The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.
Red Hat Enterprise Linux গৌণ উন্মোচনসমূহ সুকীয়া সম্প্ৰসাৰণ, সুৰক্ষা আৰু বাগ ঠিক কৰা এৰাটাৰ এটা সংযুক্তি। Red Hat Enterprise Linux 6.2 উন্মোচন টোকাসমূহে এই গৌণ উন্মোচনৰ বাবে Red Hat Enterprise Linux 6 অপাৰেটিং চিস্টেম আৰু ইয়াৰ আনুষংগিক অনুপ্ৰয়োগসমূহলে কৰা মুখ্য পৰিৱৰ্তনসমূহ দেখুৱায়। এই গৌণ উন্মোচনত হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰীত টোকাসমূহ পাব কাৰিকৰী টোকাসমূহ -ত।
উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 6.2 -ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। Red Hat Enterprise Linux -ত 6.2 আপডেইটৰ কাৰণে হোৱা সকলো পৰিৱৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ কাৰণে, চাওক কাৰিকৰী টোকাসমূহ
Note
Red Hat Enterprise Linux 6.2 উন্মোচন টোকাসমূহৰ সকলোতকৈ সেহতীয়া সংস্কৰণৰ কাৰণে চাওক অনলাইন উন্মোচন টোকাসমূহ।
Chapter 1. হাৰ্ডৱেৰ সমৰ্থন
biosdevname
biosdevname পেকেইজ সংস্কৰণ 0.3.8 লে উন্নত কৰা হৈছে, --smbios and --nopirq কমান্ড শাৰী প্ৰাচলসমূহ প্ৰদান কৰাকৈ। এই কমান্ড শাৰী প্ৰাচলসমূহৰ সৈতে, উৎস ক'ড পেচসমূহ, যি এই ক'ডপথসমূহ আতৰাইছিল, নিৰ্মাণ প্ৰক্ৰিয়াৰ পৰা আতৰাব পৰা যাব।
64-bit PowerPC and 64-bit IBM POWER ক্ৰম চিস্টেমসমূহত আৰম্ভণি ramdisk নথিপত্ৰক এতিয়া initrd.img নাম দিয়া হৈছে। পূৰ্বৰ উন্মোচনসমূহত, ইয়াক ramdisk.image.gz নাম দিয়া হৈছিল।
নেটৱাৰ্ক ইনস্টলৰ বাবে স্থিৰ IPv6 ঠিকনা সমৰ্থন
Red Hat Enterprise Linux 6.2 -ত, নেটাৱৰ্ক ইনস্টলসমূহৰ বাবে ipv6 বুট বিকল্পৰ বাবে এটা স্থিৰ IPv6 ঠিকনাক ধাৰ্য্য কৰিব পাৰি। ধাৰ্য্য কৰা ঠিকনা নিম্নলিখিত বিন্যাসৰ হব লাগিব:
<IPv6 address>[/<prefix length>]
এটা বৈধ IPv6 ঠিকনাৰ উদাহৰণ তেতিয়া 3ffe:ffff:0:1::1/128 হব। যদি উপসৰ্গক বাদ দিয়া হয়, 64 -ৰ মান ধৰি লোৱা হয়। ipv6 বুট বিকল্পৰ বাবে এটা স্থিৰ IPv6 ঠিকনা ধাৰ্য্য কৰায় ইতিমধ্যে অস্তিত্ববান dhcp আৰু auto প্ৰাচলসমূহ যাক ipv6 বুট বিকল্পৰ বাবে ধাৰ্য্য কৰিব পাৰি তাক পূৰ্ণ কৰে।
Chapter 3. কাৰনেল
Red Hat Enterprise Linux 6.2 -ত অহা কাৰনেলে Linux কাৰনেলৰ বাবে বহু শতক বাগ ঠিক কৰাসমূহ আৰু বৃদ্ধিসমূহ অন্তৰ্ভুক্ত কৰে। এই উন্মোচনৰ বাবে প্ৰতিটো ঠিক কৰা বাগ আৰু কাৰনেললে যোগ কৰা প্ৰতিটো বৃদ্ধিৰ বাবে, Red Hat Enterprise Linux 6.2 বিটা কাৰিকৰী টোকাসমূহ। -ৰ কাৰনেল অংশ চাওক।
অতিৰিক্ত নথিপত্ৰ প্ৰণালীসমূহত kexec kdump সমৰ্থন
Kdump (এটা kexec-ভিত্তিয় স্খলন ডাম্প কৰা পদ্ধতি) -এ এতিয়া Red Hat Enterprise Linux 6 -ত নিম্নলিখিত নথিপত্ৰ প্ৰণালীসমূহত কেন্দ্ৰ ডাম্প কৰা সমৰ্থন কৰে:
Btrfs (মন কৰিব যে এই নথিপত্ৰ প্ৰণালী এটা প্ৰযুক্তি পূৰ্বদৰ্শন)
ext4
XFS (মন কৰিব যে XFS এটা স্তৰ উৎপাদন আৰু এই বৈশিষ্ট সামৰ্থবান কৰিবলে ইনস্টল থাকিব লাগিব)
Red Hat Enterprise Linux 6.2 -ত লকবিহিন queuecommand ব্যৱহাৰ কৰিবলে আপডেইট কৰা SCSI ড্ৰাইভাৰসমূহ তলত তালিকাভুক্ত কৰা আছে:
iscsi_iser
be2iscsi
bnx2fc
bnx2i
cxgb3i
cxgb4i
fcoe (চফ্টৱেৰ fcoe)
qla2xxx
qla4xxx
ইথাৰনেট (FCoE) লক্ষ্য অৱস্থাৰ উপৰেদি ফাইবাৰ চেনেলৰ বাবে সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ ইথাৰনেট (FCoE) লক্ষ্য অৱস্থাৰ উপৰেদি ফাইবাৰ চেনেলৰ বাবে সমৰ্থন, এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে অন্তৰ্ভুক্ত কৰে। এই কাৰনেল বৈশিষ্ট targetadmin -ৰে সংৰূপণ কৰিব পাৰি, fcoe-target-utils পেকেইজ দ্বাৰা প্ৰদান কৰা। FCoE -ক এটা নেটৱাৰ্ক সমৰ্থন কৰা তথ্য কেন্দ্ৰ ব্ৰিজিং (DCB) -ত ব্যৱহাৰ কৰাৰ বাবে ৰূপাঙ্কণ কৰা হৈছে। ততোধিক বিৱৰণ dcbtool(8) আৰু targetadmin(8) man পৃষ্ঠাসমূহত উপলব্ধ।
গুৰুত্বপূৰ্ণ
এই বৈশিষ্টয় নতুন SCSI লক্ষ্য স্তৰ ব্যৱহাৰ কৰে, যি এই প্ৰযুক্তি পূৰ্বদৰ্শনৰ অধিনত আহে, আৰু FCoE লক্ষ্য সমৰ্থনৰ পৰা সূকীয়াকে ব্যৱহাৰ কৰিব নালাগিব। এই পেকেইজে AGPL অনুজ্ঞা অন্তৰ্ভুক্ত কৰে।
crashkernel=auto বুট প্ৰাচলৰ বাবে সমৰ্থন
Red Hat Enterprise Linux 6.1 -ত, BZ#605786 -ৰ সৈতে, crashkernel=auto বুট প্ৰাচল স্খলিত আছিল। যি কি নহওক, Red Hat Enterprise Linux 6.2 -ত, crashkernel=auto -ৰ বাবে সমৰ্থন সকলো Red Hat Enterprise Linux 6 চিস্টেমসমূহত অব্যাহত ৰখা হৈছে।
Red Hat Enterprise Linux 6.2 -এ pci=realloc কাৰনেল প্ৰাচলৰে চুক্তিবদ্ধ সম্পদ-পুনৰআবন্টন সমৰ্থন কৰে। এই বৈশিষ্টয় কোনো অৱনতি নকৰাকে এটা চলমান পুনৰআবন্টন pci সম্পদ যোগ কৰাৰ এটা অন্তৱৰ্তীকালীন সমাধান প্ৰদান কৰে। ই অবিকল্পিতভাৱে চলমান পুনৰআবন্টন অসামৰ্থবান কৰে, কিন্তু ইয়াক pci=realloc কাৰনেল কমান্ড শাৰী প্ৰাচলৰ সৈতে সামৰ্থবান কৰাৰ ক্ষমতা যোগ কৰে।
USB 3.0 xHCI হস্ট কাষ ড্ৰাইভাৰক বিভাজন-হাব সমৰ্থন যোগ কৰাৰ বাবে আপডেইট কৰা হৈছে, এটা USB 3.0 ৰুটহাব আৰু এটা USB 2.0 ৰুটহাবক ৰেজিস্টাৰ কৰি xHCI হস্ট নিয়ন্ত্ৰকক এটা বহিৰ্তম USB 3.0 হিচাপে অভিনয় কৰিবলে অনুমতি দি।
Red Hat Enterprise Linux 6.2 -ত, কাৰনেলক dmesg বাফাৰৰ পৰা কাৰনেল oops/panic সংবাদসমূহ PowerPC স্থাপত্যসমূহত NVRAM লে কৰগত কৰিবলে সামৰ্থবান কৰা হয়।
MXM ড্ৰাইভাৰ
MXM ড্ৰাইভাৰ, NVIDIA প্লেটফৰ্মসমূহত চুইচ কৰা গ্ৰাফিক্সসমূহ নিয়ন্ত্ৰণ কৰিবলে, Red Hat Enterprise Linux 6.2 -লে বেকপোৰ্ট কৰা হৈছে।
পৃষ্ঠা coalescing
Red Hat Enterprise Linux 6.2 -এ পৃষ্ঠা coalescing উন্মোচন কৰে, IBM Power চাৰ্ভাৰসমূহত এটা বৈশিষ্ট যি যৌক্তিক বিভাজনসমূহৰ মাজত একেধৰণৰ পৃষ্ঠাসমূহ coalescing কৰাৰ অনুমতি দিয়ে।
Red Hat Enterprise Linux 6.2 -এ এটা আপডেইটেড zram ড্ৰাইভাৰ (বৰ্গীয় RAM ভিত্তিয় সংকোচিত খণ্ড ডিভাইচসমূহ সৃষ্টি কৰে)।
taskstat সঁজুলি
Red Hat Enterprise Linux 6.2 -ত, কাৰনেলত taskstat সঁজুলি (ASET কাৰ্য্যসমূহ অৱস্থা প্ৰিন্ট কৰে) -ক ব্যৱহাৰ কৰিব লগিয়া top সঁজুলিৰ বাবে মাইক্ৰছেকেণ্ড CPU সময় গ্ৰেনুলাৰিটি প্ৰদান কৰি প্ৰসাৰিত কৰা হৈছে।
perf সঁজুলি
Red Hat Enterprise Linux 6.2 -এ perf সঁজুলিক আপস্ৰিম সংস্কৰণ 3.1 -লে কাৰনেল আপগ্ৰেইড v 3.1 -ৰ সৈতে আপডেইট কৰে। perf সঁজুলি দ্বাৰা প্ৰদান কৰা নতুনকে সমৰ্থিত কাৰনেল বৈশিষ্টসমূহৰ বাবে BZ#725524 চাওক। perf সঁজুলিৰ আপডেইটেড সংস্কৰণে অন্তৰ্ভুক্ত কৰে:
cgroup সমৰ্থন যোগ কৰা হল
/proc/sys/kernel/kptr_restrict -ৰ নিয়ন্ত্ৰণ যোগ কৰা হল
অধিক ক্যাশ-বাদ শতাংশ প্ৰিন্টআউটসমূহ যোগ কৰা হল
অধিক CPU ঘটনাসমূহ দেখাবলে -d -d আৰু -d -d -d বিকল্পসমূহ যোগ কৰা হল
--sync/-S বিকল্প যোগ কৰা হল
PERF_TYPE_RAW প্ৰাচলৰ বাবে সমৰ্থন যোগ কৰা হল
-f/--fields বিকল্পৰ বাবে অধিক তথ্যচিত্ৰ যোগ কৰা হল
python বান্ধণী সমৰ্থনৰ বাবে python-perf পেকেইজ যোগ কৰা হৈছে।
OProfile সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ শেহতীয়া Intel প্ৰচেছৰসমূহৰ বাবে OProfile সমৰ্থন যোগ কৰে।
IRQ গণনা
বাধা অনুৰোধসমূহৰ সংখ্যা (IRQ) এতিয়া এটা সকলো irq -ৰ যোগফল কাউন্টাৰত গণনা কৰা হয়, /proc/stat নথিপত্ৰত চোৱাৰ দাম কম কৰাকৈ।
সূচক উন্নতি
Red Hat Enterprise Linux 6.2 -এ এটা সূচক উন্নতি উন্মোচন কৰে যত সূচকক নিদ্ৰা আৰু প্ৰিমপ্ট পথত পৰৱৰ্তী সমনীয়া হিন্টত এটা হিন্ট প্ৰদান কৰা হয়। এই হিন্ট/প্ৰসাৰন -এ বহু কাৰ্য্য দলসমূহত বহু কাৰ্য্যৰ কাৰ্য্যভাৰত সহায় কৰে।
স্বচ্ছ বৃহত পৃষ্ঠা উন্নয়ন
Red Hat Enterprise Linux 6.2 -ত, স্বচ্ছ বৃহত পৃষ্ঠাসমূহক এতিয়া কাৰনেলৰ বহুতো অংশত সমৰ্থন কৰা হয়:
অতিৰিক্তভাৱে, স্বচ্ছ বৃহত পৃষ্ঠাসমূহে কিছুমান সংকোচন উন্নতিসমূহ যোগ কৰে।
XTS AES256 স্ব-পৰিক্ষাসমূহ
Red Hat Enterprise Linux 6.2 -এ FIPS-140 প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণ কৰিবলে XTS (XEX-ভিত্তিয় Tweaked CodeBook) AES256 স্ব-পৰিক্ষণসমূহ যোগ কৰে।
SELinux নেটপৰিস্ৰাৱক পেকেট ড্ৰপসমূহ
পূৰ্ৱতে, SELinux নেটপৰিস্ৰাৱক হুকসমূহে NF_DROP ঘুৰাই পঠাইছিল যদি সিহতে এটা পেকেট ড্ৰপ কৰিছিল। Red Hat Enterprise Linux 6.2 -ত, নেটপৰিস্ৰাৱক হুকসমূহত এটা ড্ৰপক এটা স্থায়ী মাৰাত্মক ত্ৰুটি হিচাপে ইংগিত কৰা হয় আৰু ই অস্থায়ী নহয়। এনে কৰিলে, ত্ৰুটিক স্টেকৰ উপৰফালে প্ৰেৰণ কৰা হয়, আৰু কিছুমান স্থানত অনুপ্ৰয়োগসমূহে অধিক দ্ৰুত ভাৱবিনিময় পাব যেতিয়া কিবা এটা ভুল হয়।
LSM হুক
Red Hat Enterprise Linux 6.2 -ত, remount মাউন্ট বিকল্পসমূহ (mount -o remount) এটা নতুন LSM হুকলে প্ৰেৰণ কৰা হয়।
UEFI চিস্টেমসমূহৰ বাবে অবিকল্পিত অৱস্থা
Red Hat Enterprise Linux 6.0 আৰু 6.1 UEFI চিস্টেমসমূহক এটা ভৌতিক ঠিকনা অৱস্থাত চলাবলে অবিকল্পিত। Red Hat Enterprise Linux 6.2 UEFI চিস্টেমসমূহক এটা ভাৰছুৱেল ঠিকনা অৱস্থাত চলাবলে অবিকল্পিত। পূৰ্ব আচৰণক physefi কাৰনেল প্ৰাচল প্ৰেৰণ কৰি প্ৰাপ্ত কৰিব পাৰি।
SSH -ৰে kdump কৰাৰ অবিকল্পিত পদ্ধতি
Red Hat Enterprise Linux 6 -ত, SSH -ৰে kdump কৰাৰ অবিকল্পিত core_collector পদ্ধতি scp -ৰ পৰা makedumpfile -লে সলনি কৰা হৈছে, যি নেটৱাৰ্ক লিঙ্কৰে কপি কৰাৰ সময়ত কেন্দ্ৰ নথিপত্ৰৰ আকাৰ সৰু কৰাত সহায় কৰে, যাৰ ফলস্বৰূপ দ্ৰুত কপি হয়।
Linux কাৰনেলত সম্পূৰ্ণভাৱে শুদ্ধ সূচক (CFS) এটা সমানুপাতিক অংশ সূচক যি কাৰ্য্যৰ প্ৰাথমিকতা/উজন অথবা কাৰ্য্যসমূহৰ দললে ধাৰ্য্য কৰা অংশসমূহৰ উপৰত নিৰ্ভৰ কৰি CPU সময়ক সমানুপাতিকভাৱে কাৰ্য্যসমূহৰ দলৰ মাজত বিতৰন কৰে। CFS -ত, এটা কাৰ্য্য দলে ইয়াৰ CPU অংশতকে অধিক পাব পাৰে যদি চিস্টেম পৰ্যাপ্ত অলস CPU চক্ৰ উপলব্ধ থাকে, সূচকৰ কাম সংৰক্ষণ স্বভাৱৰ বাবে।
যি কি নহওক প্ৰতিষ্ঠান পৰিপ্ৰেক্ষতিতসমূহ তলত তালিকাভুক্ত কৰা আছে, যত এটা কাৰ্য্য দললে পছন্দৰ CPU অংশতকে অধিক দিয়া গ্ৰহণযোগ্য নহয়।
প্ৰতি-ব্যৱহাৰ-দাম
প্ৰতিষ্ঠান চিস্টেমসমূহ যি বহু গ্ৰাহকৰ প্ৰয়োজন সম্পূৰ্ণ কৰে, cloud সেৱা প্ৰদানকাৰীসমূহক সেৱা স্তৰৰ উপৰত ভিত্তি কৰি ভাৰছুৱেল অতিথিলে এটা নিৰ্দিষ্ট CPU সময় ধাৰ্য্য কৰিব লাগিব।
সেৱা স্তৰ প্ৰত্যাভূতীসমূহ
গ্ৰাহকে প্ৰতিটো ভাৰছুৱেল অতিথিৰ বাবে সেৱাৰ বাধা নহোৱাকে CPU সম্পদৰ এটা অংশ বিচাৰে।
এই পৰিপ্ৰেক্ষতিতসমূহত, সূচকৰ এটা কাৰ্য্য দলত CPU সম্পদ উপভোগত এটা কঠিন বন্ধ স্থাপন কৰিব লাগিব যদি ই এটা পূৰ্বনিৰ্ধাৰিত সীমা অতিক্ৰম কৰে। ইয়াক সাধাৰণত কাৰ্য্য দল যেতিযা ই সম্পূৰ্ণভাৱে ইয়াৰ আবন্টিত CPU সময় উপভোগ কৰে তেতিয়া ইয়াক জেকাই প্ৰাপ্ত কৰা হয়।
cgroups CPU আটাল বলৱৎকৰণক Red Hat Enterprise Linux বৈশিষ্ট দললে এটা গুৰুত্বপূৰ্ণ যোগ হিচাপে ধৰা হয়, উপৰত তালিকাভুক্ত ব্যৱহাৰ ক্ষেত্ৰৰ বাবে। CPU আটাল বলৱৎকৰণক Xen -ত Credit সূচক দ্বাৰা, আৰু লগতে VMware ESX সূচকত প্ৰদান কৰা হয়।
SMP চিস্টেমসমূহত Cgroups CPU নিয়ন্ত্ৰক স্কেলেবিলিটি উন্নয়ন
বাকচৰ বাহিৰ Red Hat Enterprise Linux 6 সমৰ্থিত cgroups, আৰু libvirt প্ৰতি অতিথি আৰ্হি এটা cgroups সৃষ্টি কৰিছিল। ডাঙৰ SMP চিস্টেমসমূহত, cgroups -ৰ সংখ্যাৰ বৃদ্ধিয়ে পৰিৱেশন আৰু বেয়া কৰিছে। যি কি নহওক, Red Hat Enterprise Linux 6.2 -ত, cgroups CPU স্কেলেবিলিটিক বিশেষভাৱে উন্নত কৰা হৈছে, যাৰ ফলত কেইবা শতক cgroups -ক কোনো পৰিৱেশন বাধা নহোৱাকে একে সময়তে চলোৱা সম্ভব হৈছে।
স্কেলেবিলিটি উন্নয়নৰ অতিৰিক্তে, এটা /proc টিউন কৰিব পৰা প্ৰাচল, dd sysctl_sched_shares_window, যোগ কৰা হৈছে, অবিকল্পিতক 10 ms লে সংহতি কৰাকে।
iSER আৰম্ভক আৰু লক্ষ্য এতিয়া সম্পূৰ্ণভাৱে সমৰ্থিত। উৎপাদন পৰিৱেশসমূহ যি InfiniBand ব্যৱহাৰ কৰে আৰু যত উচ্চ থ্ৰপুট আৰু নিম্ন লেটেন্সি হল মূখ্য প্ৰয়োজনীয়তা তাৰ Red Hat Enterprise Linux -এ এতিয়া এটা iSCSI আৰম্ভক আৰু সংৰক্ষণ চাৰ্ভাৰ হিচাপে কাৰ্য্য কৰিব পাৰে।
LVM ডিভাইচসমূহৰ বাবে কম সক্ৰিয় সময়সমূহ
LVM ডিভাইচসমূহক এতিয়া আগতকে সোনকালে সক্ৰিয় অথবা নিষ্ক্ৰিয় কৰিব পাৰি। ই উচ্চ-ঘনত্ব পৰিৱেশসমূহ যি LVM সংৰূপসমূহৰ এটা ডাঙৰ সংখ্যা অন্তৰ্ভুক্ত কৰে তাৰ লগত প্ৰাসংগিক। ইয়াৰ এটা উদাহৰণ হল এটা হস্ট যি বহু ভাৰছুৱেল অতিথি যাৰ প্ৰত্যাকটোৱে এটা বা অধিক যৌক্তিক আয়তনসমূহ ব্যৱহাৰ কৰে তাক সমৰ্থন কৰে।
Chapter 7. নথিপত্ৰ প্ৰণালী
XFS বঢ়োৱা
XFS নথিপত্ৰ প্ৰণালী বৰ্তমানে Red Hat Enterprise Linux 6 -ত সমৰ্থিত আৰু বহু ডাঙৰ নথিপত্ৰসমূহ আৰু এটা হস্টত নথিপত্ৰ প্ৰণালীসমূহৰ বাবে পৰ্যাপ্ত। অনুকলিত বেকআপ আৰু পুনৰ সংৰক্ষণ, প্ৰত্যক্ষ I/O আৰু নথিপত্ৰ প্ৰণালীৰ অনলাইন পুনৰ আকাৰ হল কিছুমান সুবিধা যি এই নথিপত্ৰ প্ৰণালীয়ে প্ৰদান কৰে।
XFS প্ৰণয়ন মেটাডাটা বিশেষ কামভাৰসমূহ অধিক ভালদৰে ব্যৱস্থাপনা কৰিবলে উন্নত কৰা হৈছে। এনে ধৰণৰ কামভাৰৰ এটা উদাহৰণ হল এটা ডাইৰেকটৰিত হাজাৰ সৰু নথিপত্ৰ অভিগম কৰা। এই বৃদ্ধিৰ আগত, মেটাডাটা প্ৰক্ৰিয়কৰণে এটা বাধা সৃষ্টি কৰিছিল আৰু এটা স্খলিত পৰিৱেশন প্ৰদান কৰিছিল। এই সমস্যা চাবলে মেটাডাটা লগিং বিলম্ব কৰাৰ এটা বিকল্প যোগ কৰা হৈছে যি পৰিৱেশনৰ এটা গুৰুত্বপূৰ্ণ পৰিৱেশন উন্নয়ন প্ৰদান কৰে। মেটাডাটৰ এই বিলম্ভিত লগিংৰ বাবে, XFS পৰিৱেশন এনেধৰণৰ কাৰ্য্যভাৰসমূহৰ বাবে ext4 -ৰ সমসাময়িক। বিলম্বিত লগিং ব্যৱহাৰ কৰিবলে অবিকল্পিত মাউন্ট বিকল্পসমূহ আপডেইট কৰা হৈছে।
Red Hat Enterprise Linux 6.2 -এ SCTP বহুঘৰ— -ৰ বাবে সমৰ্থন যোগ কৰে ন'ডসমূহৰ ক্ষমতা (মানে বহু-ঘৰ ন'ডসমূহ) বহু IP ঠিকনাসমূহৰ অন্তৰ্গত প্ৰাপ্ত কৰিবলে।
UDP পেকেট ড্ৰপ ঘটনাসমূহৰ বাবে ট্ৰেইচপোইন্টসমূহ
Red Hat Enterprise Linux 6.2 -ত, UDP পেকেট ড্ৰপ ঘটনাসমূহৰ বাবে অধিক ট্ৰেইচপোইন্টসমূহ যোগ কৰা হৈছে। এই ট্ৰেইচপোইন্টসমূহে UDP পেকেটসমূহ ড্ৰপ কৰাৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ এটা পদ্ধতি প্ৰদান কৰে।
IPSet
কাৰনেলৰ IPset বৈশিষ্টক বহু IP ঠিকনা অথবা পোৰ্ট নম্বৰসমূহ সংৰক্ষণ কৰাৰ বাবে, আৰু সিহতক iptables -ৰে এটা সংগ্ৰহৰ সৈতে মিল খোৱাৰ বাবে যোগ কৰা হৈছে।
TCP আৰম্ভণি গ্ৰহণ উইন্ডো অবিকল্পিত
TCP আৰম্ভণি গ্ৰহণ উইন্ডো অবিকল্পিতক 4kB -ৰ পৰা 15kB লে বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ সুবিধা এই যে যিকোনো তথ্য (15 kB > payload > 4 kB) এতিয়া আৰম্ভণি উইন্ডোত খাপ খাব পাৰে। এটা 4 kB সংহতি (IW3) -ৰ সৈতে, 4 kB -কে ডাঙৰ যিকোনো পেল'ডৰ বাবে কেইবাটাও স্থানান্তৰত বিভক্ত কৰিব লাগিব।
TCP আৰম্ভণি জুম উইন্ডো অবিকল্পিত
Red Hat Enterprise Linux 6.2 -ত, TCP আৰম্ভণি জুম উইন্ডো অবিকল্পিত এতিয়া 10 লে সংহিত, RFC 5681 -ৰ মতে। অতিৰিক্তভাৱে, TCP আৰু CCID-2 লে সাধাৰণ আৰম্ভণি-উইন্ডো ক'ড একীকৃত কৰা হৈছে।
IPv6 -ত GSO সমৰ্থন
IPv6 আগলৈ পথৰ বাবে GSO (বৰ্গীয় বিভাজন প্ৰক্ৰিয়া অফল'ড) সমৰ্থন যোগ কৰা হৈছে, হস্ট/অতিথি সংযোগৰ পৰিৱেশন উন্নত কৰাকৈ যদি GSO সামৰ্থবান আছে।
vios-proxy
vios-proxy এটা ভাৰছুৱেল অতিথিত এটা ক্লাএন্ট আৰু এটা হাইপাৰভাইছৰ হস্টত এটা চাৰ্ভাৰৰ মাজত সংযোগ প্ৰদান কৰিবলে এটা স্ট্ৰিম-চকেট প্ৰক্সি। সংযোগ virtio-ক্ৰম সংযোগসমূহৰে উপস্থিত হয়। এই বৈশিষ্ট Red Hat Enterprise Linux 6.2 -ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।
Chapter 9. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্যকৰীতা
পৰিচয় ব্যৱস্থাপনা
Red Hat Enterprise Linux 6.2 -এ পৰিচয় ব্যৱস্থাপনা ক্ষমতাসমূহ অন্তৰ্ভুক্ত কৰে যি ব্যৱহাৰকাৰী পৰিচয়সমূহ, নীতি-ভিত্তিয় অভিগম নিয়ন্ত্ৰণ আৰু প্ৰমাণীকৰণ সেৱাসমূহৰ কেন্দ্ৰীয় ব্যৱস্থাপনাৰ অনুমতি দিয়ে। এই পৰিচয় ব্যৱস্থাপনা সেৱা, পূৰ্বতে IPA হিচাপে প্ৰসংগিত, মুক্ত উৎস FreeIPA প্ৰকল্প ভিত্তিয়। এই সেৱাসমূহক পূৰ্ৱৰ Red Hat Enterprise Linux 6 উন্মোচনসমূহত এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে প্ৰস্তুত কৰা হৈছে। এই উন্মোচনৰ সৈতে, পৰিচয় ব্যৱস্থাপনাক সম্পূৰ্ণ সমৰ্থিত হিচাপে পদোন্নতি কৰা হৈছে।
নতুন ইনস্টলসমূহৰ বাবে প্ৰমাণপত্ৰ-ভিত্তিয় RHN অবিকল্প
পৰৱৰ্তী প্ৰজন্ম স্বাক্ষৰণ ব্যৱস্থাপনা ক্ষমতাসমূহ যি Red Hat Enterprise Linux 6.1 -ত উন্মোচন কৰা হৈছিল এতিয়া Red Hat Enterprise Linux 6.2 -ৰ নতুন ইনস্টলসমূহৰ বাবে এতিয়া অবিকল্পিত। নতুন স্বাক্ষৰণ ব্যৱস্থাপনা প্লেটফৰ্মে Red Hat স্বাক্ষৰণসমূহ আৰু চফ্টৱেৰ সেৱাসমূহক এটা স্থিতিস্থাপক, বঢ়াব পৰা আৰু সুৰক্ষিত ধৰণে প্ৰদান কৰে। এটা নতুন Red Hat Enterprise Linux 6 চিস্টেম ইনস্টল কৰোতে, এজন ব্যৱহাৰকাৰীয়ে x.509 প্ৰমাণপত্ৰসমূহ গ্ৰহণ কৰে যি কোনবোৰ Red Hat উৎপাদন ইনস্টল আছে আৰু কোনবোৰ স্বাক্ষৰণ মেচিনে উপভোগ কৰি আছে তাৰ বিষয়ে তথ্য অন্তৰ্ভুক্ত কৰে। স্বাক্ষৰণ তথ্যয় সমৰ্থন স্তৰসমূহ, অৱসানৰ তাৰিখসমূহ, Red Hat একাওন্ট নম্বৰসমূহ, আৰু Red Hat চুক্তি নম্বৰসমূহ অন্তৰ্ভুক্ত কৰে। অতিৰিক্তভাৱে, এটা x.509 প্ৰমাণপত্ৰয় এটা মেচিনক Red Hat সমল প্ৰদান নেটৱাৰ্ক (CDN) -লে প্ৰমাণিত কৰাৰ অনুমতি দিয়ে। বিশ্বব্যাপীভাৱে বিতৰিত Red Hat সমল প্ৰদান নেটৱাৰ্ক (CDN) -ক Red Hat চিস্টেমসমূহৰ আউটেইজ এটাৰ সৈতেও কাম কৰাৰ বাবে ৰূপাঙ্কণ কাৰ আছে। উত্তৰ আমেৰিকাৰ বাহিৰৰ ব্যৱহাৰকাৰীসমূহে নতুন চিস্টেমৰ সৈতে উন্নত আপডেইট গতি আৰু উপলব্ধতা দেখা পাব লাগে। RHN Classic আৰু RHN Satellite 5 কমপিউটাৰ ৰেজিস্ট্ৰেষণ আৰু আপডেইটসমূহ গ্ৰহণ কৰাৰ বাবে উপলব্ধ আৰু সম্পূৰ্ণভাৱে সমৰ্থিত।
Red Hat Enterprise Linux 6.2 বিটাৰ বাবে, Red Hat Enterprise Linux 6 এতিয়া পৰিক্ষণ সুনিশ্চিতকৰণ স্তৰ (EAL) 4+ -ত সাধাৰণ নিয়মৰ বাবে পৰিক্ষণ অধিন। সাধাৰন নিয়মে সুৰক্ষা প্ৰয়োজনসমূহ প্ৰকাশ কৰাৰ এটা প্ৰমাণিত পদ্ধতি প্ৰদান কৰে আৰু উৎপাদনসমূহ পৰিক্ষণ কৰিবলে কঠিন নিয়মৰ এটা সংহতিৰ বিৱৰণ দিয়ে।
FIPS-140 সতাসত্য নিৰূপণ
Red Hat Enterprise Linux 6.2 বিটাৰ বাবে, Red Hat Enterprise Linux 6 ক্ৰিপ্টোগ্ৰাফীয় মডিউলসমূহ FIPS-140 প্ৰমাণীকৰণৰ বাবে পৰিক্ষণৰ অধিন। FIPS-140 ক্ৰিপ্টোগ্ৰাফীয় মডিউলসমূহ পৰিক্ষণ কৰিবলে ব্যৱহৃত এটা মাৰ্কিন চৰকাৰ সুৰক্ষা প্ৰামাণিক। Red Hat Enterprise Linux -এ এতিয়া সকলো চৰকাৰী সংঘঠনসমূহ দ্বাৰা ক্ৰিপ্টোগ্ৰাফীয় মডিউলসমূহ গ্ৰহণযোগ্য ব্যৱহাৰৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰ দ্বাৰা বাধ্যতামূলক কৰা বিধিসন্মত প্ৰয়োজনীয়তা সন্তুষ্ট কৰে।
ভৰষাবান বুট
Red Hat Enterprise Linux 6.2 includes Intel Trusted Boot, a trusted boot mechanism (provided by the tboot package). Trusted boot is an install-time optional component that allows for Intel's Trusted Execution Technology (TXT) to perform a measured and verified launch of the operating system kernel. Trusted boot is supported on both Intel x86 and Intel 64/AMD64 architectures.
ভাৰছুৱেল CPU সময়অংশ অংশীদাৰী Linux সূচক স্তৰত এটা পৰিৱেশন উন্নত কৰা বৈশিষ্ট, যত এটা ঘুৰি থকা ভাৰছুৱেল CPU -এ ইয়াৰ সময়অংশৰ অৱশিষ্টক CPU উৎপন্ন কৰাৰ আগত অন্য ভাৰছুৱেল CPU লে প্ৰদান কৰিব পাৰে। এই বৈশিষ্টয় এটা অন্তনিৰ্হিত লক ব্যৱস্থাপক অগ্ৰাধিকাৰ বিষয় যি SMP চিস্টেমসমূহত অস্তিত্ববান ঠিকনাবৃত কৰে, যি ভাৰছুৱেল CPUসমূহত পৰিৱেশনৰ উপৰত প্ৰভাৱ পেলাব পাৰে। এই বৈশিষ্টয় বহু-প্ৰচেছৰ অতিথিসমূহত এটা স্থিৰ পৰিৱেশন প্ৰদান কৰে। এই বৈশিষ্ট দুয়ো Intel আৰু AMD প্ৰচেছৰসমূহত সমৰ্থিত, আৰু ইয়াক Intel প্ৰচেছৰসমূহত বিৰাম লুপ প্ৰস্থান (PLE), আৰু AMD প্ৰচেছৰসমূহত বিৰাম পৰিস্ৰাৱক কোৱা হয়।
KVM নেটৱাৰ্ক পৰিৱেশন উন্নতিসমূহ
KVM নেটৱাৰ্ক পৰিৱেশন ভাৰছুৱেলাইজেষণ আৰু cloud ভিত্তিয় উৎপাদন আৰু সমাধানসমূহৰ এটা গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তা। Red Hat Enterprise Linux 6.2 -এ বিভিন্ন সংস্থাপনত KVM নেটৱাৰ্ক পাৰা-ভাৰছুৱেলাইজ্ড ড্ৰাইভাৰ পৰিৱেশন উন্নত কৰিবলে নেটৱাৰ্ক পৰিৱেশন অনুকলনসমূহৰ এটা ভালেমান সংখ্যা প্ৰদান কৰে।
উন্নত সৰু বাৰ্তা KVM পৰিৱেশন
Red Hat Enterprise Linux 6.2 -এ সৰু বাৰ্তাসমূহ (< 4K) সৃজন কৰা নেটৱাৰ্কিং কাৰ্য্যভাৰসমূহৰ এটা ভিন্নতা সন্তুষ্ট কৰিবলে KVM সৰু বাৰ্তা পৰিৱেশন উন্নত কৰে।
KVM নেটৱাৰ্ক ড্ৰাইভাৰসমূহত তাঁৰ গতি প্ৰয়োজনীয়তা
ভাৰছুৱেলাইজেষণ আৰু cloud উৎপাদনসমূহ যি নেটৱাৰ্কিং কাৰ্য্যভাৰসমূহ চলায় সিহতৰ তাঁৰ গতিসমূহ চলোৱাৰ প্ৰয়োজন। Red Hat Enterprise Linux 6.1 লৈকে, এটা নিম্ন CPU ব্যৱহাৰৰ সৈতে এটা ১০ GB ইথাৰনেট NIC -ত তাঁৰ গতি প্ৰাপ্ত কৰাৰ একমাত্ৰ পদ্ধতি আছিল PCI ডিভাইচ ধাৰ্য্যকৰণ (পাচথ্ৰু) ব্যৱহাৰ কৰা, যি অন্য বৈশিষ্টসমূহ যেনে মেমৰি অতিৰিক্ত কমিট আৰু অতিথি প্ৰব্ৰজন সীমিত কৰে।
macvtap/vhost শূন্য কপি ক্ষমতাসমূহে ব্যৱহাৰকাৰীক সেই বৈশিষ্টসমূহ ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে যেতিয়া উচ্চ পৰিৱেশনৰ প্ৰয়োজন হয়। এই বৈশিষ্টয় VEPA ব্যৱহাৰ ক্ষেত্ৰত যিকোনো Red Hat Enterprise Linux 6.x অতিথিৰ বাবে পৰিৱেশন উন্নত কৰে। এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।
UDP চেকচাম অনুকলনে অতিথিক চেকচাম সতাসত্য নিৰূপণ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰে যদি ই হস্ট NIC সমূহ দ্বাৰা সতাসত্য নিৰূপণ কৰা হৈছে। এই বৈশিষ্টয় Red Hat Enterprise Linux 6.2 অতিথিসমূহ আৰু হস্টসমূহৰ সৈতে ১০ GB ইথাৰনেট কাৰ্ডসমূহত বহিৰ্তমৰ পৰা অতিথিলে UDP গতি বৃদ্ধি কৰে। UDP চেকচাম অনুকূলীকৰণ virtio-net ড্ৰাইভাৰত প্ৰণয়ন কৰা হৈছে।
উন্নত I/O পথ পৰিৱেশন যেতিয়া হস্ট অতিথিকে লেহেম
Red Hat Enterprise Linux 6.2 KVM নেটৱাৰ্ক ড্ৰাইভাৰৰ উন্নত I/O পথ পৰিৱেশন আছে, ত্ৰাস কৰা ভাৰছুৱেল মেচিন প্ৰস্থান আৰু বাধাসমূহৰ সৈতে, যাৰ ফলত দ্ৰুত তথ্য প্ৰেৰণ হয়। এই উন্নতিয়ে লগতে আপোনাক এটা লেহেম হস্টত এটা দ্ৰুত অতিথি চলাবলে সামৰ্থবান কৰে, কোনো পৰিৱেশন হাৰ নকমোৱাকৈ। এই বৃদ্ধি এটা বৃদ্ধিত virtio চক্ৰ গঠন, আৰু virtio আৰু vhost-net -ত ঘটনা সূচি সমৰ্থন দ্বাৰা প্ৰাপ্ত কৰা হয়।
KVM চিস্টেম ব্যৱস্থাপনা আৰু ব্যৱহাৰৰ উন্নতিসমূহ
SNMP -ৰ যোগেদি চিস্টেম পৰ্যবেক্ষণ
এই বৈশিষ্টয় স্থিৰ প্ৰযুক্তিৰ বাবে KVM সমৰ্থন প্ৰদান কৰে যি ইতিমধ্যে তথ্য কেন্দ্ৰত খালি ধাতু চিস্টেমসমূহৰ সৈতে ব্যৱহৃত। SNMP পৰ্যবেক্ষণৰ এটা প্ৰামাণিক আৰু অতি ভালদৰে বুজি পোৱা যায় আৰু লগতে গণনাত দক্ষ। Red Hat Enterprise Linux 6.2 -ত SNMP -ৰে চিস্টেম পৰ্যবেক্ষণে KVM -ক ঘটনাসমূহত SNMP ট্ৰেপসমূহ পঠোৱাৰ অনুমতি দিয়ে যাতে হাইপাৰভাইছৰ ঘটনাসমূহ ব্যৱহাৰকাৰীলে প্ৰামাণিক SNMP প্ৰটোকলৰ সৈতে সংযোগ কৰিব পাৰি। এই বৈশিষ্টক এটা নতুন পেকেইজ: libvirt-snmp যোগ কৰি প্ৰদান কৰা হৈছে। এই বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰা হৈছে।
উন্নত অতিথি ডিবাগ কৰা ক্ষমতাসমূহ
ব্যৱহাৰকাৰীসমূহ যিসকলে নিজৰ তথ্য কেন্দ্ৰসমূহ ভাৰছুৱেলাইজ কৰে ডিবাগ কৰাৰ এটা পদ্ধতি বিচাৰে যেতিয়া এটা অতিথি OS হেঙ হয় আৰু এটা স্খলন ডাম্প আৰম্ভ কৰিব লগিয়া হয়। দুটা পদ্ধতি আছে যাক ভৌতিক চিস্টেমসমূহৰ সৈতে বেছিকৈ ব্যৱহাৰ কৰা হয়:
অতিথিত এটা মাস্ক কৰিব নোৱাৰা বাধা (NMI) ট্ৰিগাৰ কৰা
অতিথিলৈ SysRq ক্ৰমসমূহ প্ৰেৰণ কৰা
যত এই ক্ষমতাসমূহ KVM কনচৌলৰ সৈতে প্ৰত্যক্ষভাৱে প্ৰদান কৰা হৈছে, কেইবাজনো ব্যৱহাৰকাৰীয়ে libvirt API আৰু virsh -ৰ সৈতে KVM ব্যৱহাৰ কৰে, যত এই দুটা বৈশিষ্ট সন্ধানহিন আছিল। Red Hat Enterprise Linux 6.2 -এ অতিথি ডিবাগিং ক্ষমতাসমূহ KVM স্টেকৰে উন্নত কৰে, এজন ব্যৱহাৰকাৰীক অতিথিসমূহত NMIসমূহ ট্ৰিগাৰ কৰাৰ আৰু অতিথিসমূহলে SysRq কি ক্ৰমসমূহ পঠোৱাৰ অনুমতি দিয়ে।
উন্নত ভাৰছুৱেল মেচিন বুট আপ অভিগম
ব্যৱহাৰকাৰীসমূহ যিসকলে সিহতৰ তথ্য কেন্দ্ৰসমূহ ভাৰছুৱেলাইজ কৰে সিহতৰ অতিথি বুট আপ প্ৰক্ৰিয়া অনুকৰন কৰাৰ আৰু আৰম্ভণিৰ পৰা সম্পূৰ্ণ BIOS আৰু কাৰনেল বুট আপ বাৰ্তা প্ৰদৰ্শন কৰাৰ প্ৰয়োজন হয়। এই বৈশিষ্টৰ অনুপস্থিতিয়ে ব্যৱহাৰকাৰীসমূহক virsh কনচৌলৰ এটা ভাৱবিনিময়ী ব্যৱহাৰৰ পৰা বাধা দিয়ে, বুট আপৰ আগত। এটা নতুন পেকেইজ, sgabios, Red Hat Enterprise Linux 6.2 -লে যোগ কৰা হৈছে, এই ক্ষমতা প্ৰদান কৰিবলে, qemu-kvm -ৰ সৈতে কিছুমান যোগদানৰ সৈতে।
জীৱন্ত স্নেপশটসমূহ
Red Hat Enterprise Linux 6.2 -এ জীৱন্ত স্নেপশট বৈশিষ্টক এটা প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে উন্মোচন কৰে। জীৱন্ত স্নেপশটসমূহ বৈশিষ্টয় হাৰ্ড ড্ৰাইভত ভাৰছুৱেল মেচিন ছবিসমূহৰ স্বচালিত বেকআপ প্ৰদান কৰে, আৰু ভাৰছুৱেল ডিস্কসমূহৰ স্বচ্ছভাৱে এটা প্ৰতি ড্ৰাইভ স্নেপশট প্ৰদান কৰে, বহিৰ্তম qcow2 ছবিসমূহ ব্যৱহাৰ কৰি। বহু-ডিস্ক জীৱন্ত স্নেপশট সৃষ্টিয়ে qemu -ক যিমান ডিস্ক আছে সিমান স্নেপশটসমূহ লোৱাৰ পৰা আগতে ৰখাই তথ্যৰ সত্যতা ব্যৱস্থাপনাত সহায় কৰে। সেয়েহে, এটা বহু-ডিস্ক স্নেপশটৰ সময়ৰ একেটা বিন্দুৰ পৰা তথ্য অন্তৰ্ভুক্ত কৰা সকলো ডিস্ক থাকিব।
এইটো গুৰুত্বপূৰ্ণ জানি থোৱা যে নথিপত্ৰ প্ৰণালী স্থিৰতাৰ সৈতে এটা সীমা আছে। যি কি নহওক, স্নেপশট ছবিৰ পুনৰ ব্যৱহাৰ স্খলন-স্থিৰ। এজন ব্যৱহাৰকাৰীক এটা নথিপত্ৰ প্ৰণালী নিৰীক্ষণ (fsck) অথবা আলোচনী প্ৰবিষ্টিসমূহ পুনৰ চলাব লাগিব, যি পাৱাৰ কৰ্ড টান মৰাৰ পিছত বুট কৰাৰ সৈতে সদৃশ।
বহু-প্ৰচেছৰ (NUMA) টিউনিং উন্নতিসমূহ
Red Hat Enterprise Linux 6.2 -এ libvirt API স্টেকলে টিউনিং উন্নতিসমূহ যোগ কৰে, যাৰ ফলত SPECvirt মাপসমূহ পৰিৱেশন কৰোতে উন্নত বাকচৰ-বাহিৰ পৰিৱেশন হয়। Red Hat Enterprise Linux 6.2 -এ এতিয়া এটা ভাৰছুৱেল মেচিন সৃষ্টি কৰোতে এটা NUMA ন'ডৰ সৈতে যুক্ত ভাৰছুৱেল মেমৰি পিন কৰিবলে সক্ষম।
Red Hat Enterprise Linux 6.2 -ত মাটাহাৰি কেৱল x86 আৰু AMD64 স্থাপত্যসমূহৰ বাবে সমৰ্থিত। অন্য স্থাপত্যসমূহৰ বাবে নিৰ্মাণসমূহ প্ৰযুক্তি পূৰ্বদৰ্শন হিচাপে গন্য কৰা হয়।
স্বচালিত বাগ সংবাদন সঁজুলি
Red Hat Enterprise Linux 6 -এ ABRT 2.0 উন্মোচন কৰে। ABRT -এ এটা স্থানীয় চিস্টেমত চফ্টৱেৰ স্খলনসমূহৰ বিৱৰণসমূহৰ লগ ৰাখে, আৰু বিভিন্ন বিষয় অনুকৰক, Red Hat সমৰ্থন অন্তৰ্ভুক্ত কৰাকৈ বিসয়সমূহ সংবাদন কৰিবলে আন্তঃপৃষ্টসমূহ (গ্ৰাফিয় আৰু কমাণ্ড শাৰী ভিত্তিয়) প্ৰদান কৰে। এই আপডেইটে নিম্নলিখিত উল্লেখযোগ্য বৃদ্ধিসমূহ প্ৰদান কৰে:
এটা নতুন বাক্যবিন্যাসৰ সৈতে অধিক স্থিতিস্থাপক সংৰূপ।
Out-of-process প্লাগিনসমূহ (প্লাগিনসমূহ ভিন্ন প্ৰক্ৰিয়াসমূহত চলে আৰু অন্য প্ৰক্ৰিয়াসমূহৰ সৈতে আন্তঃপ্ৰক্ৰিয়া সংযোগৰ সহায়ত সংযোগ কৰে)। এনে ৰূপাঙ্কণৰ সুবিধাসমূহ হল:
IBM System z -ত Linux -ৰ বাবে অনুকলিত মেথ লাইব্ৰেৰি
Red Hat Enterprise Linux 6.2 -এ System z -ত Linux -ৰ বাবে এটা অনুকলিত ৰৈখিক এলজেব্ৰা মেথ লাইব্ৰেৰি প্ৰদান কৰে যি কমপাইলাৰক উচ্চ আলেখ্য ফলনসমূহৰ বাবে ক'ড সৃজন কৰা সামৰ্থবান কৰে, শেহতীয়া হাৰ্ডৱেৰ ফলনসমূহৰ সুবিধা লোৱাকৈ।
উন্নত টেবলেট সমৰ্থন
Red Hat Enterprise Linux 6.2 -এ Wacom ডিভাইচসমূহৰ বাবে সমৰ্থন উন্নত কৰে। এটা ডিভাইচ আনপ্লাগ কৰি পুনৰ প্লাগ ইন কৰাৰ পিছত ডিভাইচ সংহতিসমূহ পুনৰ সংৰূপণ কৰাৰ প্ৰয়োজন নাই।