The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
All other trademarks are the property of their respective owners.
উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 6.6 ত প্ৰণয়ন হোৱা উন্নয়ন আৰু যোগসমূহৰ উচ্চ স্তৰৰ সামৰনী প্ৰদান কৰে। 6.6 আপডেইটৰ বাবে, Red Hat Enterprise Linux লৈ হোৱা সকলো পৰিবৰ্তনৰ বিৱৰিত তথ্যচিত্ৰৰ বাবে, কাৰিকৰী টোকাসমূহ চাওক।
Red Hat Enterprise Linux 6.6 ত কাৰলেনক udev ঘটনা পদ্ধতিৰ সহায়ত SCSI ডিভাইচসমূহৰ পৰা প্ৰাপ্ত কৰা কিছুমান SCSI ইউনিট এটেনষণ চুক্তিলৈ প্ৰতিক্ৰিয়া কৰিবলৈ ব্যৱহাৰকাৰী স্থান সামৰ্থবান কৰিবলৈ প্ৰসাৰন কৰা হৈছে। সমৰ্থিত ইউনিট এটেনষণ চুক্তিসমূহ হল:
অবিকল্পিত নিয়মসমূহে REPORTED LUNS DATA HAS CHANGED ইউনিট এটেনষণ নিয়ন্ত্ৰণ কৰে। কাৰনেলে সৃজন কৰিব পৰা অন্য ঘটনাসমূহ ইনুমাৰেইট কৰিবলে অতিৰিক্ত উদাহৰণ নিয়মসমূহ উপস্থিত। মন কৰিব যে অবিকল্পিত নিয়মসমূহে SCSI লক্ষ্যত উপস্থিত নথকা যৌক্তিক একক সংখ্যা (LUNs) ক স্বচালিতভাৱে আতৰাই নিদিয়ে।
যিহেতু SCSI একক এটেনষণ চুক্তিসমূহক কেৱল এটা SCSI কমান্ডৰ বাবে সংবাদন কৰা হয়, কোনো চুক্তি সংবাদন কৰা নহয় যদি SCSI ডিভাইচলৈ কোনো কমান্ড সক্ৰিয়ভাৱে পঠোৱা নহয়।
অবিকল্পিত ব্যৱহাৰক udev নিয়মসমূহ পৰিবৰ্তন কৰি অথবা আতৰাই স্বনিৰ্বাচন কৰিব পাৰি। যদি libstoragemgmt RPM পেকেইজ ইনস্টল কৰা নাথাকে, অবিকল্পিত নিয়মসমূহ উপস্থিত নাথাকে। যদি সেই ঘটনাসমূহৰ বাবে কোনো udev নিয়ম নাথাকে, কোনো কাৰ্য্য কৰা নহয়, কিন্তু ঘটনাসমূহক তথাপিও কাৰনেল দ্বাৰা সৃজন কৰা হয়।
Open vSwitch কাৰনেল মডিউল
Red Hat Enterprise Linux 6.6 এ Open vSwitch কাৰনেল মডিউলক Red Hat ৰ স্তৰ উৎপাদনৰ বাবে এটা সামৰ্থক হিচাপে অন্তৰ্ভুক্ত কৰে। Open vSwitch কেৱল আনুষংগিক ব্যৱহাৰকাৰী স্থান সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰা উৎপাদনসমূহৰ সৈতে একত্ৰিতভাৱে সমৰ্থিত। মন কৰিব যে এই প্ৰয়োজনীয় ব্যৱহাৰকাৰী স্থান সঁজুলিসমূহৰ অবিহনে, Open vSwitch এ কাৰ্য্য নকৰিব আৰু ব্যৱহাৰৰ বাবে সামৰ্থবান কৰিব নোৱাৰি। অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি নিম্নলিখিত জ্ঞান ভিত্তি অধ্যায়: https://access.redhat.com/knowledge/articles/270223 চাওক।
Chapter 2. নেটৱাৰ্কিং
HPN এড-অনলৈ পৰিবৰ্তনসমূহ
Red Hat Enterprise Linux 6.6 ৰ সৈতে আৰম্ভ কৰি, উচ্চ পৰিৱেশন নেটৱৰ্কিং (HPN) এড-অন এটা পৃথক উৎপাদন ৰূপে উপলব্ধ নহয়। ইয়াৰ পৰিৱৰ্তে, HPN এড-অনত পোৱা কাৰ্য্যকৰীতাক ভিত্তি উৎপাদনলৈ অনুকলন কৰা হৈছে আৰু Red Hat Enterprise Linux ভিত্তি চেনেলৰ অংশ ৰূপে প্ৰেৰণ কৰা হৈছে।
ভিত্তি Red Hat Enterprise Linux 6 উৎপাদনত HPN কাৰ্য্যকৰীতা অন্তৰ্ভুক্ত কৰাৰ অতিৰিক্তে, কন্ভাৰজ্ড ইথাৰনেটৰে RDMA (RoCE) প্ৰণয়নক আপডেইট কৰা হৈছে। RoCE এ নডৰ-পৰা-নড সংযোগৰ বাবে বিশ্বব্যাপী পৰিচয়ক অথবা GID-ভিত্তিয় ঠিকনা ব্যৱহাৰ কৰে। পূ্ৰ্বতে, GIDs ক VLAN ID (যদি ব্যৱহৃত) ৰ সৈতে ইথাৰনেট আন্তঃপৃষ্ঠৰ MAC ঠিকনাৰ ওপৰত ভিত্তি কৰি এনক'ড কৰা হৈছিল। কিছুমান পৰিস্থিতিত, RoCE প্ৰটোকল চলোৱা কমপিউট এনটিটিয়ে নাজানে যে ইয়াৰ ট্ৰাফিক VLAN-টেগ কৰা আছে। কমপিউট এনটিটিয়ে তেতিয়া এটা ভুল GID সৃষ্টি কৰিব অথবা ভাৱি লব পাৰে, যাৰ বাবে সংযোগত সমস্যা হব পাৰে। আপডেইটেড RoCE প্ৰণয়নে RoCE GIDs এনক'ড কৰা পদ্ধতি পৰিবৰ্তন কৰি এই সমস্যাৰ সমাধান কৰে, আৰু ইয়াৰ পৰিৱৰ্তে ইথাৰনেট আন্তঃপৃষ্ঠৰ IP ঠিকনাসমূহৰ পৰা আতৰাই দিয়ে। সকলো চিস্টেম যি RoCE প্ৰটোকল ব্যৱহাৰ কৰে তাক Red Hat Enterprise Linux 6.6 লৈ উন্নয়ন কৰাৰ প্ৰয়োজন যাতে তাঁৰ প্ৰটোকল বিন্যাসৰ এই পৰিবৰ্তনৰ বাবে সংযোগৰ ভৰষা সুনিশ্চিত কৰিব পাৰি।
scap-security-guide পেকেইজক সুৰক্ষা সহায়তা, ভিত্তি, আৰু সুৰক্ষা সমল স্বচালন প্ৰটোকল (SCAP) ব্যৱহাৰ কৰা সংলঘ্ন বৈধতা পদ্ধতিসমূহ প্ৰদান কৰিবলে Red Hat Enterprise Linux 6.6 ত অন্তৰ্ভুক্ত কৰা হৈছে। SCAP Security Guide এ পৰামৰ্শিত সুৰক্ষা নীতি প্ৰয়োজনীয়তাসমূহৰ বাবে চিস্টেম সুৰক্ষা সংগতা স্কেনসমূহ পৰিৱেশন কৰিবলে প্ৰয়োজনীয় তথ্য অন্তৰ্ভুক্ত কৰে; দুয়ো এটা লিখিত বিৱৰণ আৰু এটা স্বচালিত পৰীক্ষা (প্ৰৌব) অন্তৰ্ভুক্ত কৰা হয়। পৰীক্ষাৰ স্বচালন কৰি, SCAP Security Guide এ দৈন্দিন ভিত্তিত চিস্টেমৰ সংগতা সত্যাপন কৰাৰ এটা সহজ আৰু ভৰষাবান পদ্ধতি প্ৰদান কৰে।
Chapter 4. ভাৰছুৱেলাইজেষণ
নতুন পেকেইজসমূহ: hyperv-daemons
নতুন hyperv-daemons পেকেইজসমূহক Red Hat Enterprise Linux 6.6 লৈ যোগ কৰা হৈছে। নতুন পেকেইজসমূহে অন্তৰ্ভুক্ত কৰে Hyper-V KVP ডিমন, যাক পূৰ্বতে hypervkvpd পেকেইজে প্ৰদান কৰিছিল, Hyper-V VSS ডিমন, যাক পূৰ্বতে hypervvssd পেকেইজে প্ৰদান কৰিছিল, আৰু hv_fcopy ডিমন, যাক পূৰ্বতে hypervfcopyd পেকেইজে প্ৰদান কৰিছিল। hyperv-daemons দ্বাৰা প্ৰদান কৰা ডিমনসমূহৰ চুইটৰ প্ৰয়োজন হয় যেতিয়া এটা Linux গেস্ট এটা Microsoft Windows হস্টত Hyper-V ৰ সৈতে চলি থাকে।
Chapter 5. সংৰক্ষণ
device-mapper লৈ সম্প্ৰসাৰনসমূহ
device-mapper লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সম্প্ৰসাৰনক Red Hat Enterprise Linux 6.6 লৈ যোগ কৰা হৈছে:
dm-cache device-mapper লক্ষ্য, যি দ্ৰুত সংৰক্ষণ ডিভাইচসমূহক লেহেম সংৰক্ষণ ডিভাইচসমূহৰ বাবে এটা ক্যাশ ৰূপে চলাৰ অনুমতি দিয়ে, তাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে যোগ কৰা হৈছে।
device-mapper-multipath ALUA প্ৰাথমিকতা নিৰীক্ষকে তাৰ নিজস্ব দলত তাৰ পছন্দৰ পথ ডিভাইচ আৰু স্থাপন নকৰে যদি অন্য পথসমূহ থাকে যাক ল'ড বেলেন্সিংৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
multipath.conf ত এটা নতুন force_sync প্ৰাচল উন্মোচন কৰা হৈছে। এই প্ৰাচলে অসংমিহলিত পথ নিৰীক্ষণ অসামৰ্থবান কৰে, যি বহুপথ ডিভাইচসমূহৰ এটা বৃহত সংখ্যাৰ সৈতে সংস্থাপনসমূহত CPU কনটেনষণ সমস্যা সীমিত কৰাত সহায় কৰিব পাৰে।
dm-era প্ৰযুক্তি পূৰ্বদৰ্শন
device-mapper-persistent-data পেকেইজে এতিয়া নতুন dm-era ডিভাইচ মেপাৰ কাৰ্য্যকৰীতা যাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উন্মোচন কৰা হৈছে তাক ব্যৱহাৰ কৰিবলে সঁজুলিসমূহ প্ৰদান কৰে। dm-era কাৰ্য্যকৰীতায় এতিয়া era নামৰ এটা সময়ৰ ব্যৱহাৰকাৰী-বিৱৰিত ক্ৰমত এটা ডিভাইচৰ কোনবোৰ খণ্ড লিখা হৈছিল তাৰ ট্ৰেক ৰাখে। এই কাৰ্য্যকৰীতায় বেকআপ চফ্টৱেৰক পৰিবৰ্তন কৰা খণ্ডসমূহ ট্ৰেক কৰাৰ অথবা পৰিবৰ্তনসমূহ বাতিল কৰাৰ পিছত এটা ক্যাশৰ কহাৰেন্সি পুনৰুদ্ধাৰ কৰাৰ সুবিধা দিয়ে।
Chapter 6. হাৰ্ডৱেৰ সামৰ্থবানতা
Intel Wildcat Point-LP PCH ৰ বাবে সমৰ্থন
Broadwell-U PCH SATA, HD Audio, TCO Watchdog, আৰু I2C (SMBus) ডিভাইচ IDs ক ড্ৰাইভাৰসমূহৰ বাবে যোগ কৰা হৈছে, যি Red Hat Enterprise Linux 6.6 ত পৰৱৰ্তী প্ৰজন্ম মবাইল প্লেটফৰ্মৰ বাবে সমৰ্থন সামৰ্থবান কৰে।
VIA VX900 Media System Processor ৰ বাবে সমৰ্থন
VIA VX900 Media System Processor, Red Hat Enterprise Linux 6.6 ত সমৰ্থিত।
Chapter 7. উদ্যোগ প্ৰামাণিক আৰু প্ৰমাণীকৰণ
Fips 140 পুনৰবৈধকৰণ
কেন্দ্ৰীয় তথ্য প্ৰক্ৰিয়াকৰণ প্ৰামাণিক প্ৰকাশন (FIPS) 140 এটা মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ সুৰক্ষা প্ৰামাণিক যি সুৰক্ষা প্ৰয়োজনীয়তাসমূহ ধাৰ্য্য কৰে যাক সংবেদ্য, কিন্তু গুপ্ত তথ্য সুৰক্ষা প্ৰদান কৰা এটা সুৰক্ষা চিস্টেমৰ অন্তৰ্গত ব্যৱহৃত এটা ক্ৰিপ্টগ্ৰাফিক মডিউল দ্বাৰা সন্তুষ্ট কৰিব লাগিব। এই প্ৰামাণিকে চাৰিটা বৃদ্ধি হোৱা, গুনাত্মক স্তৰ: স্তৰ ১, স্তৰ ২, স্তৰ ৩, আৰু স্তৰ ৪ প্ৰদান কৰে। এই স্তৰসমূহে ক্ৰিপ্টগ্ৰাফিক মডিউলসমূহ প্ৰণয়ন হব পৰা বিভৱীয় এপ্লিকেচনসমূহ আৰু পৰিৱেশসমূহৰ এটা বৃহত বিস্তাৰ অন্তৰ্ভুক্ত কৰে। সুৰক্ষা প্ৰয়োজনীয়তাসমূহে এটা ক্ৰিপ্টগ্ৰাফিক মডিউলৰ সুৰক্ষিত ৰূপাঙ্কণ আৰু প্ৰণয়নৰ সৈতে জড়ীত স্থানসমূহ অন্তৰ্ভুক্ত কৰে। এই স্থানসমূহে ক্ৰিপ্টগ্ৰাফিক মডিউল ধাৰ্য্যকৰণ, ক্ৰিপ্টগ্ৰাফিক মডিউল পৰ্টসমূহ আৰু আন্তঃপৃষ্ঠসমূহ; ভূমিকা, সেৱাসমূহ, আৰু প্ৰমাণীকৰণ; সীমিত অৱস্থা আৰ্হি; ভৌতিক সুৰক্ষা; কাৰ্যকৰীতা পৰিৱেশ; ক্ৰিপ্টগ্ৰাফিক কি ব্যৱস্থাপনা; বিদ্যুৎচুম্বকীয় ব্যাঘাত/বিদ্যুৎচুম্বকীয় সংগতা (EMI/EMC); স্ব-পৰিক্ষণসমূহ; ৰূপাঙ্কণ পূষ্টিকৰণ; আৰু অন্য আক্ৰমণৰ উপশম অন্তৰ্ভুক্ত কৰে।
নিম্নলিখিত লক্ষ্যবোৰ সম্পূৰ্ণভাৱে বৈধ কৰা হৈছে:
NSS FIPS-140 স্তৰ 1
চুইট B উপবৃত্তীয় বক্ৰ ক্ৰিপ্টগ্ৰাফি (ECC)
নিম্নলিখিত লক্ষ্যবোৰ পুনৰবৈধ কৰা হৈছে:
OpenSSH (ক্লাএন্ট আৰু চাৰ্ভাৰ)
Openswan
dm-crypt
OpenSSL
চুইট B উপবৃত্তীয় বক্ৰ ক্ৰিপ্টগ্ৰাফি (ECC)
Kernel Crypto API
AES-GCM, AES-CTS, আৰু AES-CTR চিফাৰসমূহ
Chapter 8. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্য্যকৰীতা
সক্ৰিয় ডাইৰেকটৰিৰ সৈতে উন্নত আন্তঃকাৰ্য্যকৰীতা
System Security Services Daemon (SSSD) ৰ অতিৰিক্ত কাৰ্য্যকৰীতায় সক্ৰিয় ডাইৰেকটৰিৰ সৈতে Red Hat Enterprise Linux ক্লাএন্টসমূহৰ উন্নত আন্তঃকাৰ্য্যকৰীতা সামৰ্থবান কৰে, যি Linux আৰু Windows পৰিৱেশসমূহত পৰিচয় ব্যৱস্থাপনা সহজ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ সম্প্ৰসাৰনসমূহ হল ব্যৱহাৰকাৰীসকল আৰু দলসমূহ সমাধান কৰা আৰু এটা ফৰেস্টত ভৰষাবান ডমেইনৰ পৰা ব্যৱহাৰকাৰীসকল প্ৰমাণীত কৰা, DNS আপডেইটসমূহ, ছাইটৰ খোজ, আৰু ব্যৱহাৰকাৰী আৰু দল লুকআপসমূহৰ বাবে NetBIOS নাম ব্যৱহাৰ কৰা।
IPA ৰ বাবে Apache মডিউলসমূহ
Apache মডিউলসমূহৰ এটা সংহতিক Red Hat Enterprise Linux 6.6 লৈ এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে যোগ কৰা হৈছে। Apache মডিউলসমূহক সহজ প্ৰমাণীকৰণৰ অতিৰিক্তে পৰিচয় ব্যৱস্থাপনাৰ সৈতে শক্তিশালী ভাৱবিনিময় প্ৰাপ্ত কৰিবলে বহিৰ্তম এপ্লিকেচন দ্বাৰা ব্যৱহাৰ কৰিব পাৰি। ততোধিক তথ্যৰ বাবে, http://www.freeipa.org/page/Web_App_Authentication ত লক্ষ্য সংস্থাপনৰ বিৱৰণ চাওক।
Chapter 9. ডেস্কটপ আৰু গ্ৰাফিক্স
নতুন পেকেইজ: gdk-pixbuf2
gdk-pixbuf2 পেকেইজ, যি পূৰ্বতে gtk2 পেকেইজৰ এটা অংশ আছিল, তাক Red Hat Enterprise Linux 6.6 লৈ যোগ কৰা হৈছে। gdk-pixbuf2 পেকেইজে এটা ছবি-ল'ড কৰা লাইব্ৰেৰী অন্তৰ্ভুক্ত কৰে যাক নতুন ছবি বিন্যাসসমূহৰ বাবে ল'ড কৰিব মডিউলসমূহ দ্বাৰা প্ৰসাৰিত কৰিব পাৰি। লাইব্ৰেৰীক সঁজুলিকিট যেনে GTK+ অথবা Clutter দ্বাৰা ব্যৱহাৰ কৰিব পাৰি। মন কৰিব যে gdk-pixbuf2 আৰু gtk2 পেকেইজসমূহত অন্তৰ্ভুক্ত কৰা লাইব্ৰেৰীসমূহ ডাউনগ্ৰেইড কৰা ব্যৰ্থ হব পাৰে।
Chapter 10. পৰিৱেশন আৰু অতিক্ৰমনীয়তা
পৰিৱেশন সহ-পাইলট (PCP)
পৰিৱেশন সহ-পাইলট (PCP) এ চিস্টেম-স্তৰ পৰিৱেশন পৰ্যবেক্ষন আৰু ব্যৱস্থাপনা সমৰ্থন কৰিবলে এটা ফ্ৰেইমৱাৰ্ক আৰু সেৱাসমূহ প্ৰদান কৰে। ইয়াৰ পাতল-ভৰ, বিতৰিত স্থাপত্যয় ইয়াক জটিল চিস্টেমসমূহৰ কেন্দ্ৰিত বিশ্লেষণৰ বাবে বিশেষকৈ উপযোগী কৰে।
Python, Perl, C++ আৰু C আন্তঃপৃষ্ঠসমূহ যোগ কৰি পৰিৱেশন মেট্ৰিক্স যোগ কৰিব পাৰি। বিশ্লেষণ সঁজুলিসমূহে ক্লাএন্ট APIs (Python, C++, C) প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিব পাৰিব, আৰু পৰিপুষ্ট ৱেব এপ্লিকেচনসমূহে এটা JSON আন্তঃপৃষ্ঠ ব্যৱহাৰ কৰি সকলো উপলব্ধ পৰিৱেশন অন্বেষণ কৰিব পাৰিব।