানৰ OOM কিলাৰৰ আকৰ্ষণৰ বাবে সজোৱাৰ অনুমতি দিয়ে; ইয়াক -1000 -লে সংহতি কৰিলে OOM কিলসমূহ সম্পূৰ্ণভাৱে অসামৰ্থবান কৰা হব, যত ইয়াক +1000 -লে সংহতি কৰায় এই প্ৰক্ৰিয়াক OOM -ৰ প্ৰথম কিল হিচাপে চিহ্নিত কৰা।
নতুন প্ৰণয়নৰ বিষয়ত অধিক তথ্যৰ পাৰে, http://lwn.net/Articles/391222/ চাওক।
zram ড্ৰাইভাৰ\n
Red Hat Enterprise Linux 6.2 -এ এটা আপডেইটেড zram ড্ৰাইভাৰ (বৰ্গীয় RAM ভিত্তিয় সংকোচিত খণ্ড ডিভাইচসমূহ সৃষ্টি কৰে)।
taskstat সঁজুলি
Red Hat Enterprise Linux 6.2 -ত, কাৰনেলত taskstat সঁজুলি (ASET কাৰ্য্যসমূহ অৱস্থা প্ৰিন্ট কৰে) -ক ব্যৱহাৰ কৰিব লগিয়া top সঁজুলিৰ বাবে মাইক্ৰছেকেণ্ড CPU সময় গ্ৰেনুলাৰিটি প্ৰদান কৰি প্ৰসাৰিত কৰা হৈছে।
perf সঁজুলি
Red Hat Enterprise Linux 6.2 -এ perf সঁজুলিক আপস্ৰিম সংস্কৰণ 3.1 -লে কাৰনেল আপগ্ৰেইড v 3.1 -ৰ সৈতে আপডেইট কৰে। perf সঁজুলি দ্বাৰা প্ৰদান কৰা নতুনকে সমৰ্থিত কাৰনেল বৈশিষ্টসমূহৰ বাবে BZ#725524 চাওক। perf সঁজুলিৰ আপডেইটেড সংস্কৰণে অন্তৰ্ভুক্ত কৰে:
  • cgroup সমৰ্থন যোগ কৰা হল
  • /proc/sys/kernel/kptr_restrict -ৰ নিয়ন্ত্ৰণ যোগ কৰা হল
  • অধিক ক্যাশ-বাদ শতাংশ প্ৰিন্টআউটসমূহ যোগ কৰা হল
  • অধিক CPU ঘটনাসমূহ দেখাবলে -d -d আৰু -d -d -d বিকল্পসমূহ যোগ কৰা হল
  • --sync/-S বিকল্প যোগ কৰা হল
  • PERF_TYPE_RAW প্ৰাচলৰ বাবে সমৰ্থন যোগ কৰা হল
  • -f/--fields বিকল্পৰ বাবে অধিক তথ্যচিত্ৰ যোগ কৰা হল
  • python বান্ধণী সমৰ্থনৰ বাবে python-perf পেকেইজ যোগ কৰা হৈছে।
OProfile সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ শেহতীয়া Intel প্ৰচেছৰসমূহৰ বাবে OProfile সমৰ্থন যোগ কৰে।
IRQ গণনা
বাধা অনুৰোধসমূহৰ সংখ্যা (IRQ) এতিয়া এটা সকলো irq -ৰ যোগফল কাউন্টাৰত গণনা কৰা হয়, /proc/stat নথিপত্ৰত চোৱাৰ দাম কম কৰাকৈ।
সূচক উন্নতি
Red Hat Enterprise Linux 6.2 -এ এটা সূচক উন্নতি উন্মোচন কৰে যত সূচকক নিদ্ৰা আৰু প্ৰিমপ্ট পথত পৰৱৰ্তী সমনীয়া হিন্টত এটা হিন্ট প্ৰদান কৰা হয়। এই হিন্ট/প্ৰসাৰন -এ বহু কাৰ্য্য দলসমূহত বহু কাৰ্য্যৰ কাৰ্য্যভাৰত সহায় কৰে।
স্বচ্ছ বৃহত পৃষ্ঠা উন্নয়ন
Red Hat Enterprise Linux 6.2 -ত, স্বচ্ছ বৃহত পৃষ্ঠাসমূহক এতিয়া কাৰনেলৰ বহুতো অংশত সমৰ্থন কৰা হয়:
  • mremap, mincore, আৰু mprotect -ৰ চিস্টেম কলসমূহ
  • /proc টিউন কৰিব পৰা প্ৰাচলসমূহ: /proc/<pid>/smaps আৰু /proc/vmstat
অতিৰিক্তভাৱে, স্বচ্ছ বৃহত পৃষ্ঠাসমূহে কিছুমান সংকোচন উন্নতিসমূহ যোগ কৰে।
XTS AES256 স্ব-পৰিক্ষাসমূহ
Red Hat Enterprise Linux 6.2 -এ FIPS-140 প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণ কৰিবলে XTS (XEX-ভিত্তিয় Tweaked CodeBook) AES256 স্ব-পৰিক্ষণসমূহ যোগ কৰে।
SELinux নেটপৰিস্ৰাৱক পেকেট ড্ৰপসমূহ
পূৰ্ৱতে, SELinux নেটপৰিস্ৰাৱক হুকসমূহে NF_DROP ঘুৰাই পঠাইছিল যদি সিহতে এটা পেকেট ড্ৰপ কৰিছিল। Red Hat Enterprise Linux 6.2 -ত, নেটপৰিস্ৰাৱক হুকসমূহত এটা ড্ৰপক এটা স্থায়ী মাৰাত্মক ত্ৰুটি হিচাপে ইংগিত কৰা হয় আৰু ই অস্থায়ী নহয়। এনে কৰিলে, ত্ৰুটিক স্টেকৰ উপৰফালে প্ৰেৰণ কৰা হয়, আৰু কিছুমান স্থানত অনুপ্ৰয়োগসমূহে অধিক দ্ৰুত ভাৱবিনিময় পাব যেতিয়া কিবা এটা ভুল হয়।
LSM হুক
Red Hat Enterprise Linux 6.2 -ত, remount মাউন্ট বিকল্পসমূহ (mount -o remount) এটা নতুন LSM হুকলে প্ৰেৰণ কৰা হয়।
UEFI চিস্টেমসমূহৰ বাবে অবিকল্পিত অৱস্থা
Red Hat Enterprise Linux 6.0 আৰু 6.1 UEFI চিস্টেমসমূহক এটা ভৌতিক ঠিকনা অৱস্থাত চলাবলে অবিকল্পিত। Red Hat Enterprise Linux 6.2 UEFI চিস্টেমসমূহক এটা ভাৰছুৱেল ঠিকনা অৱস্থাত চলাবলে অবিকল্পিত। পূৰ্ব আচৰণক physefi কাৰনেল প্ৰাচল প্ৰেৰণ কৰি প্ৰাপ্ত কৰিব পাৰি।
SSH -ৰে kdump কৰাৰ অবিকল্পিত পদ্ধতি
Red Hat Enterprise Linux 6 -ত, SSH -ৰে kdump কৰাৰ অবিকল্পিত core_collector পদ্ধতি scp -ৰ পৰা makedumpfile -লে সলনি কৰা হৈছে, যি নেটৱাৰ্ক লিঙ্কৰে কপি কৰাৰ সময়ত কেন্দ্ৰ নথিপত্ৰৰ আকাৰ সৰু কৰাত সহায় কৰে, যাৰ ফলস্বৰূপ দ্ৰুত কপি হয়।
যদি আপোনাৰ পুৰনি সম্পূৰ্ণ আকাৰ কেন্দ্ৰ নথিপত্ৰৰ প্ৰয়োজন হয়, /etc/kdump.conf নথিপত্ৰত নিম্নলিখিত ধাৰ্য্য কৰক:
core_collector /usr/bin/scp

Chapter 4. সম্পদ ব্যৱস্থাপনা

Cgroups CPU আটাল বলৱৎকৰণ
Linux কাৰনেলত সম্পূৰ্ণভাৱে শুদ্ধ সূচক (CFS) এটা সমানুপাতিক অংশ সূচক যি কাৰ্য্যৰ প্ৰাথমিকতা/উজন অথবা কাৰ্য্যসমূহৰ দললে ধাৰ্য্য কৰা অংশসমূহৰ উপৰত নিৰ্ভৰ কৰি CPU সময়ক সমানুপাতিকভাৱে কাৰ্য্যসমূহৰ দলৰ মাজত বিতৰন কৰে। CFS -ত, এটা কাৰ্য্য দলে ইয়াৰ CPU অংশতকে অধিক পাব পাৰে যদি চিস্টেম পৰ্যাপ্ত অলস CPU চক্ৰ উপলব্ধ থাকে, সূচকৰ কাম সংৰক্ষণ স্বভাৱৰ বাবে।
যি কি নহওক প্ৰতিষ্ঠান পৰিপ্ৰেক্ষতিতসমূহ তলত তালিকাভুক্ত কৰা আছে, যত এটা কাৰ্য্য দললে পছন্দৰ CPU অংশতকে অধিক দিয়া গ্ৰহণযোগ্য নহয়।
প্ৰতি-ব্যৱহাৰ-দাম
প্ৰতিষ্ঠান চিস্টেমসমূহ যি বহু গ্ৰাহকৰ প্ৰয়োজন সম্পূৰ্ণ কৰে, cloud সেৱা প্ৰদানকাৰীসমূহক সেৱা স্তৰৰ উপৰত ভিত্তি কৰি ভাৰছুৱেল অতিথিলে এটা নিৰ্দিষ্ট CPU সময় ধাৰ্য্য কৰিব লাগিব।
সেৱা স্তৰ প্ৰত্যাভূতীসমূহ
গ্ৰাহকে প্ৰতিটো ভাৰছুৱেল অতিথিৰ বাবে সেৱাৰ বাধা নহোৱাকে CPU সম্পদৰ এটা অংশ বিচাৰে।
এই পৰিপ্ৰেক্ষতিতসমূহত, সূচকৰ এটা কাৰ্য্য দলত CPU সম্পদ উপভোগত এটা কঠিন বন্ধ স্থাপন কৰিব লাগিব যদি ই এটা পূৰ্বনিৰ্ধাৰিত সীমা অতিক্ৰম কৰে। ইয়াক সাধাৰণত কাৰ্য্য দল যেতিযা ই সম্পূৰ্ণভাৱে ইয়াৰ আবন্টিত CPU সময় উপভোগ কৰে তেতিয়া ইয়াক জেকাই প্ৰাপ্ত কৰা হয়।
cgroups CPU আটাল বলৱৎকৰণক Red Hat Enterprise Linux বৈশিষ্ট দললে এটা গুৰুত্বপূৰ্ণ যোগ হিচাপে ধৰা হয়, উপৰত তালিকাভুক্ত ব্যৱহাৰ ক্ষেত্ৰৰ বাবে। CPU আটাল বলৱৎকৰণক Xen -ত Credit সূচক দ্বাৰা, আৰু লগতে VMware ESX সূচকত প্ৰদান কৰা হয়।
SMP চিস্টেমসমূহত Cgroups CPU নিয়ন্ত্ৰক স্কেলেবিলিটি উন্নয়ন
বাকচৰ বাহিৰ Red Hat Enterprise Linux 6 সমৰ্থিত cgroups, আৰু libvirt প্ৰতি অতিথি আৰ্হি এটা cgroups সৃষ্টি কৰিছিল। ডাঙৰ SMP চিস্টেমসমূহত, cgroups -ৰ সংখ্যাৰ বৃদ্ধিয়ে পৰিৱেশন আৰু বেয়া কৰিছে। যি কি নহওক, Red Hat Enterprise Linux 6.2 -ত, cgroups CPU স্কেলেবিলিটিক বিশেষভাৱে উন্নত কৰা হৈছে, যাৰ ফলত কেইবা শতক cgroups -ক কোনো পৰিৱেশন বাধা নহোৱাকে একে সময়তে চলোৱা সম্ভব হৈছে।
স্কেলেবিলিটি উন্নয়নৰ অতিৰিক্তে, এটা /proc টিউন কৰিব পৰা প্ৰাচল, dd sysctl_sched_shares_window, যোগ কৰা হৈছে, অবিকল্পিতক 10 ms লে সংহতি কৰাকে।
Cgroups I/O নিয়ন্ত্ৰক পৰিৱেশন উন্নতি
cgroups I/O নিয়ন্ত্ৰক ৰূপাঙ্কণক I/O নিয়ন্ত্ৰকৰ ভিতৰৰ লকসমূহৰ ব্যৱহাৰ কমাবলে উন্নত কৰা হৈছে, যাৰ ফলত পৰিৱেশন উন্নত হৈছে। লগতে, I/O নিয়ন্ত্ৰকে এতিয়া প্ৰতি cgroup পৰিসংখ্যা সমৰ্থন কৰে।
Cgroups মেমৰি নিয়ন্ত্ৰক পৰিৱেশন উন্নতি
Red Hat Enterprise Linux 6.2 -এ page_cgroup এৰেৰ বাবে আবন্টন অভাৰহেড ৩৭% ত্ৰাস কৰি মেমৰি নিয়ন্ত্ৰকৰ উপৰত মেমৰি ব্যৱহাৰ অভাৰহেড উন্নতি উন্মোচন কৰে। অতিৰিক্তভাৱে, প্ৰত্যক্ষ page_cgroup-to-page পোইন্টাৰ আতৰোৱা হৈছে, মেমৰি নিয়ন্ত্ৰকৰ পৰিৱেশন উন্নত কৰি।
CFQ group_isolation চলকৰ বাবে অবিকল্পিত মান
CFQ -ৰ group_isolation চলকৰ বাবে অবিকল্পিতক 0 -ৰ পৰা 1 (/sys/block/<device>/queue/iosched/group_isoaltion) -লে সলনি কৰা হৈছে। বহু পৰিক্ষণ আৰু বহু ব্যৱহাৰকাৰী সংবাদৰ পিছত, পোৱা গল যে অবিকল্পিত 1 থকাটো অধিক উপযোগি। যেতিয়া 0 -লে সংহিত, সকলো I/O দল শাৰীসমূহ ৰুট cgroup -ৰ এটা অংশ হয় আৰু প্ৰকৃত cgroup -ৰ নহয় যাৰ অনুপ্ৰয়োগ এটা অংশ। ফলস্বৰূপ, ই অনুপ্ৰয়োগসমূহৰ বাবে কোনো সেৱা পাৰ্থক্য নাৰাখে।

ততোধিক পঢ়া

সম্পদ ব্যৱস্থাপনা আৰু নিয়ন্ত্ৰণ দলসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6.2 সম্পদ ব্যৱস্থাপনা সহায়ক চাওক।

Chapter 5. ডিভাইচ ড্ৰাইভাৰসমূহ

Emulex lpfc ড্ৰাইভাৰ
Emulex LPFC FC/FCoE ড্ৰাইভাৰৰ বাবে অবিকল্পিত বাধা সংৰূপ INT-X -ৰ পৰা MSI-X -লে সলনি কৰা হৈছে। ইয়াক \nlpfc_use_msi মডিউল প্ৰাচল (/sys/class/scsi_host/host#/lpfc_use_msi -ত) পূৰ্বৱৰ্তী 0 -ৰ পৰিৱৰ্তে, অবিকল্পিতভাৱে 2 লে সংহতি কৰাকে প্ৰতিফিত কৰা হয়। এই পৰিৱৰ্তনত অধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6.2 কাৰিকৰী টোকাসমূহ চাওক।
সংৰক্ষণ ড্ৰাইভাৰসমূহ
  • Emulex ফাইবাৰ চেনেল হস্ট বাচ এডাপ্টাৰসমূহৰ কাৰণে lpfc ড্ৰাইভাৰ সংস্কৰণ 8.3.5.45.2p ড্ৰাইভাৰলে আপডেইট কৰা হৈছে।
  • mptfusion ড্ৰাইভাৰ সংস্কৰণ 3.4.19 লে আপডেইট কৰা হৈছে।
  • Broadcom Netxtreme II 57712 চিপৰ বাবে bnx2fc -ক সংস্কৰণ 1.0.4 লে আপডেইট কৰা হৈছে।
  • QLogic ফাইবাৰ চেনেল HBAs -ৰ কাৰণে qla2xxx ড্ৰাইভাৰ সংস্কৰণ 8.03.07.05.06.2-k লে আপডেইট কৰা হৈছে।
  • megaraid ড্ৰাইভাৰ সংস্কৰণ v5.38 লে আপডেইট কৰা হৈছে।
  • Areca RAID নিয়ন্ত্ৰকসমূহৰ বাবে arcmsr ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • beiscsi ড্ৰাইভাৰ সংস্কৰণ 2.103.298.0 লে আপডেইট কৰা হৈছে।
  • IBM Power Linux RAID SCSI HBA সমূহৰ বাবে ipr ড্ৰাইভাৰ সংস্কৰণ 2.5.2 লে।
  • cciss -ক cciss ড্ৰাইভাৰ kdump ব্যৰ্থতাসমূহ ঠিক কৰিবলে উন্নত কৰা হৈছে।
  • hpsa -ক hpsa ড্ৰাইভাৰ kdump ব্যৰ্থতাসমূহ ঠিক কৰিবলে আপডেইট কৰা হৈছে।
  • Broadcom NetXtreme II iSCSI -ৰ বাবে bnx2i ড্ৰাইভাৰ বহু-পোৰ্ট এটা-চিপ 10G ইথাৰনেট কনভাৰ্জড নিয়ন্ত্ৰকসমূহৰ 578xx পৰিয়াল সমৰ্থন দিবলে সংস্কৰণ 2.7.0.3 লে আপডেইট কৰা হৈছে।
  • mpt2sas ড্ৰাইভাৰ সংস্কৰণ 09.101.00.00 লে আপডেইট কৰা হৈছে।
  • Brocade BFA FC SCSI driver (bfa ড্ৰাইভাৰ) সংস্কৰণ 2.3.2.4 লে আপডেইট কৰা হৈছে।
  • ServerEngines BladeEngine 2 মুক্ত iSCSI ডিভাইচসমূহৰ কাৰণে be2iscsi ড্ৰাইভাৰ সংস্কৰণ 4.0.160r লে আপডেইট কৰা হৈছে।
  • ata_generic ড্ৰাইভাৰ Intel IDE-R ATA সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • isci ড্ৰাইভাৰ সংস্কৰণ 2.6.40-rc লে আপডেইট কৰা হৈছে।
  • libfc, libfcoe, আৰু fcoe ড্ৰাইভাৰসমূহ আপডেইট কৰা হল।
  • qib ড্ৰাইভাৰ TrueScale HCA আপডেইট কৰা হল।
  • উন্নত ত্ৰুটি নিয়ন্ত্ৰণ অন্তৰ্ভুক্ত কৰিবলে libata মডিউল আপডেইট কৰা হৈছে।
  • md ড্ৰাইভাৰক dm-raid লক্ষ্য আপডেইট কৰিবলে অন্তৰ্ভুক্ত কৰা হৈছে, যি এটা DM আন্তঃপৃষ্ঠৰ যোগেদি উন্নত RAID ক্ষমতাসমূহ প্ৰদান কৰে। dm-raid ক'ড বৰ্তমানে এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে চিহ্নিত কৰা আছে।
  • ডিভাইচ মেপাৰ সমৰ্থন আপস্ট্ৰিম সংস্কৰণ 3.1+ লে আপডেইট কৰা হৈছে।
  • bsg/netlink আন্তঃপৃষ্ঠসমূহ ব্যৱহাৰ কৰা qla4xxx -ৰ বাবে অনুপ্ৰয়োগ সমৰ্থন যোগ কৰা হৈছে।
  • DIF/DIX কাৰনেল ক'ড শেহতীয়া আপস্ট্ৰিম সংস্কৰণলে আপডেইট কৰা হৈছে, scsi, block, আৰু dm/md -ৰ উপৰত প্ৰভাৱ পেলোৱাকে।
নেটৱাৰ্ক ড্ৰাইভাৰসমূহ
  • NetXen Multi port (1/10) Gigabit নেটৱাৰ্ক ডিভাইচসমূহৰ বাবে netxen ড্ৰাইভাৰ সংস্কৰণ 4.0.75 লে আপডেইট কৰা হৈছে।
  • vmxnet3 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • bnx2x ড্ৰাইভাৰ সংস্কৰণ v1.70 লে আপডেইট কৰা হৈছে।
  • ServerEngines BladeEngine 2 10Gbps নেটৱাৰ্ক ডিভাইচসমূহৰ কাৰণে be2net ড্ৰাইভাৰ সংস্কৰণ 4.0.100u লে আপডেইট কৰা হৈছে।
  • ixgbevf ড্ৰাইভাৰ সংস্কৰণ 2.1.0-k লে আপডেইট কৰা হৈছে।
  • Chelsio Terminator4 10G একত্ৰ তাঁৰ নেটৱাৰ্ক নিয়ন্ত্ৰকসমূহৰ কাৰণে cxgb4 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • নেটৱাৰ্ক ডিভাইচসমূহৰ Chelsio T3 পৰিয়ালৰ কাৰণে cxgb3 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • Intel 10 Gigabit PCI Express নেটৱাৰ্ক ডিভাইচসমূহৰ কাৰণে ixgbe ড্ৰাইভাৰ সংস্কৰণ 3.4.8-k লে আপডেইট কৰা হৈছে।
  • Intel PRO/1000 নেটৱাৰ্ক ডিভাইচসমূহৰ কাৰণে e1000e ড্ৰাইভাৰ সংস্কৰণ 1.3.16-k লে আপডেইট কৰা হৈছে।
  • Intel PRO/1000 নেটৱাৰ্ক ডিভাইচসমূহৰ কাৰণে e1000 ড্ৰাইভাৰ আপডেইট কৰা হৈছে, Marvell Alaska M88E1118R PHY -ৰ বাবে সমৰ্থন প্ৰদান কৰাকৈ।
  • e100 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • Cisco 10G ইথাৰনেট ডিভাইচসমূহৰ কাৰণে enic ড্ৰাইভাৰ সংস্কৰণ 2.1.1.24 লে আপডেইট কৰা হৈছে।
  • igbvf ড্ৰাইভাৰ সংস্কৰণ 2.0.0-k লে আপডেইট কৰা হৈছে।
  • Intel Gigabit ইথাৰনেট এডাপ্টাৰসমূহৰ কাৰণে igb ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • NetXtreme II 1 Gigabit ইথাৰনেট নিয়ন্ত্ৰকসমূহৰ বাবে bnx2 ড্ৰাইভাৰক সংস্কৰণ 2.1.6+ লে আপডেইট কৰা হৈছে।
  • Broadcom Tigon3 ইথাৰনেট ডিভাইচসমূহৰ কাৰণে tg3 ড্ৰাইভাৰ সংস্কৰণ 3.119 লে আপডেইট কৰা হৈছে।
  • HP NC-Series QLogic 10 Gigabit চাৰ্ভাৰ এডাপ্টাৰসমূহৰ বাবে qlcnic ড্ৰাইভাৰ সংস্কৰণ 5.0.16+ লে আপডেইট কৰা হৈছে।
  • bna ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • Rx চেকচাম অপল'ডিং প্ৰাসংগিক দুটা বাগ ঠিক কৰিবলে r8169 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • qlge ড্ৰাইভাৰ সংস্কৰণ v1.00.00.29 লে আপডেইট কৰা হৈছে।
  • cnic -ক বহু-পোৰ্ট এটা-চিপ 10G ইথাৰনেট কনভাৰ্জড নিয়ন্ত্ৰকসমূহৰ 578xx পৰিয়ালৰ বাবে iSCSI and FCoE সমৰ্থন, VLAN সমৰ্থন, আৰু নতুন bnx2x ফাৰ্মৱেৰ আন্তঃপৃষ্ঠ যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • iwl6000 আৰু iwlwifi -ক EEPROM সংস্কৰণ 0x423 -ৰ সৈতে আপডেইট কৰা হৈছে।
গ্ৰাফিক্স আৰু বিবিধ ড্ৰাইভাৰসমূহ
  • radeon ড্ৰাইভাৰক post-3.0 ঠিকসমূহৰ সৈতে আপডেইট কৰা হৈছে, বেকপোৰ্টেড drm/agp ক'ড সমৰ্থন কৰাকে।
  • nouveau আৰু i915 ড্ৰাইভাৰসমূহ আপডেইট কৰা হৈছে, বেকপোৰ্টেড drm/agp ক'ড অন্তৰ্ভুক্ত কৰাকে।
  • Ricoh মেমৰি স্টিক ড্ৰাইভাৰ (R5C592) -ক নতুন KFIFO অনুপ্ৰয়োগ প্ৰগ্ৰামিং আন্তঃপৃষ্ঠৰ সৈতে আপডেইট কৰা হৈছে।
  • netjet ড্ৰাইভাৰক Digium TDM400P PCI কাৰ্ড ব্লেকলিস্ট কৰাৰ বাবে আপডেইট কৰা হৈছে।
  • lm78 ড্ৰাইভাৰ আপডেইট কৰা হৈছে।
  • wacom ড্ৰাইভাৰক Cintiq 21UX2, Intuos4 WL, আৰু DTU-2231 এডাপ্টাৰ কাৰ্ডসমূহৰ বাবে সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • synaptics ড্ৰাইভাৰ বহু-স্পৰ্শ সমৰ্থন যোগ কৰিবলে আপডেইট কৰা হৈছে।
  • ALSA HDA অডিঅ' ড্ৰাইভাৰক নতুন চিপছেটসমূহ আৰু HDA অডিঅ' ক'ডেকসমূহৰ বাবে সমৰ্থন সামৰ্থবান অথবা উন্নত কৰিবলে আপডেইট কৰা হৈছে।
  • edac ড্ৰাইভাৰক AMD প্লেটফৰ্মসমূহৰ বাবে নতুন Northbridge চিপ সমৰ্থন কৰিবলে আপডেইট কৰা হৈছে।

Chapter 6. সংৰক্ষণ

SAS VRAID ফলনসমূহৰ বাবে iprutil সমৰ্থন
iprutils পেকেইজে ipr SCSI সংৰক্ষণ ডিভাইচ ড্ৰাইভাৰ দ্বাৰা সমৰ্থন কৰা SCSI ডিভাইচসমূহ ব্যৱস্থাপনা আৰু সংৰূপণ কৰিবলে সঁজুলিসমূহ প্ৰদান কৰে। iprutils পেকেইজক IBM POWER7 -ত নতুন ৬ GB SAS এডাপ্টাৰসমূহ সমৰ্থন কৰিবলে আপডেইট কৰা হৈছে।
LVM RAID সমৰ্থন
Red Hat Enterprise Linux 6.2 -ত, MD -ৰ RAID ব্যক্তিত্তসমূহৰ বাবে সমৰ্থন LVM -লে এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে যোগ কৰা হৈছে। নিম্নলিখিত সাধাৰণ বৈশিষ্টসমূহ উপলব্ধ: RAID যৌক্তিক আয়তনসমূহ সৃষ্টি কৰক, প্ৰদৰ্শন কৰক, পুনৰ নামাকৰন কৰক, ব্যৱহাৰ কৰক, আৰু আতৰাওক। স্বচালিত ত্ৰুটি সহ্যশক্তি এতিয়াও উপলব্ধ নহয়।
--type <segtype> তৰ্ক ধাৰ্য্য কৰি RAID যৌক্তিক আয়তনসমূহ সৃষ্টি কৰা সম্ভব। নিম্নলিখিত হল কিছুমান উদাহৰণ:
  • এটা RAID1 এৰে সৃষ্টি কৰক (ই LVM -ৰ mirror অংশ ধৰণতকে RAID1 -ৰ পৃথক প্ৰণয়ন):
    ~]# lvcreate --type raid1 -m 1 -L 1G -n my_lv my_vg
  • এটা RAID5 এৰে সৃষ্টি কৰক (৩ ৰেখা + ১ নিহিত পেৰিটি):
    ~]# lvcreate --type raid5 -i 3 -L 1G -n my_lv my_vg
  • এটা RAID6 এৰে সৃষ্টি কৰক (৩ ৰেখা + ২ নিহিত পেৰিটি):
    ~]# lvcreate --type raid6 -i 3 -L 1G -n my_lv my_vg
RDMA (iSER) আৰম্ভক আৰু লক্ষ্যৰ বাবে iSCSI সম্প্ৰসাৰণ
iSER আৰম্ভক আৰু লক্ষ্য এতিয়া সম্পূৰ্ণভাৱে সমৰ্থিত। উৎপাদন পৰিৱেশসমূহ যি InfiniBand ব্যৱহাৰ কৰে আৰু যত উচ্চ থ্ৰপুট আৰু নিম্ন লেটেন্সি হল মূখ্য প্ৰয়োজনীয়তা তাৰ Red Hat Enterprise Linux -এ এতিয়া এটা iSCSI আৰম্ভক আৰু সংৰক্ষণ চাৰ্ভাৰ হিচাপে কাৰ্য্য কৰিব পাৰে।
LVM ডিভাইচসমূহৰ বাবে কম সক্ৰিয় সময়সমূহ
LVM ডিভাইচসমূহক এতিয়া আগতকে সোনকালে সক্ৰিয় অথবা নিষ্ক্ৰিয় কৰিব পাৰি। ই উচ্চ-ঘনত্ব পৰিৱেশসমূহ যি LVM সংৰূপসমূহৰ এটা ডাঙৰ সংখ্যা অন্তৰ্ভুক্ত কৰে তাৰ লগত প্ৰাসংগিক। ইয়াৰ এটা উদাহৰণ হল এটা হস্ট যি বহু ভাৰছুৱেল অতিথি যাৰ প্ৰত্যাকটোৱে এটা বা অধিক যৌক্তিক আয়তনসমূহ ব্যৱহাৰ কৰে তাক সমৰ্থন কৰে।

Chapter 7. নথিপত্ৰ প্ৰণালী

XFS বঢ়োৱা
XFS নথিপত্ৰ প্ৰণালী বৰ্তমানে Red Hat Enterprise Linux 6 -ত সমৰ্থিত আৰু বহু ডাঙৰ নথিপত্ৰসমূহ আৰু এটা হস্টত নথিপত্ৰ প্ৰণালীসমূহৰ বাবে পৰ্যাপ্ত। অনুকলিত বেকআপ আৰু পুনৰ সংৰক্ষণ, প্ৰত্যক্ষ I/O আৰু নথিপত্ৰ প্ৰণালীৰ অনলাইন পুনৰ আকাৰ হল কিছুমান সুবিধা যি এই নথিপত্ৰ প্ৰণালীয়ে প্ৰদান কৰে।
XFS প্ৰণয়ন মেটাডাটা বিশেষ কামভাৰসমূহ অধিক ভালদৰে ব্যৱস্থাপনা কৰিবলে উন্নত কৰা হৈছে। এনে ধৰণৰ কামভাৰৰ এটা উদাহৰণ হল এটা ডাইৰেকটৰিত হাজাৰ সৰু নথিপত্ৰ অভিগম কৰা। এই বৃদ্ধিৰ আগত, মেটাডাটা প্ৰক্ৰিয়কৰণে এটা বাধা সৃষ্টি কৰিছিল আৰু এটা স্খলিত পৰিৱেশন প্ৰদান কৰিছিল। এই সমস্যা চাবলে মেটাডাটা লগিং বিলম্ব কৰাৰ এটা বিকল্প যোগ কৰা হৈছে যি পৰিৱেশনৰ এটা গুৰুত্বপূৰ্ণ পৰিৱেশন উন্নয়ন প্ৰদান কৰে। মেটাডাটৰ এই বিলম্ভিত লগিংৰ বাবে, XFS পৰিৱেশন এনেধৰণৰ কাৰ্য্যভাৰসমূহৰ বাবে ext4 -ৰ সমসাময়িক। বিলম্বিত লগিং ব্যৱহাৰ কৰিবলে অবিকল্পিত মাউন্ট বিকল্পসমূহ আপডেইট কৰা হৈছে।
সমান্তৰাল NFS
সমান্তৰাল NFS (pNFS) NFS v4.1 প্ৰামাণিকৰ এটা অংশ যি ক্লাএন্টসমূহক সংৰক্ষণ ডিভাইচসমূহ প্ৰত্যক্ষভাৱে আৰু সমান্তৰালভাৱে অভিগম কৰাৰ অনুমতি দিয়ে। pNFS স্থাপত্যয় আজিৰ দিনত মোতায়েন হোৱা NFS চাৰ্ভাৰসমূহৰ সৈতে জড়িত বঢ়োৱা আৰু পৰিৱেশন সমস্যাসমূহ আতৰায়।
pNFS -এ তিনিটা ভিন্ন সংৰক্ষণ প্ৰটোকল অথবা বিন্যাস: নথিপত্ৰসমূহ, অবজেক্টসমূহ আৰু খণ্ডসমূহ সমৰ্থন কৰে। Red Hat Enterprise Linux 6.2 NFS ক্লাএন্টে নথিপত্ৰসমূহ বিন্যাস প্ৰটোকল সমৰ্থন কৰে।
pNFS কাৰ্যকৰীতা স্বচালিতভাৱে সামৰ্থবান কৰিবলে, নিম্নলিখিত শাৰীৰ সৈতে /etc/modprobe.d/dist-nfsv41.conf নথিপত্ৰ সৃষ্টি কৰক আৰু চিস্টেম পুনৰাম্ভ কৰক:
এলিয়াচ nfs-layouttype4-1 nfs_layout_nfsv41_files
এতিয়া যেতিয়া -o minorversion=1 মাউন্ট বিকল্প ধাৰ্য্য কৰা হয়, আৰু চাৰ্ভাৰ pNFS সামৰ্থবান থাকে, pNFS ক্লাএন্ট ক'ড স্বচালিতভাৱে সামৰ্থবান থাকে।
এই বৈশিষ্ট এটা প্ৰযুক্তি পূৰ্বদৰ্শন। pNFS -ত অধিক তথ্যৰ বাবে, http://www.pnfs.com/ চাওক।
CIFS -ত অসংমিহলিত লিখনীসমূহ
CIFS (সাধাৰণ ইন্টাৰনেট নথিপত্ৰ প্ৰণালী) প্ৰটোকলে ভিন্ন অপাৰেটিং চিস্টেমসমূহত দূৰৱৰ্তী নথিপত্ৰসমূহ অভিগম কৰাৰ এটা সংযুক্ত পদ্ধতিৰ অনুমতি দিয়ে। CIFS ক্লাএন্টক পাৰম্পৰিকভাৱে কেৱল সংমিহলিক লিখনীসমূহৰ অনুমতি দিয়া হয়। ই বুজায় যে ক্লাএন্ট প্ৰক্ৰিয়ায় নিয়ন্ত্ৰণ ঘুৰাই নাপাব যেতিয়ালৈকে লিখনীসমূহ সফলভাৱে সম্পূৰ্ণ নহয়। ই ডাঙৰ লেন দেন সমূহ যি সম্পূৰ্ণ হবলে অধিক সময় লয় তাৰ বাবে পৰিৱেশনত ত্ৰাস প্ৰদান কৰে। CIFS ক্লাএন্টক ক্ৰমীয় লিখনীসমূহ বাবে অপেক্ষা নকৰাকে সমান্তৰালভাৱে তথ্য লিখিবলে আপডেইট কৰা হৈছে। এই পৰিৱৰ্তনে পৰিৱেশন উন্নয়নসমূহ ২০০ শতাংশ লৈকে বৃদ্ধি কৰে।
CIFS NTLMSSP প্ৰমাণীকৰণ
NTLMSSP প্ৰমাণীকৰণৰ বাবে সমৰ্থন এতিয়া CIFS লে যোগ কৰা হৈছে। অতিৰিক্তভাৱে, CIFS -এ এতিয়া কাৰনেলৰ ক্ৰিপ্টো API ব্যৱহাৰ কৰে।
autofs4 মডিউল
autofs4 মডিউল কাৰনেল সংস্কৰণ 2.6.38 লে আপডেইট কৰা হৈছে।
ext3 আৰু jbd -ৰ বাবে নিৰ্দিষ্ট ট্ৰেইচপইন্টসমূহ
ext3 আৰু jbd লে নিৰ্দিষ্ট ট্ৰেইচপইন্টসমূহ যোগ কৰা হৈছে।
উত্তমখণ্ডত মাউন্ট বিকল্পসমূহ
ext4, আৰু ইয়াৰ সঁজুলিসমূহ: tune2fs, debugfs, libext2fs -ত -o nobarrier মাউন্ট বিকল্পৰ বাবে সমৰ্থন, যোগ কৰা হৈছে।

Chapter 8. নেটৱাৰ্কিং

বহু-বাৰ্তা প্ৰেৰণ চিস্টেম কল
Red Hat Enterprise Linux 6.2 -এ উন্মোচন কৰিছে বহু-বাৰ্তা send চিস্টেম কল যি Red Hat Enterprise Linux 6 -ৰ স্থায়ী recvmmsg চিস্টেম কলৰ send সংস্কৰণ।
চিস্টেম কল sendmmsg চকেট API দেখাত এনেকুৱা হয়:
struct mmsghdr {
	struct msghdr	msg_hdr;
	unsigned	msg_len;
    };

ssize_t sendmmsg(int socket, struct mmsghdr *datagrams, int vlen, int flags);
সৰবৰাহ পেকেট স্টিয়াৰিং (XPS)
Red Hat Enterprise Linux 6.2 -এ বহুশাৰী ডিভাইচসমূহৰ বাবে সৰবৰাহ পেকেট স্টিয়াৰিং (XPS) অন্তৰ্ভুক্ত কৰে। XPS -এ বহুশাৰী ডিভাইচসমূহৰ বাবে পেকেট প্ৰেৰণ কৰাৰ বাবে জড়িত প্ৰচেছৰক বিশেষভাৱে লক্ষ্য কৰি নেটৱাৰ্ক পেকেটসমূহৰ অধিক কাৰ্য্যকৰী সৰবৰাহ উন্মোচন কৰে। XPS -এ সংৰূপৰ উপৰত ভিত্তি কৰি পেকেট সৰবৰাহৰ বাবে সৰবৰাহ শাৰীৰ নিৰ্বাচন সামৰ্থবান কৰে। ই Red Hat Enterprise Linux 6.1 -ত প্ৰণয়ন কৰা গ্ৰহণ-কাষ কাৰ্য্যকৰীতাৰ সমসাময়িক যি গ্ৰহণ শাৰী (RPS) -ৰ উপৰত ভিত্তি কৰি প্ৰচেছৰ নিৰ্বাচনৰ অনুমতি দিয়ে। XPS -এ থ্ৰপুটক ২০% -ৰ পৰা ৩০% লে উন্নত কৰা দেখাইছে।
ৰেজিস্টাৰ নকৰা দলসমূহৰ বাবে ট্ৰাফিক ফ্লাডিং
পূৰ্বতে, সকলো পোৰ্টলে দলসমূহ আনৰেজিস্টাৰ কৰিবলে ব্ৰিজে পেকেটসমূহ ফ্লাড কৰিছিল। যি কি নহওক, এই আচৰণ পৰিৱেশসমূহ যত আনৰেজিস্টাৰ দলসমূহৰ বাবে ট্ৰাফিক সদায় উপস্থিত তাৰ বাবে পছন্দৰ নহয়। Red Hat Enterprise Linux 6.2 -ত, ট্ৰাফিক কেৱল আনৰেজিস্টাৰ্ড দলসমূহলে ৰুটাৰসমূহ হিচাপে চিহ্নিত পোৰ্টসমূহলে পঠোৱা প্ৰেৰণ কৰা হয়। কোনো পোৰ্টলে ফ্লাডিং বলৱৎ কৰিবলে, সেই পোৰ্টক এটা ৰুটাৰ হিচাপে চিহ্নিত কৰক।
স্ট্ৰিম নিয়ন্ত্ৰণ সৰবৰাহ প্ৰটোকল (SCTP) বহুঘৰ সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ SCTP বহুঘৰ— -ৰ বাবে সমৰ্থন যোগ কৰে ন'ডসমূহৰ ক্ষমতা (মানে বহু-ঘৰ ন'ডসমূহ) বহু IP ঠিকনাসমূহৰ অন্তৰ্গত প্ৰাপ্ত কৰিবলে।
UDP পেকেট ড্ৰপ ঘটনাসমূহৰ বাবে ট্ৰেইচপোইন্টসমূহ
Red Hat Enterprise Linux 6.2 -ত, UDP পেকেট ড্ৰপ ঘটনাসমূহৰ বাবে অধিক ট্ৰেইচপোইন্টসমূহ যোগ কৰা হৈছে। এই ট্ৰেইচপোইন্টসমূহে UDP পেকেটসমূহ ড্ৰপ কৰাৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ এটা পদ্ধতি প্ৰদান কৰে।
IPSet
কাৰনেলৰ IPset বৈশিষ্টক বহু IP ঠিকনা অথবা পোৰ্ট নম্বৰসমূহ সংৰক্ষণ কৰাৰ বাবে, আৰু সিহতক iptables -ৰে এটা সংগ্ৰহৰ সৈতে মিল খোৱাৰ বাবে যোগ কৰা হৈছে।
TCP আৰম্ভণি গ্ৰহণ উইন্ডো অবিকল্পিত
TCP আৰম্ভণি গ্ৰহণ উইন্ডো অবিকল্পিতক 4kB -ৰ পৰা 15kB লে বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ সুবিধা এই যে যিকোনো তথ্য (15 kB > payload > 4 kB) এতিয়া আৰম্ভণি উইন্ডোত খাপ খাব পাৰে। এটা 4 kB সংহতি (IW3) -ৰ সৈতে, 4 kB -কে ডাঙৰ যিকোনো পেল'ডৰ বাবে কেইবাটাও স্থানান্তৰত বিভক্ত কৰিব লাগিব।
TCP আৰম্ভণি জুম উইন্ডো অবিকল্পিত
Red Hat Enterprise Linux 6.2 -ত, TCP আৰম্ভণি জুম উইন্ডো অবিকল্পিত এতিয়া 10 লে সংহিত, RFC 5681 -ৰ মতে। অতিৰিক্তভাৱে, TCP আৰু CCID-2 লে সাধাৰণ আৰম্ভণি-উইন্ডো ক'ড একীকৃত কৰা হৈছে।
IPv6 -ত GSO সমৰ্থন
IPv6 আগলৈ পথৰ বাবে GSO (বৰ্গীয় বিভাজন প্ৰক্ৰিয়া অফল'ড) সমৰ্থন যোগ কৰা হৈছে, হস্ট/অতিথি সংযোগৰ পৰিৱেশন উন্নত কৰাকৈ যদি GSO সামৰ্থবান আছে।
vios-proxy
vios-proxy এটা ভাৰছুৱেল অতিথিত এটা ক্লাএন্ট আৰু এটা হাইপাৰভাইছৰ হস্টত এটা চাৰ্ভাৰৰ মাজত সংযোগ প্ৰদান কৰিবলে এটা স্ট্ৰিম-চকেট প্ৰক্সি। সংযোগ virtio-ক্ৰম সংযোগসমূহৰে উপস্থিত হয়। এই বৈশিষ্ট Red Hat Enterprise Linux 6.2 -ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।

Chapter 9. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্যকৰীতা

পৰিচয় ব্যৱস্থাপনা
Red Hat Enterprise Linux 6.2 -এ পৰিচয় ব্যৱস্থাপনা ক্ষমতাসমূহ অন্তৰ্ভুক্ত কৰে যি ব্যৱহাৰকাৰী পৰিচয়সমূহ, নীতি-ভিত্তিয় অভিগম নিয়ন্ত্ৰণ আৰু প্ৰমাণীকৰণ সেৱাসমূহৰ কেন্দ্ৰীয় ব্যৱস্থাপনাৰ অনুমতি দিয়ে। এই পৰিচয় ব্যৱস্থাপনা সেৱা, পূৰ্বতে IPA হিচাপে প্ৰসংগিত, মুক্ত উৎস FreeIPA প্ৰকল্প ভিত্তিয়। এই সেৱাসমূহক পূৰ্ৱৰ Red Hat Enterprise Linux 6 উন্মোচনসমূহত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে প্ৰস্তুত কৰা হৈছে। এই উন্মোচনৰ সৈতে, পৰিচয় ব্যৱস্থাপনাক সম্পূৰ্ণ সমৰ্থিত হিচাপে পদোন্নতি কৰা হৈছে।

ততোধিক পঢ়া

পৰিচয় ব্যৱস্থাপনা সহায়ক -এ পৰিচয় ব্যৱস্থাপনা সমাধান, ই কাৰ্য্য কৰা প্ৰযুক্তিসমূহ, আৰু ইয়াক বিৱৰণ দিবলে ব্যৱহাৰ কৰা কিছুমান পৰিভাষাৰ বিষয়ে বিৱৰিত তথ্য প্ৰদান কৰে। ই লগতে দুয়ো ক্লাএন্ট আৰু চাৰ্ভাৰ উপাদানসমূহৰ বাবে উচ্চ-স্তৰৰ ৰূপাঙ্কণ তথ্য প্ৰদান কৰে।
স্মাৰ্ট কাৰ্ডসমূহৰ বাবে PIV সমৰ্থন
এটা PIV (ব্যক্তিগত পৰিচয় সতাসত্য নিৰূপণ) আন্তঃপৃষ্ঠৰ সৈতে স্মাৰ্ট কাৰ্ডসমূহৰ বাবে সমৰ্থন Red Hat Enterprise Linux 6.2 -ত যোগ কৰা হৈছে। FIPS 201 সংগত PIV কাৰ্ডসমূহ যি তথ্যৰ সুৰক্ষিত ব্যৱহাৰৰ অনুমতি দিয়ে সেইসমূহ ব্যৱহাৰ কৰা এতিয়া সম্ভব। PIV কাৰ্ডসমূহে কাৰ্ড গ্ৰহণকাৰীলে অভিগম সীমিত ৰাখি তথ্যৰ গোপনীয়তা বজায় ৰাখে। সিহতে লগতে কেৱল কাৰ্ড গ্ৰহণকাৰীক পৰিৱৰ্তন কৰাৰ অনুমতি দি তথ্যৰ সত্যতা সুনিশ্চিত কৰে। সিহতে তথ্যৰ সত্যতাৰ প্ৰত্যাভূতি দিয়ে আৰু তথ্যৰ প্ৰত্যাহাৰ প্ৰতিৰোধ কৰে। PIV কাৰ্ডসমূহৰ ব্যৱহাৰ U.S. Homeland Security Presidential Directive 12 (HSPC-12)\nদ্বাৰা বাধ্যতামূলক কৰা হৈছে যাৰ সকলো চৰকাৰী IT চিস্টেমসমূহলে অভিগম প্ৰাপ্ত কৰিবলে এই ধৰণৰ প্ৰযুক্তিৰ ব্যৱহাৰৰ প্ৰয়োজন হয়।

Chapter 10. এনটাইটেলমেন্ট

নতুন ইনস্টলসমূহৰ বাবে প্ৰমাণপত্ৰ-ভিত্তিয় RHN অবিকল্প
পৰৱৰ্তী প্ৰজন্ম স্বাক্ষৰণ ব্যৱস্থাপনা ক্ষমতাসমূহ যি Red Hat Enterprise Linux 6.1 -ত উন্মোচন কৰা হৈছিল এতিয়া Red Hat Enterprise Linux 6.2 -ৰ নতুন ইনস্টলসমূহৰ বাবে এতিয়া অবিকল্পিত। নতুন স্বাক্ষৰণ ব্যৱস্থাপনা প্লেটফৰ্মে Red Hat স্বাক্ষৰণসমূহ আৰু চফ্টৱেৰ সেৱাসমূহক এটা স্থিতিস্থাপক, বঢ়াব পৰা আৰু সুৰক্ষিত ধৰণে প্ৰদান কৰে। এটা নতুন Red Hat Enterprise Linux 6 চিস্টেম ইনস্টল কৰোতে, এজন ব্যৱহাৰকাৰীয়ে x.509 প্ৰমাণপত্ৰসমূহ গ্ৰহণ কৰে যি কোনবোৰ Red Hat উৎপাদন ইনস্টল আছে আৰু কোনবোৰ স্বাক্ষৰণ মেচিনে উপভোগ কৰি আছে তাৰ বিষয়ে তথ্য অন্তৰ্ভুক্ত কৰে। স্বাক্ষৰণ তথ্যয় সমৰ্থন স্তৰসমূহ, অৱসানৰ তাৰিখসমূহ, Red Hat একাওন্ট নম্বৰসমূহ, আৰু Red Hat চুক্তি নম্বৰসমূহ অন্তৰ্ভুক্ত কৰে। অতিৰিক্তভাৱে, এটা x.509 প্ৰমাণপত্ৰয় এটা মেচিনক Red Hat সমল প্ৰদান নেটৱাৰ্ক (CDN) -লে প্ৰমাণিত কৰাৰ অনুমতি দিয়ে। বিশ্বব্যাপীভাৱে বিতৰিত Red Hat সমল প্ৰদান নেটৱাৰ্ক (CDN) -ক Red Hat চিস্টেমসমূহৰ আউটেইজ এটাৰ সৈতেও কাম কৰাৰ বাবে ৰূপাঙ্কণ কাৰ আছে। উত্তৰ আমেৰিকাৰ বাহিৰৰ ব্যৱহাৰকাৰীসমূহে নতুন চিস্টেমৰ সৈতে উন্নত আপডেইট গতি আৰু উপলব্ধতা দেখা পাব লাগে। RHN Classic আৰু RHN Satellite 5 কমপিউটাৰ ৰেজিস্ট্ৰেষণ আৰু আপডেইটসমূহ গ্ৰহণ কৰাৰ বাবে উপলব্ধ আৰু সম্পূৰ্ণভাৱে সমৰ্থিত।
বিচ্ছিন্নিত চিস্টেমসমূহৰ বাবে অনুজ্ঞা প্ৰমাণপত্ৰসমূহ
Red Hat উপভোক্তা পোৰ্টেল, Red Hat Enterprise Linux 6.2 -ত উপলব্ধ নতুন কাৰ্য্যকৰীতাৰ সৈতে এটা সংযোগত, উপভোক্তাসমূহক ২৫ টা লৈকে মেচিন যি সম্পূৰ্ণভাৱে বিচ্ছিন্নিত ৰেজিস্টাৰ কৰি স্বাক্ষৰণ কৰাৰ অনুমতি দিয়ে। এই বৃদ্ধিৰ আগতীয়া, বিচ্ছিন্নিত চিস্টেমসমূহৰ সৈতে উপভোক্তাসমূহ স্বাক্ষৰণ তথ্যৰ পৰা সুবিধাসমূহ গ্ৰহণ কৰিবলে আৰু সিহতক RHN ৱেবছাইটৰ পৰা অনুকৰন কৰিবলে অক্ষম। ২৫ -ৰ অধিক বিচ্ছিন্নিত মেচিনসমূহ থকা উপভোক্তাসমূহৰ বাবে, RHN Satellite এতিয়াও অতিৰিক্ত দামত এটা উপদেশিত বিকল্প।
এটা স্বাক্ষৰণ নৱিকৰণৰ পিছত এটা প্ৰমাণপত্ৰৰ স্বচালিত পুনৰ সৃজন
এটা স্বাক্ষৰণৰ নৱিকৰণৰ পিছত নতুন অনুজ্ঞা প্ৰমাণপত্ৰসমূহ স্বচালিতভাৱে পুনৰসৃজন কৰা এতিয়া সম্ভব। এই বৃদ্ধিৰ আগতীয়া, উপভোক্তাসমূহক চফ্টৱেৰ আপডেইটসমূহ আৰু অন্য স্বাক্ষৰণ সেৱাসমূহ গ্ৰহণ কৰিবলে প্ৰমাণপত্ৰটো হস্তচালিতভাৱে পুনৰসৃজন কৰাৰ প্ৰয়োজনীয়তা আছিল। এটা প্ৰমাণপত্ৰক স্বচালিতভাৱে পুনৰ সৃজন কৰায় সেৱা বাধাসমূহ কম কৰে। ব্যৱহাৰকাৰীসমূহক লগতে জনোৱা হয় কত প্ৰমাণপত্ৰসমূহ স্বচালিত পুনৰসৃজন সফল হোৱা নাছিল। অধিক তথ্যৰ বাবে, https://www.redhat.com/rhel/renew/faqs/
Red Hat স্বাক্ষৰণ ব্যৱস্থাপক আৰু স্বাক্ষৰণ সেৱা
Red Hat Enterprise Linux 6.2 -ত, চিস্টেম ৰেজিস্ট্ৰেষণৰ সময়ত, Red Hat স্বাক্ষৰণ ব্যৱস্থাপক এতিয়া অবিকল্পিতভাৱে ব্যৱহাৰ কৰা হয়।

ততোধিক পঢ়া

Red Hat Enterprise Linux 6.2 মোতায়েন সহায়ক -এ স্বাক্ষৰণসমূহ ব্যৱস্থাপনা কৰাৰ বিষয়ে ততোধিক তথ্য অন্তৰ্ভুক্ত কৰে।
Red Hat Enterprise Linux 6.2 ইনস্টল সহায়ক -এ firstboot আৰু kickstart -ৰ সময়ত ৰেজিস্ট্ৰেষণ আৰু স্বাক্ষৰণ প্ৰক্ৰিয়াৰ বিষয়ে ততোধিক তথ্য অন্তৰ্ভুক্ত কৰে।

Chapter 11. সুৰক্ষা, প্ৰামাণিকসমূহ আৰু প্ৰমাণীকৰণ

সাধাৰণ নিয়ম প্ৰমাণীকৰণ
Red Hat Enterprise Linux 6.2 বিটাৰ বাবে, Red Hat Enterprise Linux 6 এতিয়া পৰিক্ষণ সুনিশ্চিতকৰণ স্তৰ (EAL) 4+ -ত সাধাৰণ নিয়মৰ বাবে পৰিক্ষণ অধিন। সাধাৰন নিয়মে সুৰক্ষা প্ৰয়োজনসমূহ প্ৰকাশ কৰাৰ এটা প্ৰমাণিত পদ্ধতি প্ৰদান কৰে আৰু উৎপাদনসমূহ পৰিক্ষণ কৰিবলে কঠিন নিয়মৰ এটা সংহতিৰ বিৱৰণ দিয়ে।
FIPS-140 সতাসত্য নিৰূপণ
Red Hat Enterprise Linux 6.2 বিটাৰ বাবে, Red Hat Enterprise Linux 6 ক্ৰিপ্টোগ্ৰাফীয় মডিউলসমূহ FIPS-140 প্ৰমাণীকৰণৰ বাবে পৰিক্ষণৰ অধিন। FIPS-140 ক্ৰিপ্টোগ্ৰাফীয় মডিউলসমূহ পৰিক্ষণ কৰিবলে ব্যৱহৃত এটা মাৰ্কিন চৰকাৰ সুৰক্ষা প্ৰামাণিক। Red Hat Enterprise Linux -এ এতিয়া সকলো চৰকাৰী সংঘঠনসমূহ দ্বাৰা ক্ৰিপ্টোগ্ৰাফীয় মডিউলসমূহ গ্ৰহণযোগ্য ব্যৱহাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰ দ্বাৰা বাধ্যতামূলক কৰা বিধিসন্মত প্ৰয়োজনীয়তা সন্তুষ্ট কৰে।
ভৰষাবান বুট
Red Hat Enterprise Linux 6.2 includes Intel Trusted Boot, a trusted boot mechanism (provided by the tboot package). Trusted boot is an install-time optional component that allows for Intel's Trusted Execution Technology (TXT) to perform a measured and verified launch of the operating system kernel. Trusted boot is supported on both Intel x86 and Intel 64/AMD64 architectures.

Chapter 12. কমপাইলাৰ আৰু সঁজুলিসমূহ

SystemTap
SystemTap এটা অনুসৰন আৰু প্ৰৱেশক সঁজুলি যোনে ব্যৱহাৰকাৰীক অপাৰেটিং চিস্টেমৰ কাৰ্য্যসমূহ (প্ৰধানকৈ, কাৰনেল) ভাল বিৱৰণত অধ্যয়ন আৰু পৰ্যবেক্ষণ কৰাৰ অনুমতি দিয়ে। ই netstat, ps, top, আৰু iostat -ৰ নিচিনা আউটপুট সঁজুলিসমূহৰ সদৃশ তথ্য যোগান দিয়ে; যি কি নহওক SystemTap সংগ্ৰহীত তথ্যৰ বাবে অধিক চাকনী আৰু বিশ্লেষণ বিকল্পসমূহ যোগান দিয়াৰ কাৰণে ৰূপাঙ্কীত।
Red Hat Enterprise Linux 6.2 -ত SystemTap সংস্কৰণ ১.৬ লে উন্নত, প্ৰদান কৰাকৈ:
  • কাৰনেল মডিউলসমূহ সিহতৰ নামত এটা হাইফেন ("-") -ৰ সৈতে, যেনে i2c-core এতিয়া সঠিকভাৱে ব্যৱস্থাপনা কৰা হয়।
  • process.mark -এ এতিয়া প্ৰৌব প্ৰাচলসমূহ পঢ়িবলে $$parms সমৰ্থন কৰে।
  • SystemTap compile-server আৰু client -ৰ উন্নত আৰু সৰল কাৰ্য্য:
    • compile-server -এ স্ক্ৰিপ্ট নিৰ্মিত ফলাফলসমূহক উন্নত পৰিৱেশনৰ বাবে ক্যাশ কৰিব পাৰে।
    • compile-server আৰু client -এ সংযোগ প্ৰটোকলক সজাবলে আৰু চাৰ্ভাৰৰ যিমান সম্ভব নতুন সংস্কৰণ ব্যৱহাৰ কৰিবলে অদল বদল সংস্কৰণ তথ্য সংযোগিত কৰে।
    • ক্ষতিগ্ৰস্থ সঁজুলিবোৰ আতৰোৱা: stap-client, stap-authorize-server-cert, stap-authorize-signing-cert, stap-find-or-start-server, আৰু stap-find-servers
  • দূৰৱৰ্তী প্ৰেৰণৰ বাবে, --remote USER@HOST কাৰ্য্যকৰীতাক বহু বাৰ ধাৰ্য্য কৰিব পাৰি আৰু নিৰ্দিষ্ট কাৰনেল আৰু স্থাপত্য সংৰূপসমূহৰ বাবে স্ক্ৰিপ্টক স্বচালিতভাৱে নিৰ্মান কৰিব, আৰু সকলো নামাকৰণ কৰা মেচিনসমূহত একেলগে চলাব।
  • staprun সঁজুলিয়ে এতিয়া একে স্ক্ৰিপ্টৰ বহু উদাহৰণক একে সময়তে চলাৰ অনুমতি দিয়ে।

Chapter 13. থুপ খোৱা

চলমান স্কিমা সৃজন
চলমান স্কিমা সৃজনৰ পৰিচয় অন্ত ব্যৱহাৰকাৰীসমূহৰ বাবে Red Hat Enterprise Linux উচ্চ উপলব্ধতা এড-অন স্বনিৰ্বাচিত সম্পদ আৰু ফেন্স সহায়কলে প্লাগ ইন কৰাৰ ভাল সম্ভব স্থিতিস্থাপকতা প্ৰদান কৰে, আৰু তথাপিও সেই সহায়কসমূহৰ বিপক্ষে সিহতৰ /etc/cluster.conf সংৰূপ নথিপত্ৰ সতাসত্য নিৰূপণ কৰাৰ সম্ভাবনা বজায় ৰাখে। স্বনিৰ্বাচিত সহায়কসমূহে সঠিক মেটাডাটা আউটপুট প্ৰদান কৰা আৰু সকলো থুপ ন'ডত সহায়কসমূহ ইনস্টল থকা এটা বাধ্যতামূলক প্ৰয়োজনীয়তা।
GFS2 -ত থুপ খোৱা Samba
এটা থুপ খোৱা পৰিৱেশত Samba -ৰ বাবে সমৰ্থন এতিয়া Red Hat Enterprise Linux 6.2 -ত সম্পূৰ্ণভাৱে সমৰ্থিত। Samba থুপ খোৱা সকলো ন'ডত উপলব্ধ আৰু অংশীদাৰী কৰা এটা থুপ খোৱা নথিপত্ৰ প্ৰণালীৰ উপৰত ভৰষাধিন। Red Hat Enterprise Linux 6.2 পৰিপ্ৰেক্ষতিত, Samba থুপ খোৱাক GFS2, স্থানীয় অংশীদাৰী সংৰক্ষণ নথিপত্ৰ প্ৰণালীৰ সৈতে কাম কৰাৰ বাবে সংৰূপীত।
থুপ খোৱা Samba (অধিক বিশেষভাৱে CTDB) মেটাডাটাক এটা থুপত বহু ভৌতিক হস্ট বিস্তৃত কৰাৰ ক্ষমতা প্ৰদান কৰে। ন'ড ব্যৰ্থতাৰ ক্ষেত্ৰত CTDB -এ স্বচালিতভাৱে ন'ড-বিশেষ ডাটাবেইচসমূহক উদ্ধাৰ আৰু ঠিক কৰিব। ই লগতে উচ্চ উপলব্ধতা বৈশিষ্ট যেনে ন'ড মনিটৰ কৰা আৰু ফেইলঅভাৰ প্ৰদান কৰে।
স্টেণ্ডএলৌন Corosync -ৰ বাবে ৰিডান্ডেন্ট ৰিংৰ সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে স্বখোজ বৈশিষ্টৰ সৈতে ৰিডান্ডেন্ট ৰিংৰ বাবে সমৰ্থন উন্মোচন কৰে। এই প্ৰযুক্তি পূৰ্বদৰ্শনৰ সৈতে জড়িত জ্ঞাত সমস্যাসমূহৰ এটা তালিকাৰ বাবে কাৰিকৰী টোকাসমূহ চাওক।
corosync-cpgtool
corosync-cpgtool -এতিয়া এটা দ্বৈত ৰিং সংৰূপত দুয়োটা আন্তঃপৃষ্ঠ ধাৰ্য্য কৰে। বৈশিষ্ট এটা প্ৰযুক্তি পূৰ্বদৰ্শন।
/etc/cluster.conf -ত rgmanager অসামৰ্থবান কৰা
pacemaker দ্বাৰা ব্যৱহাৰ হবলে /etc/cluster.conf সংৰূপ নথিপত্ৰক পৰিৱৰ্তন কৰাৰ ফলস্বৰূপ, rgmanager অসামৰ্থবান কৰিব লাগিব। ইয়াক নকৰাৰ বিপদ উচ্চ; এটা সফল পৰিৱৰ্তনৰ পিছত, একে হস্টত rgmanager আৰু pacemaker আৰম্ভ কৰা সম্ভব হব, একে সম্পদসমূহ ব্যৱস্থাপনা কৰি।
ফলস্বৰূপ, Red Hat Enterprise Linux 6.2 -এ এটা বৈশিষ্ট (এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে) অন্তৰ্ভুক্ত কৰে যি নিম্নলিখিত প্ৰয়োজনীয়তাসমূহ বলৱৎ কৰে:
  • rgmanager আৰম্ভ হব লাগিব যদি ই /etc/cluster.conf -ত <rm disabled="1"> ফ্লেগ দেখা পায়।
  • rgmanager -এ যিকোনো সম্পদ বন্ধ কৰি প্ৰস্থান কৰিব লাগিব যদি এটা পুনৰ সংৰূপণৰ সময়ত /etc/cluster.conf -ত <rm disabled="1"> ফ্লেগ উপস্থিত হয়।

Chapter 14. উচ্চ উপলব্ধতা

উচ্চ উপলব্ধতা এড অনত XFS
এটা নথিপত্ৰ প্ৰণালী সম্পদ হিচাপে Red Hat Enterprise Linux 6.2 উচ্চ উপলব্ধতা এড অনৰ সৈতে XFS -ৰ ব্যৱহাৰ এতিয়া সম্পূৰ্ণভাৱে সমৰ্থিত।
VMWare -ৰ বাবে HA সমৰ্থন
VMWare ভিত্তিয় অতিথিসমূহৰ ভিতৰত চলা অনুপ্ৰয়োগসমূহক এতিয়া উচ্চ উপলব্ধতাৰ বাবে সংৰূপণ কৰিব পাৰি। ই লগতে পৰিৱেশত GFS2 অংশীদাৰী সংৰক্ষণ নথিপত্ৰ প্ৰণালীৰ ব্যৱহাৰৰ বাবে সম্পূৰ্ণ সমৰ্থন অন্তৰ্ভুক্ত কৰে। এটা নতুন SOAP-ভিত্তিয় ফেন্স সহায়কক যোগ কৰা হৈছে যাৰ যেতিয়া প্ৰয়োজন তেতিয়া অতিথিসমূহ ফেন্স কৰাৰ ক্ষমতা আছে।
প্ৰশাসনীয় UI বৃদ্ধিসমূহ
Luci, থুপসমূহক সংৰূপণ কৰিবলে ৱেব-ভিত্তিয় প্ৰশাসনীয় UI -ক নিম্নলিখিতক অন্তৰ্ভুক্ত কৰিবলে আপডেইট কৰিবলে আপডেইট কৰা হৈছে:
  • ভূমিকা-ভিত্তিয় অভিগম নিয়ন্ত্ৰণ (RBAC): সুক্ষ্ম অভিগম স্তৰসমূহক ব্যৱহাৰকাৰীসমূহক নিৰ্দিষ্ট থুপ কাৰ্য্যসমূহ অভিগম কৰিবলে বিৱৰণ দি সামৰ্থবান কৰে।
  • এটা থুপত হোৱা ধ্বংসাত্মক কাৰ্য্যসমূহৰ বাবে উন্নত প্ৰতিক্ৰিয়া সময়সমূহ।
UDP-ইউনিকাস্টৰ বাবে সমৰ্থন
এটা থুপ পৰিৱহনৰ বাবে IP মাল্টিকাস্টিং একমাত্ৰ সমৰ্থিত বিকল্প। IP মাল্টিকাস্টিং সংৰূপণ কৰিবলে জটিল আৰু নেটৱাৰ্ক চুইচসমূহৰ পুনৰ-সংৰূপণৰ প্ৰয়োজন হয়। আনহাতে UDP-ইউনিকাস্টে থুপ সংৰূপৰ এটা সহজ দ্বাৰস্থ প্ৰদান কৰে আৰু থুপ সংযোগৰ বাবে এটা স্থাপিত প্ৰটোকল। UDP-ইউনিকাস্ট, আৰম্ভণিত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচিত, এতিয়া সম্পূৰ্ণভাৱে সমৰ্থিত।
fence_scsi -ৰ সৈতে Watchdog অনুকলন
Watchdog Linux -ত উপলব্ধ এটা সাধাৰণ সময় সেৱা যাক চিস্টেম সম্পদসমূহক পৰ্যবেক্ষণ কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ফেন্স সহায়কসমূহক এতিয়া watchdog -ৰ সৈতে অনুকলিত কৰা হৈছে যাতে watchdog সেৱায় এটা ন'ডক fence_scsi ব্যৱহাৰ কৰি ফেন্স কৰাৰ পিছত পুনৰাম্ভ কৰিব পাৰে। ই নড'ক fence_scsi ব্যৱহাৰ কৰি ফেন্স কৰাৰ পিছত পুনৰাম্ভ কৰাৰ বাবে হস্তচালিত হস্তক্ষেপৰ প্ৰয়োজনীয়তাক নাইকিয়া কৰে।

Chapter 15. ভাৰছুৱেলাইজেষণ

KVM প্ৰচেছৰ পৰিৱেশন উন্নতি
ভাৰছুৱেল CPU সময়অংশ অংশীদাৰী
ভাৰছুৱেল CPU সময়অংশ অংশীদাৰী Linux সূচক স্তৰত এটা পৰিৱেশন উন্নত কৰা বৈশিষ্ট, যত এটা ঘুৰি থকা ভাৰছুৱেল CPU -এ ইয়াৰ সময়অংশৰ অৱশিষ্টক CPU উৎপন্ন কৰাৰ আগত অন্য ভাৰছুৱেল CPU লে প্ৰদান কৰিব পাৰে। এই বৈশিষ্টয় এটা অন্তনিৰ্হিত লক ব্যৱস্থাপক অগ্ৰাধিকাৰ বিষয় যি SMP চিস্টেমসমূহত অস্তিত্ববান ঠিকনাবৃত কৰে, যি ভাৰছুৱেল CPUসমূহত পৰিৱেশনৰ উপৰত প্ৰভাৱ পেলাব পাৰে। এই বৈশিষ্টয় বহু-প্ৰচেছৰ অতিথিসমূহত এটা স্থিৰ পৰিৱেশন প্ৰদান কৰে। এই বৈশিষ্ট দুয়ো Intel আৰু AMD প্ৰচেছৰসমূহত সমৰ্থিত, আৰু ইয়াক Intel প্ৰচেছৰসমূহত বিৰাম লুপ প্ৰস্থান (PLE), আৰু AMD প্ৰচেছৰসমূহত বিৰাম পৰিস্ৰাৱক কোৱা হয়।
KVM নেটৱাৰ্ক পৰিৱেশন উন্নতিসমূহ
KVM নেটৱাৰ্ক পৰিৱেশন ভাৰছুৱেলাইজেষণ আৰু cloud ভিত্তিয় উৎপাদন আৰু সমাধানসমূহৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। Red Hat Enterprise Linux 6.2 -এ বিভিন্ন সংস্থাপনত KVM নেটৱাৰ্ক পাৰা-ভাৰছুৱেলাইজ্ড ড্ৰাইভাৰ পৰিৱেশন উন্নত কৰিবলে নেটৱাৰ্ক পৰিৱেশন অনুকলনসমূহৰ এটা ভালেমান সংখ্যা প্ৰদান কৰে।
উন্নত সৰু বাৰ্তা KVM পৰিৱেশন
Red Hat Enterprise Linux 6.2 -এ সৰু বাৰ্তাসমূহ (< 4K) সৃজন কৰা নেটৱাৰ্কিং কাৰ্য্যভাৰসমূহৰ এটা ভিন্নতা সন্তুষ্ট কৰিবলে KVM সৰু বাৰ্তা পৰিৱেশন উন্নত কৰে।
KVM নেটৱাৰ্ক ড্ৰাইভাৰসমূহত তাঁৰ গতি প্ৰয়োজনীয়তা
ভাৰছুৱেলাইজেষণ আৰু cloud উৎপাদনসমূহ যি নেটৱাৰ্কিং কাৰ্য্যভাৰসমূহ চলায় সিহতৰ তাঁৰ গতিসমূহ চলোৱাৰ প্ৰয়োজন। Red Hat Enterprise Linux 6.1 লৈকে, এটা নিম্ন CPU ব্যৱহাৰৰ সৈতে এটা ১০ GB ইথাৰনেট NIC -ত তাঁৰ গতি প্ৰাপ্ত কৰাৰ একমাত্ৰ পদ্ধতি আছিল PCI ডিভাইচ ধাৰ্য্যকৰণ (পাচথ্ৰু) ব্যৱহাৰ কৰা, যি অন্য বৈশিষ্টসমূহ যেনে মেমৰি অতিৰিক্ত কমিট আৰু অতিথি প্ৰব্ৰজন সীমিত কৰে।
macvtap/vhost শূন্য কপি ক্ষমতাসমূহে ব্যৱহাৰকাৰীক সেই বৈশিষ্টসমূহ ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে যেতিয়া উচ্চ পৰিৱেশনৰ প্ৰয়োজন হয়। এই বৈশিষ্টয় VEPA ব্যৱহাৰ ক্ষেত্ৰত যিকোনো Red Hat Enterprise Linux 6.x অতিথিৰ বাবে পৰিৱেশন উন্নত কৰে। এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।
KVM নেটৱাৰ্ক ড্ৰাইভাৰসমূহৰ বাবে UDP চেকচাম অনুকূলীকৰণ
UDP চেকচাম অনুকলনে অতিথিক চেকচাম সতাসত্য নিৰূপণ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে যদি ই হস্ট NIC সমূহ দ্বাৰা সতাসত্য নিৰূপণ কৰা হৈছে। এই বৈশিষ্টয় Red Hat Enterprise Linux 6.2 অতিথিসমূহ আৰু হস্টসমূহৰ সৈতে ১০ GB ইথাৰনেট কাৰ্ডসমূহত বহিৰ্তমৰ পৰা অতিথিলে UDP গতি বৃদ্ধি কৰে। UDP চেকচাম অনুকূলীকৰণ virtio-net ড্ৰাইভাৰত প্ৰণয়ন কৰা হৈছে।
উন্নত I/O পথ পৰিৱেশন যেতিয়া হস্ট অতিথিকে লেহেম
Red Hat Enterprise Linux 6.2 KVM নেটৱাৰ্ক ড্ৰাইভাৰৰ উন্নত I/O পথ পৰিৱেশন আছে, ত্ৰাস কৰা ভাৰছুৱেল মেচিন প্ৰস্থান আৰু বাধাসমূহৰ সৈতে, যাৰ ফলত দ্ৰুত তথ্য প্ৰেৰণ হয়। এই উন্নতিয়ে লগতে আপোনাক এটা লেহেম হস্টত এটা দ্ৰুত অতিথি চলাবলে সামৰ্থবান কৰে, কোনো পৰিৱেশন হাৰ নকমোৱাকৈ। এই বৃদ্ধি এটা বৃদ্ধিত virtio চক্ৰ গঠন, আৰু virtio আৰু vhost-net -ত ঘটনা সূচি সমৰ্থন দ্বাৰা প্ৰাপ্ত কৰা হয়।
KVM চিস্টেম ব্যৱস্থাপনা আৰু ব্যৱহাৰৰ উন্নতিসমূহ
SNMP -ৰ যোগেদি চিস্টেম পৰ্যবেক্ষণ
এই বৈশিষ্টয় স্থিৰ প্ৰযুক্তিৰ বাবে KVM সমৰ্থন প্ৰদান কৰে যি ইতিমধ্যে তথ্য কেন্দ্ৰত খালি ধাতু চিস্টেমসমূহৰ সৈতে ব্যৱহৃত। SNMP পৰ্যবেক্ষণৰ এটা প্ৰামাণিক আৰু অতি ভালদৰে বুজি পোৱা যায় আৰু লগতে গণনাত দক্ষ। Red Hat Enterprise Linux 6.2 -ত SNMP -ৰে চিস্টেম পৰ্যবেক্ষণে KVM -ক ঘটনাসমূহত SNMP ট্ৰেপসমূহ পঠোৱাৰ অনুমতি দিয়ে যাতে হাইপাৰভাইছৰ ঘটনাসমূহ ব্যৱহাৰকাৰীলে প্ৰামাণিক SNMP প্ৰটোকলৰ সৈতে সংযোগ কৰিব পাৰি। এই বৈশিষ্টক এটা নতুন পেকেইজ: libvirt-snmp যোগ কৰি প্ৰদান কৰা হৈছে। এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।
উন্নত অতিথি ডিবাগ কৰা ক্ষমতাসমূহ
ব্যৱহাৰকাৰীসমূহ যিসকলে নিজৰ তথ্য কেন্দ্ৰসমূহ ভাৰছুৱেলাইজ কৰে ডিবাগ কৰাৰ এটা পদ্ধতি বিচাৰে যেতিয়া এটা অতিথি OS হেঙ হয় আৰু এটা স্খলন ডাম্প আৰম্ভ কৰিব লগিয়া হয়। দুটা পদ্ধতি আছে যাক ভৌতিক চিস্টেমসমূহৰ সৈতে বেছিকৈ ব্যৱহাৰ কৰা হয়:
  • অতিথিত এটা মাস্ক কৰিব নোৱাৰা বাধা (NMI) ট্ৰিগাৰ কৰা
  • অতিথিলৈ SysRq ক্ৰমসমূহ প্ৰেৰণ কৰা
যত এই ক্ষমতাসমূহ KVM কনচৌলৰ সৈতে প্ৰত্যক্ষভাৱে প্ৰদান কৰা হৈছে, কেইবাজনো ব্যৱহাৰকাৰীয়ে libvirt API আৰু virsh -ৰ সৈতে KVM ব্যৱহাৰ কৰে, যত এই দুটা বৈশিষ্ট সন্ধানহিন আছিল। Red Hat Enterprise Linux 6.2 -এ অতিথি ডিবাগিং ক্ষমতাসমূহ KVM স্টেকৰে উন্নত কৰে, এজন ব্যৱহাৰকাৰীক অতিথিসমূহত NMIসমূহ ট্ৰিগাৰ কৰাৰ আৰু অতিথিসমূহলে SysRq কি ক্ৰমসমূহ পঠোৱাৰ অনুমতি দিয়ে।
উন্নত ভাৰছুৱেল মেচিন বুট আপ অভিগম
ব্যৱহাৰকাৰীসমূহ যিসকলে সিহতৰ তথ্য কেন্দ্ৰসমূহ ভাৰছুৱেলাইজ কৰে সিহতৰ অতিথি বুট আপ প্ৰক্ৰিয়া অনুকৰন কৰাৰ আৰু আৰম্ভণিৰ পৰা সম্পূৰ্ণ BIOS আৰু কাৰনেল বুট আপ বাৰ্তা প্ৰদৰ্শন কৰাৰ প্ৰয়োজন হয়। এই বৈশিষ্টৰ অনুপস্থিতিয়ে ব্যৱহাৰকাৰীসমূহক virsh কনচৌলৰ এটা ভাৱবিনিময়ী ব্যৱহাৰৰ পৰা বাধা দিয়ে, বুট আপৰ আগত। এটা নতুন পেকেইজ, sgabios, Red Hat Enterprise Linux 6.2 -লে যোগ কৰা হৈছে, এই ক্ষমতা প্ৰদান কৰিবলে, qemu-kvm -ৰ সৈতে কিছুমান যোগদানৰ সৈতে।
জীৱন্ত স্নেপশটসমূহ
Red Hat Enterprise Linux 6.2 -এ জীৱন্ত স্নেপশট বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰে। জীৱন্ত স্নেপশটসমূহ বৈশিষ্টয় হাৰ্ড ড্ৰাইভত ভাৰছুৱেল মেচিন ছবিসমূহৰ স্বচালিত বেকআপ প্ৰদান কৰে, আৰু ভাৰছুৱেল ডিস্কসমূহৰ স্বচ্ছভাৱে এটা প্ৰতি ড্ৰাইভ স্নেপশট প্ৰদান কৰে, বহিৰ্তম qcow2 ছবিসমূহ ব্যৱহাৰ কৰি। বহু-ডিস্ক জীৱন্ত স্নেপশট সৃষ্টিয়ে qemu -ক যিমান ডিস্ক আছে সিমান স্নেপশটসমূহ লোৱাৰ পৰা আগতে ৰখাই তথ্যৰ সত্যতা ব্যৱস্থাপনাত সহায় কৰে। সেয়েহে, এটা বহু-ডিস্ক স্নেপশটৰ সময়ৰ একেটা বিন্দুৰ পৰা তথ্য অন্তৰ্ভুক্ত কৰা সকলো ডিস্ক থাকিব।
এইটো গুৰুত্বপূৰ্ণ জানি থোৱা যে নথিপত্ৰ প্ৰণালী স্থিৰতাৰ সৈতে এটা সীমা আছে। যি কি নহওক, স্নেপশট ছবিৰ পুনৰ ব্যৱহাৰ স্খলন-স্থিৰ। এজন ব্যৱহাৰকাৰীক এটা নথিপত্ৰ প্ৰণালী নিৰীক্ষণ (fsck) অথবা আলোচনী প্ৰবিষ্টিসমূহ পুনৰ চলাব লাগিব, যি পাৱাৰ কৰ্ড টান মৰাৰ পিছত বুট কৰাৰ সৈতে সদৃশ।
বহু-প্ৰচেছৰ (NUMA) টিউনিং উন্নতিসমূহ
Red Hat Enterprise Linux 6.2 -এ libvirt API স্টেকলে টিউনিং উন্নতিসমূহ যোগ কৰে, যাৰ ফলত SPECvirt মাপসমূহ পৰিৱেশন কৰোতে উন্নত বাকচৰ-বাহিৰ পৰিৱেশন হয়। Red Hat Enterprise Linux 6.2 -এ এতিয়া এটা ভাৰছুৱেল মেচিন সৃষ্টি কৰোতে এটা NUMA ন'ডৰ সৈতে যুক্ত ভাৰছুৱেল মেমৰি পিন কৰিবলে সক্ষম।
USB বৃদ্ধিসমূহ
qemu-kvm -ৰ বাবে USB 2.0 ইমুলেষণ প্ৰণয়ন কৰা হৈছে। ই কেৱল QEMU -ৰ বাবে প্ৰত্যক্ষভাৱে উপলব্ধ। Libvirt সমৰ্থন পৰৱৰ্তী উন্মোচনৰ বাবে পৰিকল্পনা কৰা হৈছে।
USB হস্ট নিয়ন্ত্ৰকৰ বাবে দূৰৱৰ্তী ৱেইকআপ সমৰ্থন যোগ কৰা হৈছে। অতিথি OS -ৰ সমৰ্থনৰ সৈতে ই সঘন 1000hz পলিং অৱস্থাক বন্ধ কৰি ডিভাইচক নিদ্ৰাত লৈ যোৱাৰ অনুমতি দিয়ে। ই এটা USB মাউছ ইমুলেষণ (অথবা এটা টেবলেট) — এটা সাধাৰণ ডিভাইচ যি প্ৰতিটো ভাৰছুৱেল মেচিনৰ থাকে, তাৰ হৈতে ভাৰছুৱেল মেচিনসমূহৰ শক্তিৰ ব্যৱহাৰ আৰু CPU উপভোগ নাটকীয়ভাৱে উন্নত কৰে।
Xen উন্নতিসমূহ
মেমৰি বেলুনিং
মেমৰি বেলুনিং এতিয়া Red Hat Enterprise Linux 6 পাৰাভাৰছুৱেলাইজ্ড Xen অতিথিসমূহ দ্বাৰা সমৰ্থিত।
ডমেইন মেমৰি সীমা
x86_64 domU PV অতিথিসমূহৰ বাবে মেমৰি সীমা ১২৮ GB লৈ বৃদ্ধি কৰা হৈছে:\nCONFIG_XEN_MAX_DOMAIN_MEMORY=128
সময়ৰ হিচাপ
xen_sched_clock প্ৰণয়ন (যি চুৰি নহোৱা নেনোছেকেণ্ডসমূহৰ সংখ্যা ঘুৰাই পঠায়) xen_clocksource_read প্ৰণয়ন দ্বাৰা প্ৰতিস্থাপন কৰা হৈছে।
ভাৰছুৱেলাইজেষণ তথ্যচিত্ৰ
Red Hat Enterprise Linux ভাৰছুৱেলাইজেষণ সহায়কক বহুতো বিশেষ সহায়কসমূহলে বিভক্ত কৰা হৈছে:
spice-protocol
spice-protocol -ক সংস্কৰণ 0.8.1 লে উন্নত কৰা হৈছে, নিম্নলিখিত নতুন বৈশিষ্টসমূহ প্ৰদান কৰাকৈ:
  • আয়তন পৰিৱৰ্তনৰ বাবে সমৰ্থন
  • async অতিথি I/O লিখনীসমূহ আৰু বাধাসমূহৰ বাবে সমৰ্থন
  • suspend (S3) প্ৰাসংগিক অতিথি I/O লিখনীসমূহৰ বাবে সমৰ্থন
  • এটা অতিথি বাগৰ ইংগিত দিয়াকৈ বাধাৰ বাবে সমৰ্থন
Linux বৈয়ামসমূহ
Linux বৈয়ামসমূহে খালি-ধাতু চিস্টেমসমূহত অনুপ্ৰয়োগ চলনসময় ধৰালে কাৰ্য্যভাৰক সম্পূৰ্ণভাৱে ভাৰছুৱেলাইজ কৰাৰ প্ৰয়োজনীয়তা নহোৱাকে এটা স্থিতিস্থাপক দ্বাৰস্থ প্ৰদান কৰে। Red Hat Enterprise Linux 6.2 -এ অনুপ্ৰয়োগ সম্পদ ব্যৱহাৰ নীতিসমূহক cgroup আৰু নামস্পেইচসমূহৰে বিভক্ত আৰু নিয়ন্ত্ৰণ কৰিবলে অনুপ্ৰয়োগ স্তৰ বৈয়ামসমূহ প্ৰদান কৰে। এই উন্মোচনে বৈয়াম জীৱন-চক্ৰ সাধাৰণ ব্যৱস্থাপনাৰ পৰিচয় দিয়ে libvirt API and the virt-manager GUI -ৰে বৈয়ামসমূহ সৃষ্টি কৰাৰ, সম্পাদনা কৰাৰ আৰু মচি পেলোৱাৰ অনুমতি দি। Linux বৈয়ামসমূহ এটা প্ৰযুক্তি পূৰ্বদৰ্শন হয়।
Red Hat Enterprise ভাৰছুৱেলাইজেষণ হাইপাৰভাইছৰ RPM বহু-ইনস্টল কৰিব পৰা
rhev-hypervisor পেকেইজৰ কাষে-কাষে ইনস্টলসমূহৰ অনুমতি দিবলে, /etc/yum.conf নথিপত্ৰ সম্পাদনা কৰি আৰু installonlypkgs বিকল্প যোগ কৰি rhev-hypervisor -ক এটা কেৱলইনস্টল পেকেইজ বনাবলে Yum সংৰূপণ কৰক:
[main]
...
installonlypkgs=rhev-hypervisor
এই বিকল্পৰ কেৱলইনস্টল পেকেইজসমূহৰ অবিকল্প তালিকা যি installonlypkgs বিকল্প অংশত yum.conf man page (man yum.conf 5) -ত উপলব্ধ অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন হয়।

Chapter 16. গ্ৰাফিক্স

Red Hat Enterprise Linux 6.2 -ত প্ৰণয়ন কৰা X চাৰ্ভাৰক আপস্ট্ৰিম X.org 1.10 X চাৰ্ভাৰ আৰু আপস্ট্ৰিম মেচা 7.11 উন্মোচনসমূহলে আপডেইট কৰা হৈছে। X চাৰ্ভাৰৰ অভ্যান্তৰীক গঠন পৰিৱৰ্তনসমূহ আছিল যাৰ সকলো ভিডিঅ' আৰু ইনপুট ড্ৰাইভাৰসমূহ আপডেইট কৰাৰ প্ৰয়োজন আছিল। অতিৰিক্তভাৱে, কাৰনেল গ্ৰাফিক্সক নতুন হাৰ্ডৱেৰ সমৰ্থন আৰু বাগ ঠিক কৰাসমূহ সমৰ্থন কৰিবলে আপডেইট কৰা হৈছে।
AMD
ATI/AMD GPU ক্ৰম HD2xxx, HD4xxx, HD5xxx, FirePro -ৰ বাবে উন্নত সমৰ্থন। HD6xxx ক্ৰম, FirePro ক্ৰমত নতুন আৰ্হি আৰু নতুন মবাইল GPU HD6xxxM ক্ৰমৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
Intel
Intel IvyBridge-শ্ৰেণী চিপচেটসমূহৰ বাবে সমৰ্থন যোগ কৰা হৈছে।
Nouveau
GeForce GT2xx (আৰু Quadro সমসাময়ীক) -ত 2D/Xv ত্বৰণ এতিয়া সমৰ্থিত। বাতিল কৰক/পুনৰ চলাওক সমৰ্থন উন্নত কৰা হৈছে।
X চাৰ্ভাৰ
RandR-সমৰ্থিত ড্ৰাইভাৰসমূহ (intel, nouveau, radeon) এতিয়া কাৰ্চাৰক পৰ্দাৰ দৃশ্যমান স্থানত অসমমিত বহুমুণ্ড সংৰূপসমূহত অন্তৰ্ভুক্ত কৰে।
সংযুক্ত সম্প্ৰসাৰণ এতিয়া কাৰ্য্যকৰী যেতিয়া Xinerama -ক এটা ডেস্কটপক বহু GPU -ত বিস্তৃত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
X চাৰ্ভাৰ সংৰূপক এতিয়া সংৰূপ নথিপত্ৰ স্নিপেটসমূহৰ সৈতে /etc/X11/xorg.conf.d/ -ৰ অন্তৰ্গত /etc/X11/xorg.conf -ৰ অতিৰিক্ত ব্যৱস্থাপনা কৰিব পাৰি। এই স্নিপেটসমূহত X.org ইনপুট ডিভাইচ সংৰূপ প্ৰযোজ্য হয় যেতিয়া ডিভাইচ X চাৰ্ভাৰলে চলমান অৱস্থাত উপলব্ধ হয়।
অতিৰিক্ত তথ্যৰ বাবে 1.10 X চাৰ্ভাৰ আপস্ট্ৰিম ঘোষণা চাওক: http://lists.freedesktop.org/archives/xorg-announce/2011-February/001612.html
মেচা
উন্মোচন টোকাসমূহৰ বাবে মেচা 7.11 আপস্ট্ৰিম ঘোষণা চাওক: http://mesa3d.org/relnotes-7.11.html

Chapter 17. সাধাৰন আপডেইটসমূহ

মাটাহাৰি
Red Hat Enterprise Linux 6.2 -ত মাটাহাৰি কেৱল x86 আৰু AMD64 স্থাপত্যসমূহৰ বাবে সমৰ্থিত। অন্য স্থাপত্যসমূহৰ বাবে নিৰ্মাণসমূহ প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে গন্য কৰা হয়।
স্বচালিত বাগ সংবাদন সঁজুলি
Red Hat Enterprise Linux 6 -এ ABRT 2.0 উন্মোচন কৰে। ABRT -এ এটা স্থানীয় চিস্টেমত চফ্টৱেৰ স্খলনসমূহৰ বিৱৰণসমূহৰ লগ ৰাখে, আৰু বিভিন্ন বিষয় অনুকৰক, Red Hat সমৰ্থন অন্তৰ্ভুক্ত কৰাকৈ বিসয়সমূহ সংবাদন কৰিবলে আন্তঃপৃষ্টসমূহ (গ্ৰাফিয় আৰু কমাণ্ড শাৰী ভিত্তিয়) প্ৰদান কৰে। এই আপডেইটে নিম্নলিখিত উল্লেখযোগ্য বৃদ্ধিসমূহ প্ৰদান কৰে:
  • এটা নতুন বাক্যবিন্যাসৰ সৈতে অধিক স্থিতিস্থাপক সংৰূপ।
  • Out-of-process প্লাগিনসমূহ (প্লাগিনসমূহ ভিন্ন প্ৰক্ৰিয়াসমূহত চলে আৰু অন্য প্ৰক্ৰিয়াসমূহৰ সৈতে আন্তঃপ্ৰক্ৰিয়া সংযোগৰ সহায়ত সংযোগ কৰে)। এনে ৰূপাঙ্কণৰ সুবিধাসমূহ হল:
    • প্লাগিনসমূহত থকা বাগসমূহে মূখ্য ডিমন নাভাঙে,
    • সকলোতকে সুৰক্ষিত যিহেতু বেছিৰভাগ প্ৰক্ৰিয়াকৰণ এতিয়া সাধাৰণ (নন-ৰুট) ব্যৱহাৰকাৰীৰ অন্তৰ্গত কৰা হয়,
    • প্লাগিনসমূহক যিকোনো প্ৰগ্ৰামিং ভাষাত লিখিব পাৰি।
  • সংবাদন বেকএণ্ড Red Hat -ৰ সকলোবোৰ বিষয় সংবাদন সঁজুলিসমূহৰে অংশীদাৰী কৰা হয়:
    • ABRT, sealert, python-meh (Anaconda, firstboot) -ৰ সকলো ব্যৱহাৰকাৰীসমূহ
    • যিহেতু উপৰত থকা সকলো সঁজুলিয়ে একে সংৰূপ অংশীদাৰী কৰে, ইয়াক কেৱল এবাৰ লিখিব লাগিব।

ততোধিক পঢ়া

ABRT সংৰূপ আৰু ইয়াৰ নতুন বাক্যবিন্যাসৰ বিষয়ে ততোধিক তথ্যৰ বাবে, Red Hat Enterprise Linux 6.2 মোতায়েন সহায়ক চাওক।
IBM System z -ত Linux -ৰ বাবে অনুকলিত মেথ লাইব্ৰেৰি
Red Hat Enterprise Linux 6.2 -এ System z -ত Linux -ৰ বাবে এটা অনুকলিত ৰৈখিক এলজেব্ৰা মেথ লাইব্ৰেৰি প্ৰদান কৰে যি কমপাইলাৰক উচ্চ আলেখ্য ফলনসমূহৰ বাবে ক'ড সৃজন কৰা সামৰ্থবান কৰে, শেহতীয়া হাৰ্ডৱেৰ ফলনসমূহৰ সুবিধা লোৱাকৈ।
উন্নত টেবলেট সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ Wacom ডিভাইচসমূহৰ বাবে সমৰ্থন উন্নত কৰে। এটা ডিভাইচ আনপ্লাগ কৰি পুনৰ প্লাগ ইন কৰাৰ পিছত ডিভাইচ সংহতিসমূহ পুনৰ সংৰূপণ কৰাৰ প্ৰয়োজন নাই।
উন্নত বেতাঁৰ চিনাক্তকৰণ
NetworkManager -এ পটভূমীত বেতাঁৰ নেটৱাৰ্কসমূহ স্কেন কৰিব পাৰিব, এটা উন্নত ব্যৱহাৰকাৰী অনুভৱ প্ৰদান কৰাকে।
GNOME -ত CPU সমৰ্থনত বৃদ্ধি
gnome-system-monitor সঁজুলিয়ে এতিয়া চিস্টেমসমূহ যাৰ ৬৪ -ৰ অধিক CPU আছে পৰ্যবেক্ষন কৰিব পাৰে।

উপাদান সংস্কৰণসমূহ

এই পৰিশিষ্ট Red Hat Enterprise Linux 6.2 উন্মোচনত থকা উপাদানসমূহ আৰু সিহতৰ সংস্কৰণসমূহৰ এটা তালিকা।
উপাদান
সংস্কৰণ
কাৰনেল
2.6.32-202
QLogic qla2xxx ড্ৰাইভাৰ
8.03.07.05.06.2-k
QLogic qla2xxx ফাৰ্মৱেৰ
ql23xx-firmware-3.03.27-3.1
ql2100-firmware-1.19.38-3.1
ql2200-firmware-2.02.08-3.1
ql2400-firmware-5.06.01-1
ql2500-firmware-5.06.01-1
Emulex lpfc ড্ৰাইভাৰ
8.3.5.45.2p
iSCSI আৰম্ভক সঁজুলি
6.2.0.872-27
DM বহুপথ
0.4.9-43
LVM
2.02.87-3
X চাৰ্ভাৰ
1.10.4-3
Table A.1. উপাদান সংস্কৰণসমূহ

পুনৰীক্ষণৰ ইতিহাস

Revision History
Revision 1-0Mon Dec 5 2011মাৰ্টিন পিৰপিক
Red Hat Enterprise Linux 6.2 উন্মোচন টোকাসমূহৰ উন্মোচন