Product SiteDocumentation Site

Red Hat Enterprise Linux 7

Release Notes

Red Hat Enterprise Linux 7.0 ৰ বাবে উন্মোচন টোকাসমূহ

সংস্কৰণ 0

Red Hat অভিযান্ত্ৰিক সমল সেৱাসমূহ

আইনসন্মত ঘোষণা

Copyright © 2014 Red Hat, Inc.
The text of and illustrations in this document are licensed by Red Hat under a Creative Commons Attribution–Share Alike 3.0 Unported license ("CC-BY-SA"). An explanation of CC-BY-SA is available at http://creativecommons.org/licenses/by-sa/3.0/. In accordance with CC-BY-SA, if you distribute this document or an adaptation of it, you must provide the URL for the original version.
Red Hat, as the licensor of this document, waives the right to enforce, and agrees not to assert, Section 4d of CC-BY-SA to the fullest extent permitted by applicable law.
Red Hat, Red Hat Enterprise Linux, the Shadowman logo, JBoss, MetaMatrix, Fedora, the Infinity Logo, and RHCE are trademarks of Red Hat, Inc., registered in the United States and other countries.
Linux® is the registered trademark of Linus Torvalds in the United States and other countries.
Java® is a registered trademark of Oracle and/or its affiliates.
XFS® is a trademark of Silicon Graphics International Corp. or its subsidiaries in the United States and/or other countries.
MySQL® is a registered trademark of MySQL AB in the United States, the European Union and other countries.
All other trademarks are the property of their respective owners.


1801 Varsity Drive
RaleighNC 27606-2072 USA
Phone: +1 919 754 3700
Phone: 888 733 4281
Fax: +1 919 754 3701

সাৰাংশ

উন্মোচন টোকাসমূহে Red Hat Enterprise Linux 7.0 উন্মোচনত প্ৰণয়ন হোৱা মূখ্য বৈশিষ্ট্যসমূহ আৰু যোগসমূহ দেখুৱায়। Red Hat Enterprise Linux 6 আৰু 7 ৰ মাজত হোৱা পৰিবৰ্তনৰ বিৱৰিত তথ্যৰ বাবে প্ৰব্ৰজন পৰিকল্পনা সহায়ক চাওক। জ্ঞাত সমস্যাবোৰ কাৰিকৰী টোকাসমূহ ত তালিকাভুক্ত আছে।
অনলাইন Red Hat Enterprise Linux 7.0 উন্মোচন টোকাসমূহ, যি অনলাইন ইয়াত অৱস্থিত, ইয়াক বিৱৰিত, বৰ্তমান-তাৰিখলৈ-উন্নত সংস্কৰণ বুলি ধৰিব লাগিব। উন্মোচনৰ বিষয়ে প্ৰশ্ন থকা গ্ৰাহকসকলক তেওঁলোকৰ Red Hat Enterprise Linux ৰ সংস্কৰণৰ বাবে অনলাইন উন্মোচন টোকাসমূহ আৰু কাৰিকৰী টোকাসমূহ চাবলৈ উপদেশ দিয়া হৈছে।
স্বীকৃতি
Red Hat বিশ্বব্যাপী সমৰ্থন সেৱায় স্টাৰলিং এলেকজেন্ডাৰ আৰু মাইকেল এভাৰেটক Red Hat Enterprise Linux 7 পৰিক্ষা কৰাৰ বিশিষ্ট অৱদানক স্বীকৃতি দিয়ে।
1. পাতনি
2. স্থাপত্যসমূহ
3. ক্ষমতা আৰু সীমা
4. পেকেইজ আৰু সমৰ্থন পৰিবৰ্তন
5. ইনস্টলেষণ আৰু বুটিং
6. সংৰক্ষণ
7. ফাইল চিস্টেমসমূহ
8. কাৰনেল
9. ভাৰছুৱেলাইজেষণ
10. চিস্টেম আৰু সেৱাসমূহ
11. ক্লাস্টাৰিং
12. কমপাইলাৰ আৰু সঁজুলিসমুহ
13. নেটৱাৰ্কিং
14. সম্পদ ব্যৱস্থাপনা
15. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্য্যকৰীতা
16. সুৰক্ষা
17. স্বাক্ষৰণ ব্যৱস্থাপনা
18. ডেস্কটপ
19. ৱেব চাৰ্ভাৰসমূহ আৰু সেৱাসমূহ
20. তথ্যচিত্ৰ
21. আন্তঃৰাষ্ট্ৰীয়কৰণ
22. সমৰ্থনক্ষমতা আৰু ব্যৱস্থাপনা
A. পুনৰীক্ষণৰ ইতিহাস

অধ্যায় 1. পাতনি

Red Hat এ Red Hat Enterprise Linux 7.0 ৰ উপলব্ধতা ঘোষণা কৰোতে প্ৰসন্নতা বোধ কৰিছে। Red Hat Enterprise Linux 7.0 Red Hat অপাৰেটিং চিস্টেমসমূহৰ সম্পূৰ্ণ চুইটৰ পৰৱৰ্তী প্ৰজন্ম, যাক লক্ষ্য-ক্ৰান্তিক এন্টাৰপ্ৰাইজ কমপিউটিংৰ বাবে ৰূপাঙ্কণ আৰু উচ্চ চফ্টৱেৰ আৰু হাৰ্ডৱেৰ বিক্ৰেতা দ্বাৰা প্ৰমাণীত কৰা হৈছে।

অধ্যায় 2. স্থাপত্যসমূহ

Red Hat Enterprise Linux 7.0 নিম্নলিখিত স্থাপত্যসমূহত এটা কিট ৰূপে উপলব্ধ [1]:
  • 64-bit AMD
  • 64-bit Intel
  • IBM POWER7 আৰু POWER8
  • IBM System z [2]
এই উন্মোচনত, Red Hat এ চাৰ্ভাৰ, চিস্টেমসমূহ আৰু সম্পূৰ্ণ Red Hat মুক্ত উৎস অনুভৱৰ উন্নয়ন আনিছে।


[1] মন কৰিব যে Red Hat Enterprise Linux 7.0 ইনস্টলেষণ কেৱল 64-bit হাৰ্ডৱেৰত সমৰ্থিত।
Red Hat Enterprise Linux 7.0 এ ভাৰছুৱেল মেচিন ৰূপে, 32-bit অপাৰেটিং চিস্টেমসমূহ চলাবলৈ সক্ষম, য'ত Red Hat Enterprise Linux ৰ পূৰ্বৱৰ্তী সংস্কৰণসমূহ অন্তৰ্ভুক্ত হয়।
[2] মন কৰিব যে Red Hat Enterprise Linux 7.0 এ IBM zEnterprise 196 হাৰ্ডৱেৰ অথবা পিছৰ সমৰ্থন কৰে।

অধ্যায় 3. ক্ষমতা আৰু সীমা

নিম্নলিখিত টেবুলে পূৰ্বৱৰ্তী সংস্কৰণ 5 আৰু 6 ৰ তুলনাত Red Hat Enterprise Linux 7 ৰ ক্ষমতা আৰু সীমা তালিকাভুক্ত কৰে।

তালিকা 3.1. Red Hat Enterprise Linux সংস্কৰণ 5, 6 আৰু 7 ৰ সীমা

Red Hat Enterprise Linux 5 Red Hat Enterprise Linux 6 Red Hat Enterprise Linux 7
সৰ্বাধিক যৌক্তিক CPUs    
x86_64 160/255 160/4096 160/5120
POWER 128/128 128 মূল্যাঙ্কনৰ অধিন
System z 101 (zEC12) 101 (zEC12) মূল্যাঙ্কনৰ অধিন
সৰ্বাধিক মেমৰি    
x86_64 1 TB 3 TB সমৰ্থিত/64 TB 3 TB সমৰ্থিত/64 TB
POWER 512 GB নূন্যতম/1 TB উপদেশিত 2 TB 2 TB
System z 3 TB (z196) 3 TB (z196) 3 TB (z196)
প্ৰয়োজনীয় নূন্যতম সংৰূপ    
x86_64 512 MB নূন্যতম/1 GB প্ৰতি যৌক্তিক CPU উপদেশিত 1 GB নূন্যতম/1 GB প্ৰতি যৌক্তিক CPU উপদেশিত 1 GB নূন্যতম/1 GB প্ৰতি যৌক্তিক CPU উপদেশিত
POWER 1 GB/2 GB উপদেশিত 2 GB/2 GB প্ৰতি Red Hat Enterprise Linux ইনস্টল 2 GB/2 GB প্ৰতি Red Hat Enterprise Linux ইনস্টল
System z 512 MB 512 MB 1 GB[a]
ফাইল চিস্টেম আৰু সংৰক্ষণ সীমা    
সৰ্বাধিক ফাইল আকাৰ: XFS 16 TB 16 TB 16 TB
সৰ্বাধিক ফাইল আকাৰ: ext4 16 TB 16 TB 50 TB
সৰ্বাধিক ফাইল আকাৰ: Btrfs অপ্ৰযোজ্য মূল্যাঙ্কনৰ অধিন মূল্যাঙ্কনৰ অধিন
সৰ্বাধিক ফাইল আকাৰ: XFS 100 TB[b] 100 TB 500 TB
সৰ্বাধিক ফাইল চিস্টেম আকাৰ: ext4 16 TB 16 TB 50 TB
সৰ্বাধিক ফাইল চিস্টেম আকাৰ: Btrfs অপ্ৰযোজ্য মূল্যাঙ্কনৰ অধিন 50 TB
সৰ্বাধিক বুট LUN আকাৰ 2 TB 16 TB[c] 50 TB
সৰ্বাধিক প্ৰতি-প্ৰক্ৰিয়া ঠিকনা আকাৰ: x86_64 2 TB 128 TB 128 TB
     
[a] IBM System z ত ইনস্টলেষণৰ বাবে 1 GB ৰ অধিক উপদেশিত।
[b] Red Hat Enterprise Linux সংস্কৰণ 5.5 অথবা অধিকে এটা XFS সৰ্বাধিক ফাইল চিস্টেম আকাৰ 100 TB লৈ সমৰ্থন কৰে।
[c] মন কৰিব যে UEFI আৰু GPT সমৰ্থন এতিয়া 2 TB বুট LUN সমৰ্থনৰ অধিকৰ বাবে প্ৰয়োজনীয়।

অধ্যায় 4. পেকেইজ আৰু সমৰ্থন পৰিবৰ্তন

নিম্নলিখিত স্খলিত আৰু আতৰোৱা পেকেইজসমূহ আৰু ড্ৰাইভাৰসমূহক Red Hat Enterprise Linux 7.0 ৰ উন্মোচনৰ বাবে প্ৰাসংগিক ধৰা হয় আৰু Red Hat Enterprise Linux 7.0 ৰ বাবে Red Hat ৰ ইচ্ছাত পৰিবৰ্তন কৰা হব পাৰে।

4.1. স্খলিত পেকেইজসমূহ

নিম্নলিখিত ফলনসমূহক আৰু ক্ষমতাসমূহক Red Hat Enterprise Linux 7.0 ত স্খলিত কৰাৰ কথা ভবা হৈছে, আৰু উৎপাদনৰ ভৱিষ্যতৰ পৰা আতৰোৱা হব পাৰে। য'ত সঠিক, বিকল্প ক্ষমতাসমূহক তলত পৰামৰ্শ দিয়া হৈছে।

তালিকা 4.1. স্খলিত পেকেইজসমূহ

কাৰ্য্যকৰীতা/পেকেইজ বিকল্প প্ৰব্ৰজন টোকাসমূহ
ext2, ext3 ফাইল চিস্টেম সমৰ্থন ext4 ext4 ক'ডক ext2 আৰু ext3 ফাইল চিস্টেমসমূহৰ বাবে ব্যৱহাৰ কৰিব পাৰি
sblim-sfcb tog-pegasus
কিম্বদন্তি RHN হস্টেড ৰেজিস্ট্ৰেষণ subscription-manager আৰু স্বাক্ষৰণ সম্পদ ব্যৱস্থাপক
acpid systemd
evolution-mapi evolution-ews অনুগ্ৰহ কৰি Microsoft Exchange Server 2003 মেচিনসমূহৰ পৰা প্ৰব্ৰজন কৰক
gtkhtml3 webkitgtk3
sendmail postfix
edac-utils আৰু mcelog rasdaemon
libcgroup systemd cgutils, Red Hat Enterprise Linux 7.0 ত থাকিব কিন্তু systemd এ শেহতীয়া উন্মোচনসমূহত গ্ৰাহকসকলে প্ৰব্ৰজন কৰিবলে ক্ষমতা বৃদ্ধি কৰি আছে
krb5-appl openssh OpenSSH এ কাৰ্য্যকৰীতা সদৃশ সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰে যাক অধিক সক্ৰিয়ভাৱে ব্যৱস্থাপিত প্ৰামাণিক ব্যৱহাৰ কৰি আৰু এটা অধিক সক্ৰিয়ভাৱে উন্নত কৰা আৰু ব্যৱস্থাপিত ক'ড ভিত্তি ব্যৱহাৰ কৰি প্ৰণয়ন কৰা হয়।
lvm1 lvm2
lvm2mirror আৰু cmirror lvm2 raid1 lvm2 raid1 এ ক্লাস্টাৰসমূহ সমৰ্থন নকৰে। cmirror প্ৰতিস্থাপন কৰাৰ কোনো পৰিকল্পনা নাই।

4.2. আতৰোৱা পেকেইজসমূহ

এই অংশয় Red Hat Enterprise Linux 6 ৰ তুলনাত Red Hat Enterprise Linux 7 ৰ পৰা আতৰোৱা পেকেইজসমূহ দেখুৱায়।

তালিকা 4.2. আতৰোৱা পেকেইজসমূহ

কাৰ্য্যকৰীতা/পেকেইজ বিকল্প প্ৰব্ৰজন টোকাসমূহ
gcj OpenJDK Java এপ্লিকেচনবোৰক gcj ৰ সৈতে স্থানীয় ক'ডলৈ কমপাইল নকৰিব।
ইনস্টলেষণ স্থাপত্য ৰূপে 32-bit স্থাপত্যসমূহ 64-bit স্থাপত্যসমূহ এপ্লিকেচনসমূহ তথাপিও সংগত লাইব্ৰেৰীৰ সৈতে চলিব। আপোনাৰ এপ্লিকেচনসমূহক 64-bit Red Hat Enterprise Linux 6 ত পৰিক্ষা কৰক। যদি 32-bit বুট সমৰ্থনৰ প্ৰয়োজন হয়, Red Hat Enterprise Linux 6 ব্যৱহাৰ অব্যাহত ৰাখিব।
IBM POWER6 সমৰ্থন নাই Red Hat Enterprise Linux 5 অথবা 6 ব্যৱহাৰ কৰা অব্যাহত ৰাখক।
Matahari CIM-ভিত্তিয় ব্যৱস্থাপনা Matahari ক Red Hat Enterprise Linux 6.4 ৰ পৰা আতৰোৱা হৈছিল। ব্যৱহাৰ নকৰিব।
ecryptfs স্থায়ী LUKS অথবা dm-crypt খণ্ড-ভিত্তিয় ইনক্ৰিপষণ ব্যৱহাৰ কৰক প্ৰব্ৰজন উপলব্ধ নহয়; ব্যৱহাৰকাৰীসকলে ইনক্ৰিপ্টেড তথ্য পুনৰসৃষ্টি কৰিব লাগিব।
TurboGears2 ৱেব এপ্লিকেচন স্টেক নাই
OpenMotif সংস্কৰণ 2.2 Motif 2.3 Red Hat Enterprise Linux 6 ৰ বৰ্তমান Motif সংস্কৰণৰ সৈতে এপ্লিকেচনসমূহ পুনৰ নিৰ্মাণ কৰক।
webalizer ৱেব বিশ্লেষক সঁজুলি নাই
compiz উইন্ডো ব্যৱস্থাপক gnome-shell
Eclipse উন্নয়নকাৰী সঁজুলি নাই Eclipse ক এতিয়া Red Hat উন্নয়নকাৰী সঁজুলিত প্ৰদান কৰা হয়।
Qpid আৰু QMF নাই Qpid আৰু QMF, MRG ত উপলব্ধ।
amtu নাই সাধাৰণ নীতি প্ৰমাণপত্ৰসমূহক এই সঁজুলিৰ আৰু প্ৰয়োজন নহয়।
system-config-services systemadm
pidgin ফ্ৰন্ট এণ্ড empathy
perl-suidperl interpreter নাই এই কাৰ্য্যকৰীতা আৰু আপস্ট্ৰিম Perl ত উপলব্ধ নাই।
pam_passwdqc, pam_cracklib pam_pwquality
HAL লাইব্ৰেৰী আৰু ডিমন udev
ConsoleKit লাইব্ৰেৰী আৰু ডিমন systemd http://www.freedesktop.org/wiki/Software/systemd/writing-display-managers
DeviceKit-power upower
system-config-lvm gnome-disk-utility আৰু system-storage-manager gnome-disk-utility ও Red Hat Enterprise Linux 6 ত উপলব্ধ। মন কৰিব যে system-storage-manager ক সাধাৰণ কাৰ্য্যসমূহৰ বাবে ব্যৱহাৰ কৰিব লাগে, আনহাতে lvm2 ক LVM ৰ সৈতে জড়িত সুক্ষ্ম আৰু অধিক জটিল কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
system-config-network nm-connection-editor, nmcli nm-connection-editor ও Red Hat Enterprise Linux 6 ত উপলব্ধ।
taskjuggler নাই
thunderbird evolution
vconfig iproute সকলো vconfig বৈশিষ্ট্যসমূহ iproute পেকেইজৰ পৰা ip সঁজুলি দ্বাৰা প্ৰদান কৰা হয়। অধিক বিৱৰণৰ বাবে ip-link(8) manual পৃষ্ঠা চাওক।
সংগৃহীত গ্ৰাফিক্স ড্ৰাইভাৰ আধুনিক হাৰ্ডৱেৰ অথবা vesa ড্ৰাইভাৰ
xorg-x11-twm নাই
xorg-x11-xdm gdm
system-config-firewall firewall-config আৰু firewall-cmd system-config-firewall এতিয়াও iptables সেৱাসমূহৰ সৈতে কেৱল-স্থিৰ পৰিৱেশৰ বাবে এটা বিকল্প ফায়াৰৱাল সমাধানৰ এটা অংশ ৰূপে উপলব্ধ।
mod_perl mod_fcgid mod_perl, HTTP 2.4 ৰ সৈতে সংগত নহয়
busybox নাই
prelink নাই মন কৰিব যে prelink ক Red Hat Enterprise Linux 7.0 ৰ সৈতে দিয়া হৈছে, কিন্তু ই অবিকল্পিতৰূপে অসামৰ্থবান থাকে।
KVM আৰু ভাৰছুৱেলাইজেষণ পেকেইজসমূহ (ComputeNode অপৰত) এটা চাৰ্ভাৰ অপৰৰ নিচিনা KVM আৰু ভাৰছুৱেলাইজেষণ অপৰ
module-init-tools kmod
kernel-firmware-* linux-firmware
flight-recorder কোনো নাই
wireless-tools কমান্ড লাইনৰ পৰা মৌলিক বেতাঁৰ ডিভাইচ পৰিবৰ্তন কৰিবলৈ, অনুগ্ৰহ কৰি iw পেকেইজৰ পৰা iw বাইনাৰি ব্যৱহাৰ কৰক।
libtopology hwloc
digikam নাই জটিল নিৰ্ভৰতাৰ বাবে, digiKam ফটো ব্যৱস্থাপনা প্ৰগ্ৰাম Red Hat Enterprise Linux 7.0 চফ্টৱেৰ চেনেলসমূহত উপলব্ধ নহয়।
NetworkManager-openswan NetworkManager-libreswan
KDE প্ৰদৰ্শন ব্যৱস্থাপক, KDM GNOME প্ৰদৰ্শন ব্যৱস্থাপক, GDM GNOME প্ৰদৰ্শন ব্যৱস্থাপক, Red Hat Enterprise Linux 7.0 ৰ অবিকল্পিত প্ৰদৰ্শন ব্যৱস্থাপক। মন কৰিব যে KDE (K ডেস্কটপ পৰিৱেশ) এতিয়াও উপলব্ধ আৰু সমৰ্থিত।
virt-tar virt-tar-in আৰু virt-tar-out মন কৰিব যে কমান্ড লাইন বাক্যবিন্যাস পৰিবৰ্তন হৈছে। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে manual পৃষ্ঠা চাওক।
virt-list-filesytems virt-filesystems মন কৰিব যে কমান্ড লাইন বাক্যবিন্যাস পৰিবৰ্তন হৈছে। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে manual পৃষ্ঠা চাওক।
virt-list-partitions virt-filesystems মন কৰিব যে কমান্ড লাইন বাক্যবিন্যাস পৰিবৰ্তন হৈছে। অনুগ্ৰহ কৰি অধিক তথ্যৰ বাবে manual পৃষ্ঠা চাওক।

4.3. স্খলিত ড্ৰাইভাৰ আৰু মডিউলসমূহ

নিম্নলিখিত ড্ৰাইভাৰ আৰু মডিউল Red Hat Enterprise Linux 7.0 ত স্খলিত হৈছে আৰু Red Hat Enterprise Linux ৰ ভৱিষ্যত উন্মোচনসমূহত আতৰোৱা হব পাৰে।
গ্ৰাফিক্স ড্ৰাইভাৰ
xorg-x11-drv-ast
xorg-x11-drv-cirrus
xorg-x11-drv-mach64
xorg-x11-drv-mga
xorg-x11-drv-openchrome
মন কৰিব যে উপৰোক্ত সকলো গ্ৰাফিক্স ড্ৰাইভাৰক কাৰনেল অৱস্থা সংহতি (KMS) ড্ৰাইভাৰে প্ৰতিস্থাপন কৰিছে।
ইনপুট ড্ৰাইভাৰ
xorg-x11-drv-void
সংৰক্ষণ ড্ৰাইভাৰ
3w-9xxx
arcmsr
aic79xx
Emulex lpfc820

4.4. বাদ দিয়া কাৰনেল ড্ৰাইভাৰ, মডিউল আৰু বৈশিষ্ট্যসমূহ

এই অংশয় Red Hat Enterprise Linux 6 ৰ তুলনাত Red Hat Enterprise Linux 7.0 ৰ পৰা আতৰোৱা ড্ৰাইভাৰ আৰু মডিউলসমূহ দেখুৱায়।
সংৰক্ষণ ড্ৰাইভাৰ
megaraid_mm
cciss[3]
aic94xx
aic7xxx
i2o
ips
megaraid_mbox
mptlan
mptfc
sym53c8xx
ecryptfs
3w-xxxx
নেটৱাৰ্কিং ড্ৰাইভাৰ
3c59x
3c574_cs
3c589_c
3c589_cs
8390
acenic
amd8111e
at76c50x-usb
ath5k
axnet_cs
b43
b43legacy
can-dev
cassini
cdc-phonet
cxgb
de4x5
de2104x
dl2k
dmfe
e100
ems_pci
ems_usb
fealnx
fmvi18x_cs
fmvj18x_cs
forcedeth
ipw2100
ipw2200
ixgb
kvaser_pci
libertas
libertas_tf
libertas_tf_usb
mac80211_hwsim
natsemi
ne2k-pci
niu
nmckan_cs
nmclan_cs
ns83820
p54pci
p54usb
pcnet32
pcnet_32
pcnet_cs
pppol2tp
r6040
rt61pci
rt73usb
rt2400pci
rt2500pci
rt2500usb
rtl8180
rtl8187
s2io
sc92031
sis190
sis900
sja1000
sja1000_platform
smc91c92_cs
starfire
sundance
sungem
sungem_phy
sunhme
tehuti
tlan
tulip
typhoon
uli526x
vcan
via-rhine
via-velocity
vxge
winbond-840
xirc2ps_cs
xircom_cb
zd1211rw
গ্ৰাফিক্স ড্ৰাইভাৰ
xorg-x11-drv-acecad
xorg-x11-drv-aiptek
xorg-x11-drv-elographics
xorg-x11-drv-fpit
xorg-x11-drv-hyperpen
xorg-x11-drv-mutouch
xorg-x11-drv-penmount
ইনপুট ড্ৰাইভাৰ
xorg-x11-drv-acecad
xorg-x11-drv-aiptek
xorg-x11-drv-elographics
xorg-x11-drv-fpit
xorg-x11-drv-hyperpen
xorg-x11-drv-mutouch
xorg-x11-drv-penmount


[3] নিম্নলিখিত নিয়ন্ত্ৰকসমূহ আৰু সমৰ্থিত নহয়:
  • Smart Array 5300
  • Smart Array 5i
  • Smart Array 532
  • Smart Array 5312
  • Smart Array 641
  • Smart Array 642
  • Smart Array 6400
  • Smart Array 6400 EM
  • Smart Array 6i
  • Smart Array P600
  • Smart Array P800
  • Smart Array P400
  • Smart Array P400i
  • Smart Array E200i
  • Smart Array E200
  • Smart Array E500
  • Smart Array P700M

অধ্যায় 5. ইনস্টলেষণ আৰু বুটিং

5.1. ইনস্টলাৰ

Red Hat Enterprise Linux ইনস্টলাৰ, Anaconda, ক Red Hat Enterprise Linux 7 ৰ বাবে ইনস্টলেষণ প্ৰক্ৰিয়া উন্নত কৰিবলৈ পুনৰ ৰূপাঙ্কণ কৰা হৈছে।

আন্তঃপৃষ্ঠ

  • Anaconda ত এটা নতুন লিখনী অৱস্থা আছে যি IBM S/390, টাইপৰাইটাৰ টাৰমিনেলসমূহত কাৰ্য্য কৰে, আৰু যাক কেৱল-লিখা ৰূপে ব্যৱহাৰ কৰিব পাৰি।
  • Anaconda ত এতিয়া এটা নতুনকৈ-পুনৰৰূপাঙ্কিত ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ আছে যি এটা আধুনিক আৰু সংসিদ্ধ হাব-আৰু-স্পৌক ভাৱ বিনিময়ী আৰ্হি অন্তৰ্ভুক্ত কৰে।
  • Anaconda ইনস্টলাৰত উন্নত l10n (স্থানীয়কৰণ) সমৰ্থন আছে।
  • আৰম্ভণিৰ সংস্থাপনক firstboot দ্বাৰা সুনিশ্চিত কৰা হয়।

সংৰক্ষণ

  • প্ৰত্যক্ষভাৱে-ফৰমেট কৰা অবিভাজিত ডিভাইচসমূহ সমৰ্থন কৰা হয়।
  • অস্থায়ী ফাইল সংৰক্ষণ সুবিধা, tmpfs, ক এতিয়া ইনস্টলেষণৰ সময়ত সংৰূপণ কৰিব পাৰি।
  • LVM পাতল যোগান এতিয়া সমৰ্থিত।
  • Btrfs ফাইল চিস্টেম এতিয়া এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে সমৰ্থিত।

নেটৱাৰ্কিং

নেটৱাৰ্কিংত দল, বান্ধনী আৰু NTP (নেটৱাৰ্ক সময় প্ৰটোকল) সংৰূপ অন্তৰ্ভুক্ত হয়। ততোধিক বিৱৰণৰ বাবে, অধ্যায় 13, নেটৱাৰ্কিং চাওক।

উন্নয়নকাৰী সঁজুলি

  • Anaconda এ এতিয়া উন্নত makeupdates স্ক্ৰিপ্ট ব্যৱহাৰ কৰে।

অন্য বৈশিষ্ট্যসমূহ

  • ভূ-অৱস্থান এতিয়া সমৰ্থিত: ভাষা আৰু সময়অঞ্চল এতিয়া GeoIP ৰ পৰা পূ্ৰ্বনিৰ্বাচন কৰা হয়।
  • স্ক্ৰিনশ্বটসমূহ এতিয়া বিশ্বব্যাপীভাৱে সমৰ্থিত।
  • Anaconda এ এতিয়া এড-অনসমূহ সমৰ্থন কৰে।
  • loader বাইনাৰিক dracut মডিউলসমূহ দ্বাৰা প্ৰতিস্থাপন কৰা হৈছে।
  • realmd DBus সেৱাক kickstart ৰ সৈতে সংহত কৰা হৈছে।
Red Hat Enterprise Linux 7.0 Installation Guide এ ইনস্টলাৰ আৰু ইনস্টলেষণ প্ৰক্ৰিয়াৰ বিষয়ে বিৱৰিত তথ্যচিত্ৰ প্ৰদান কৰে।

5.2. বুট ল'ডাৰ

GRUB 2

Red Hat Enterprise Linux 7.0 ত এটা নতুন বুট ল'ডাৰ আছে, GRUB 2, যি তাৰ পূৰ্বসুৰী GRUB, যি Red Hat Enterprise Linux 6 এ ব্যৱহাৰ কৰে, তাতকৈ অধিক শক্তিশালী আৰু সুবাহ্য। GRUB 2 এ কেইবাটাও বৈশিষ্ট্য আৰু উন্নয়ন প্ৰদান কৰে, যাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হল:
  • 64-bit Intel আৰু AMD স্থাপত্যৰ অতিৰিক্তে, GRUB 2 এ PowerPC ৰ সৈতে বিবিধ প্লেটফৰ্ম সমৰ্থন কৰে।
  • GRUB 2 অতিৰিক্ত ফাৰ্মৱেৰ ধৰণ, BIOS, EFI আৰু OpenFirmware সমৰ্থন কৰে।
  • মাস্টাৰ বুট ৰেকৰ্ড (MBR) বিভাজন টেবুলসমূহ সমৰ্থন কৰাৰ অতিৰিক্তে, GRUB 2 এ GUID বিভাজন টেবুল (GPT) সমৰ্থন কৰে।
  • Linux ফাইল চিস্টেমসমূহৰ অতিৰিক্তে, GRUB 2 এ non-Linux ফাইল চিস্টেমসমূহ যেনে Apple Hierarchical File System Plus (HFS+) আৰু Microsoft ৰ NTFS ফাইল চিস্টেম সমৰ্থন কৰে।

অধ্যায় 6. সংৰক্ষণ

LIO কাৰনেল লক্ষ্য চাবচিস্টেম

Red Hat Enterprise Linux 7.0 এ LIO কাৰনেল লক্ষ্য চাবচিস্টেম ব্যৱহাৰ কৰে, যি খণ্ড সংৰক্ষণৰ বাবে প্ৰামাণিক মুক্ত উৎস SCSI লক্ষ্য, নিম্নলিখিত সকলো সংৰক্ষণ ফেব্ৰিকৰ বাবে: FCoE, iSCSI, iSER (Mellanox InfiniBand), আৰু SRP (Mellanox InfiniBand)
Red Hat Enterpise Linux 6 এ tgtd ব্যৱহাৰ কৰে, iSCSI লক্ষ্য সমৰ্থনৰ বাবে, SCSI লক্ষ্য ডিমন, আৰু কেৱল LIO ব্যৱহাৰ কৰে, Linux কাৰনেল লক্ষ্য, fcoe-target-utils পেকেইজৰ সহায়ত Fibre-Channel over Ethernet (FCoE) লক্ষ্যৰ বাবে।
targetcli এ LIO Linux SCSI লক্ষ্যৰ বাবে সাধাৰণ ব্যৱস্থাপনা প্লেটফৰ্ম প্ৰদান কৰে।

দ্ৰুত খণ্ড ডিভাইচসমূহ দ্বাৰা লেহেম খণ্ড ডিভাইচসমূহ ক্যাশ কৰা

লেহেম খণ্ড ডিভাইচসমূহৰ বাবে দ্ৰুত খণ্ড ডিভাইচসমূহৰ ক্যাশ ৰূপে ব্যৱহাৰৰ ক্ষমতাক Red Hat Enterprise Linux 7.0 ত এটা প্ৰয়ুক্তি পূৰ্বদৰ্শন ৰূপে উন্মোচন কৰা হৈছে। এই বৈশিষ্ট্যয় এটা PCIe SSD ডিভাইচক প্ৰত্যক্ষ-সংলঘ্ন সংৰক্ষণ (DAS) অথবা সংৰক্ষণ স্থান নেটৱাৰ্ক (SAN) সংৰক্ষণৰ বাবে এটা ক্যাশ ৰূপে ব্যৱহাৰ কৰাৰ অনুমতি দিয়ে, যি ফাইল চিস্টেমৰ পৰিৱেশন উন্নত কৰে।

LVM ক্যাশ

Red Hat Enterprise Linux 7.0 এ LVM ক্যাশক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উন্মোচন কৰিছে। এই বৈশিষ্ট্যয় ব্যৱহাৰকাৰীসকলক ডাঙৰ লেহেম ডিভাইচসমূহৰ ক্যাশ ৰূপে পৰিৱেশন কৰা এটা সৰু দ্ৰুত ডিভাইচৰ সৈতে যৌক্তিক ভলিউমসমূহ সৃষ্টি কৰাৰ অনুমতি দিয়ে। ক্যাশ যৌক্তিক ভলিউম সৃষ্টি কৰাৰ বিষয়ে তথ্যৰ বাবে অনুগ্ৰহ কৰি lvm(8) man পৃষ্ঠা চাওক।
মন কৰিব যে নিম্নলিখিত কমান্ডসমূহ বৰ্তমানে ক্যাশ যৌক্তিক ভলিউমসমূহত অনুমোদিত নহয়:
  • pvmove: এ যিকোনো ক্যাশ যৌক্তিক ভলিউমক বাদ দিব,
  • lvresize, lvreduce, lvextend: বৰ্তমানে ক্যাশ যৌক্তিক ভলিউমক পুনৰ আকাৰ দিব নোৱাৰি,
  • vgsplit: এটা ভলিউম দল বিভাজন কৰিব নোৱাৰি যেতিয়া ইয়াৰ ভিতৰত ক্যাশ যৌক্তিক ভলিউম থাকে।

libStorageMgmt API ৰ সৈতে সংৰক্ষণ এৰে ব্যৱস্থাপনা

Red Hat Enterprise Linux 7.0 এ সংৰক্ষণ এৰে ব্যৱস্থাপনাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উন্মোচন কৰিছে। libStorageMgmt এটা সংৰক্ষণ এৰে সূকীয়া এপ্লিকেচন প্ৰগ্ৰামিং আন্তঃপৃষ্ঠ (API)। ই এটা স্থিৰ আৰু দৃঢ় API যি উন্নয়নকাৰীসকলক বিভিন্ন সংৰক্ষণ এৰে প্ৰগ্ৰামেটিকেলি ব্যৱস্থাপনা কৰাৰ আৰু প্ৰদান কৰা হাৰ্ডৱেৰ-ত্বৰিত বৈশিষ্ট্যসমূহ উত্তোলন কৰাৰ অনুমতি দিয়ে। চিস্টেম প্ৰশাসকসকলে ইয়াক সংৰক্ষণক হস্তচালিতভাৱে ব্যৱস্থাপনা কৰাৰ আৰু অন্তৰ্ভুক্ত কমান্ড লাইন আন্তঃপৃষ্ঠ (CLI) ৰ সৈতে সংৰক্ষণ ব্যৱস্থাপনা কাৰ্য্যসমূহ স্বচলন কৰাৰ সঁজুলি ৰূপে ব্যৱহাৰ কৰিব পাৰিব।

LSI Synchro ৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 7.0 এ LSI Syncro উচ্চ-উপলব্ধতা প্ৰত্যক্ষ-সংলঘ্ন সংৰক্ষণ (HA-DAS) এডাপ্টাৰসমূহ সামৰ্থবান কৰিবলৈ megaraid_sas ড্ৰাইভাৰত ক'ড অন্তৰ্ভুক্ত কৰে। য'ত megaraid_sas ড্ৰাইভাৰ পূৰ্বতে সামৰ্থবান এডাপ্টাৰসমূহৰ বাবে সম্পূৰ্ণভাৱে সমৰ্থিত, Syncro CS ৰ বাবে এই ড্ৰাইভাৰৰ ব্যৱহাৰ এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উপলব্ধ। এই এডাপ্টাৰৰ বাবে সমৰ্থন LSI, আপোনাৰ চিস্টেম ইন্টেগ্ৰেটৰ, অথবা চিস্টেম বিক্ৰেতা দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰদান কৰা হব। Red Hat Enterprise Linux 7.0 ত Syncro CS মোতায়ন কৰা ব্যৱহাৰকাৰীসকলক Red Hat আৰু LSI লৈ সঁহাৰি প্ৰদান কৰিবলৈ উৎসাহ দিয়া হৈছে। LSI Syncro CS সমাধানৰ অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি http://www.lsi.com/products/shared-das/pages/default.aspx চাওক।

LVM এপ্লিকেচন প্ৰগ্ৰামিং আন্তঃপৃষ্ট

Red Hat Enterprise Linux 7.0 এ নতুন LVM এপ্লিকেচন প্ৰগ্ৰামিং আন্তহপৃষ্ঠ (API) ক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে দেখুৱায়। এই API ক LVM ৰ কিছুমান বিষয় প্ৰশ্ন আৰু নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

DIF/DIX সমৰ্থন

DIF/DIX হল SCSI প্ৰমাণিকলৈ এটা নতুন যোগ আৰু Red Hat Enterprise Linux 7.0 ত ই এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে আছে। DIF/DIX এ তথ্য সত্যতা ফিল্ড (DIF) যোগ কৰি, সাধাৰণত ব্যৱহৃত 512-byte ডিস্ক খণ্ডৰ আকাৰক 512 ৰ পৰা 520 বাইটলৈ বৃদ্ধি কৰে। DIF এ তথ্য খণ্ডৰ বাবে এটা চেকচাম সংৰক্ষণ কৰে যাক এটা লিখা কাৰ্য্য হওতে হস্ট বাচ এডাপ্টাৰ (HBA) দ্বাৰা গণনা কৰা হয়। সংৰক্ষণ ডিভাইচে তেতিয়া গ্ৰহণ কৰোতে চেকচাম সুনিশ্চিত কৰে, আৰু দুয়ো তথ্য আৰু চেকচামক সংৰক্ষণ কৰে। বিপৰিতভাৱে, যেতিয়া এটা পঢ়া কাৰ্য্য হয়, চেকচামক সংৰক্ষণ ডিভাইচ, আৰু HBA গ্ৰহণ কৰি নিৰীক্ষণ কৰিব পাৰি।
অধিক তথ্যৰ বাবে, সংৰক্ষণ প্ৰশাসন সহায়ক ত DIF/DIX সামৰ্থবান থকা অৱস্থাত খণ্ড ডিভাইচসমূহ অংশ চাওক।

সমান্তৰাল NFS ৰ বাবে সমৰ্থন

সমান্তৰাল NFS (pNFS), NFS v4.1 প্ৰামাণিকৰ এটা অংশ যি ক্লাএন্টসকলক সংৰক্ষণ ডিভাইচসমূহ প্ৰত্যক্ষভাৱে আৰু সমান্তৰালভাৱে অভিগম কৰাৰ অনুমতি দিয়ে। pNFS স্থাপত্যয় কেইবাটাও সাধাৰণ কাৰ্য্যভাৰৰ বাবে NFS চাৰ্ভাৰসমূহৰ অতিক্ৰমণীয়তা আৰু পৰিৱেশন উন্নত কৰিব পাৰে।
pNFS এ তিনিটা ভিন্ন সংৰক্ষণ প্ৰটোকল অথবা বিন্যাসৰ বিৱৰণ দিয়ে: ফাইলসমূহ, অবজেক্টসমূহ আৰু খণ্ডসমূহ। Red Hat Enterprise Linux 7.0 ক্লাএন্টে ফাইলৰ বিন্যাসক সম্পূৰ্ণভাৱে সমৰ্থন কৰে, আৰু খণ্ড আৰু অবজেক্ট বিন্যাসসমূহক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে সমৰ্থন কৰা হয়।
pNFS ৰ বিষয়ে অধিক তথ্যৰ বাবে, http://www.pnfs.com/ চাওক।

অধ্যায় 7. ফাইল চিস্টেমসমূহ

XFS ফাইল চিস্টেমৰ সমৰ্থন

Red Hat Enterprise Linux 7.0 ৰ এটা Anaconda-ভিত্তিয় ইনস্টলেষণৰ বাবে অবিকল্পিত ফাইল চিস্টেম এতিয়া XFS, যি Red Hat Enterprise Linux 6 ত অবিকল্পিতভাৱে ব্যৱহৃত চতুৰ্থ প্ৰসাৰিত ফাইলচিস্টেম (ext4) ক প্ৰতিস্থাপন কৰে। ext4 আৰু Btrfs (B-Tree) ফাইল চিস্টেমসমূহক XFS ৰ বিকল্প ৰূপে ব্যৱহাৰ কৰিব পাৰি।
XFS উচ্চৰূপে অতিক্ৰমণীয়, উচ্চ-পৰিৱেশন ফাইল চিস্টেম যাক প্ৰকৃতৰূপে Silicon Graphics, Inc ত ৰূপাঙ্কণ কৰা হৈছিল। ইয়াক ১৬ এক্সাবাইট (প্ৰায় ১৬ নিযুত টেৰাবাইট) লৈ ফাইল চিস্টেমসমূহ, ৮ এক্সাবাইট (প্ৰায় ৮ নিযুত টেৰাবাইট) লৈ ফাইলসমূহ আৰু দহ নিযুতৰ অধিক প্ৰৱিষ্টি অন্তৰ্ভুক্ত কৰা ডাইৰেকটৰি গঠন সমৰ্থন কৰাৰ বাবে সৃষ্টি কৰা হৈছিল। XFS এ মেটাডাটা জাৰ্নেলিং সমৰ্থন কৰে, যি দ্ৰুত স্খলন উদ্ধাৰৰ সুবিধা দিয়ে। XFS ফাইল চিস্টেমসমূহক মাউন্ট আৰু সক্ৰিয় থকা অৱস্থাত ডিফ্ৰেগমেন্ট আৰু প্ৰসাৰন কৰিব পাৰি।
ext4 আৰু XFS ত সাধাৰণ কাৰ্য্যসমূহৰ বাবে কমান্ডসমূহৰ পৰিবৰ্তনৰ অধিক তথ্যৰ বাবে, ইনস্টলেষণ সহায়ক ত প্ৰসংগ টেবুল চাওক।

IBM System z ৰ বাবে libhugetlbfs সমৰ্থন

libhugetlbfs লাইব্ৰেৰী এতিয়া IBM System z স্থাপত্যত সমৰ্থিত। লাইব্ৰেৰীয়ে C আৰু C++ প্ৰগ্ৰামসমূহত বৃহত পৃষ্ঠাসমূহৰ স্বচ্ছ উপযোগ সামৰ্থবান কৰে। এপ্লিকেচন আৰু মিডিলৱেৰ প্ৰগ্ৰামসমূহে পৰিৱেশন সুবিধা অথবা কোনো পৰিবৰ্তন অথবা পুনৰ কমপাইল নহোৱাকৈ বৃহত পৃষ্ঠাৰ সুবিধা লব পাৰিব।

অধ্যায় 8. কাৰনেল

Red Hat Enterprise Linux 7.0 ত kernel সংস্কৰণ 3.10 আছে, যি কেইবাটাও নতুন বৈশিষ্ট্য প্ৰদান কৰে, যাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণবোৰ তলত তালিকাভুক্ত কৰা হৈছে।

ডাঙৰ স্খলনকাৰনেল আকাৰসমূহৰ বাবে সমৰ্থন

Red Hat Enterprise Linux 7.0 এ ডাঙৰ মেমৰি (3TB লৈ) ৰ সৈতে চিস্টেমসমূহত kdump স্খলন ডাম্পিং পদ্ধতি সমৰ্থন কৰে।

1 CPU ৰ অধিকৰ সৈতে স্খলনকাৰনেল

Red Hat Enterprise Linux 7.0 এ এটাৰ অধিক CPU ৰ সৈতে স্খলনকাৰনেল বুট কৰাৰ অনুমতি দিয়ে। এই কাৰ্য্যকৰীতাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে সমৰ্থন কৰা হৈছে।

শ্বাপ মেমৰি সংকোচন

Red Hat Enterprise Linux 7.0 এ এটা নতুন বৈশিষ্ট্য, শ্বাপ মেমৰি সংকোচন উন্মোচন কৰিছে। শ্বাপ সংকোচনক zswap ৰ দ্বাৰা পৰিৱেশন কৰা হয়, frontswap ৰ এটা পাতল বেকএণ্ড। শ্বাপ মেমৰি সংকোচন প্ৰযুক্তিয়ে এটা গুৰুত্বপূৰ্ণ I/O হ্ৰাস আৰু পৰিৱেশনৰ উন্নতি সুনিশ্চিত কৰে।

NUMA-সতৰ্কতা সূচনা আৰু মেমৰি আবন্টন

Red Hat Enterprise Linux 7.0 ত, কাৰনেলে একেটা চিস্টেমত স্বচালিতভাৱে NUMA ৰ মাজত প্ৰক্ৰিয়াসমূহ আৰু মেমৰি পুনৰআবন্টন কৰে, যাতে নন-ইউনিফৰ্ম মেমৰি অভিগম (NUMA) ৰ সৈতে চিস্টেমসমূহত পৰিৱেশন উন্নত হয়।

APIC ভাৰছুৱেলাইজেষণ

উন্নত প্ৰগ্ৰামেবুল বাধা নিয়ন্ত্ৰক (APIC) ৰেজিস্টাৰসমূহৰ ভাৰছুৱেলাইজেষণক ভাৰছুৱেল মেচিন মনিটৰ (VMM) বাধা নিয়ন্ত্ৰণ উন্নত কৰিবলৈ নতুন প্ৰচেছৰসমূহৰ হাৰ্ডৱেৰ ক্ষমতাসমূহ ব্যৱহাৰ কৰি সমৰ্থন কৰা হয়।

vmcp কাৰনেলত নিৰ্মিত

Red Hat Enterprise Linux 7.0 ত, vmcp কাৰনেল মডিউল কাৰনেলত নিৰ্মিত। ই সুনিশ্চিত কৰে যে vmcp ডিভাইচ ন'ড সদায় উপস্থিত থাকে, আৰু ব্যৱহাৰকাৰীসকলে vmcp কাৰনেল মডিউল প্ৰথমতে ল'ড কৰিব লগিয়া নহোৱাকৈ IBM z/VM হাইপাৰভাইছৰ নিয়ন্ত্ৰণ প্ৰগ্ৰাম কমান্ডসমূহ পঠাব পাৰে।

হাৰ্ডৱেৰ ত্ৰুটি সংবাদন পদ্ধতি

বৰ্তমানে, Linux ত হাৰ্ডৱেৰ ত্ৰুটি সংবাদন পদ্ধতি সমস্যাজনক হব পাৰে, বিশেষকৈ বিভিন্ন সঁজুলি (mcelog আৰু EDAC) ৰ বাবে যি ত্ৰুটি ঘটনাবোৰৰ সংবাদন কৰিবলৈ বিভিন্ন পদ্ধতিৰ সৈতে বিভিন্ন উৎসৰ আৰু লগতে বিভিন্ন সঁজুলি (যেনে mcelog, edac-utils, আৰু syslog) ৰ পৰা ত্ৰুটি সংগ্ৰহ কৰে।
হাৰ্ডৱেৰ ত্ৰুটি সংবাদনৰ সমস্যাক নিম্নলিখিত দুটা অংশত বিভাজন কৰিব পাৰি:
  • বিভিন্ন ভুল তথ্য সংগ্ৰহ পদ্ধতি যি বিভিন্ন তথ্য সংগ্ৰহ কৰে আৰু কেতিয়াবা প্ৰতিলিপিত তথ্য সংগ্ৰহ কৰে,
  • আৰু বিভিন্ন সঁজুলি যি এই তথ্যক বিভিন্ন সময় স্তম্ভৰ সৈতে বিভিন্ন অৱস্থানত সংবাদন কৰে, যি ঘটনাবোৰ সমন্বয় কৰিবলৈ কঠিন কৰে,
Red Hat Enterprise Linux 7.0 ত, নতুন হাৰ্ডৱেৰ ঘটনা সংবাদন পদ্ধতি, অথবা HERM, ৰ লক্ষ্য হল বিভিন্ন উৎসৰ পৰা ত্ৰুটি তথ্য সংগ্ৰহক একত্ৰিত কৰা, আৰু ত্ৰুটি ঘটনাবোৰ ব্যৱহাৰকাৰী স্থানত এটা ক্ৰমিয় সময়শাৰীত আৰু এটা অৱস্থানত সংবাদন কৰা। Red Hat Enterprise Linux 7.0 ত HERM এ এটা নতুন ব্যৱহাৰকাৰী স্থান স্পেইচ ডিমন উন্মোচন কৰে, rasdaemon, যি কাৰনেল অনুকৰণ আন্তঃগাথনীৰ পৰা সকলো ভৰষা, উপলব্ধতা, আৰু সেৱা (RAS) ত্ৰুটি ঘটনাবোৰ ধৰে, আৰু সিহতক লগ কৰে। Red Hat Enterprise Linux 7.0 ত HERM এ ত্ৰুটিসমূহ সংবাদন কৰিবলৈ সঁজুলিসমূহ প্ৰদান কৰে আৰু বিভিন্ন ধৰণৰ ত্ৰুটি যেনে বাৰস্ট আৰু স্পাৰ্চ ত্ৰুটিসমূহ চিনাক্ত কৰিবলৈ সক্ষম।

সম্পূৰ্ণ DynTick সমৰ্থন

nohz_full বুট প্ৰাচলে প্ৰকৃত টিকলেচ বৈশিষ্ট্যক এটা অতিৰিক্ত কেইচলৈ প্ৰসাৰন কৰে য'ত টিকক বন্ধ কৰিব পাৰি, যেতিয়া per-cpu nr_running=1 সংহতি ব্যৱহাৰ কৰা হয়। ইয়াৰ অৰ্থ, এটা CPU ৰ চলন শাৰীত এটা চলাব পৰা কাৰ্য্য আছে।

কাৰনেল মডিউলসমূহ ব্লেকলিস্ট কৰা

Red Hat Enterprise Linux 7.0 ত থকা modprobe সঁজুলিয়ে ব্যৱহাৰকাৰীক ইনস্টলেষণৰ সময়ত কাৰনেল মডিউলসমূহ ব্লেকলিস্ট কৰাৰ অনুমতি দিয়ে। এটা মডিউলৰ স্বল'ড বিশ্বব্যাপীভাৱে অসামৰ্থবান কৰিবলৈ, নিম্নলিখিত কমান্ড চলাওক:
modprobe.blacklist=module

ডাইনামিক কাৰনেল মেৰামতি

Red Hat Enterprise Linux 7.0 এ kpatch ক এটা প্ৰযুক্তি পূ্ৰ্বদৰ্শন ৰূপে উন্মোচন কৰিছে, এটা ডাইনামিক কাৰনেল মেৰামতি ব্যৱস্থাপক। kpatch এ ব্যৱহাৰকাৰীসকলক বাইনাৰি কাৰনেল মেৰামতিৰ এটা সংগ্ৰহক ব্যৱস্থাপনা কৰাৰ অনুমতি দিয়ে যাক কমপিউটাৰ পুনাৰম্ভ নকৰাকৈ কাৰনেলক ডাইনামিকেলি মেৰামতি কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

Emulex ocrdma ড্ৰাইভাৰ

Emulex ocrdma ক Red Hat Enterprise Linux 7.0 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। ড্ৰাইভাৰে কিছুমান Emulex এডাপ্টাৰসমূহত দূৰৱৰ্তী প্ৰত্যক্ষ মেমৰি অভিগম (RDMA) ক্ষমতা প্ৰদান কৰে।

dm-era লক্ষ্য

Red Hat Enterprise Linux 7.0 এ dm-era device-mapper লক্ষ্যক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উন্মোচন কৰিছে। dm-era এ এজন ব্যৱহাৰকাৰী-দ্বাৰা বিৱৰিত সময় "era" ত কোনবোৰ খন্ড লিখা হৈছিল তাৰ ট্ৰেক ৰাখে। প্ৰতিটো era লক্ষ্য উদাহৰণে বৰ্তমান era ক এটা একলেখীয়াভাৱে বৃদ্ধি হোৱা 32-bit গণক ৰূপে ব্যৱস্থাপনা কৰে। এই লক্ষ্যয় বেকআপ চফ্টৱেৰক সৰ্বশেষ বেকআপৰ পিছত কোনবোৰ খণ্ড পৰিবৰ্তন হৈছে তাৰ ট্ৰেক ৰাখে। ই লগতে এটা বিক্ৰেতা স্নেপশ্বটলৈ ঘুৰি যোৱাৰ পিছত ক্যাশ সংবদ্ধতা পুনৰুদ্ধাৰ কৰিবলৈ এটা ক্যাশৰ সমলৰ আংশিক অবৈধকৰণৰ অনুমতি দিয়ে। dm-era লক্ষ্যক প্ৰাথমিকভাৱে dm-cache লক্ষ্যৰ সৈতে যোৰ হোৱাটো আশা কৰা হয়।

অধ্যায় 9. ভাৰছুৱেলাইজেষণ

9.1. কাৰনেল-ভিত্তিয় ভাৰছুৱেলাইজেষণ

virtio-blk-data-plane ব্যৱহাৰ কৰি উন্নত খণ্ড I/O পৰিৱেশন

Red Hat Enterprise Linux 7.0 ত, virtio-blk-data-plane I/O ভাৰছুৱেলাইজেষণ কাৰ্য্যকৰীতা এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উপলব্ধ। এই কাৰ্য্যকৰীতায় QEMU ক ডিস্ক I/O ক I/O পৰিৱেশনৰ বাবে অনুকলিত এটা নিয়োজিত থ্ৰেডত প্ৰসাৰন কৰে।

PCI ব্ৰিজ

QEMU পূ্ৰ্বতে 32 PCI স্লটলৈ সমৰ্থন কৰিছিল। Red Hat Enterprise Linux 7.0 ত PCI ব্ৰিজ আছে, যি ব্যৱহাৰকাৰীসকলক 32 PCI ডিভাইচৰ অধিক সংৰূপণ কৰাৰ অনুমতি দিয়ে। মন কৰিব যে ব্ৰিজৰ পিছফালে ডিভাইচসমূহৰ হট প্লাগিং সমৰ্থিত নহয়।

QEMU Sandboxing

Red Hat Enterprise Linux 7.0 ত কাৰনেল চিস্টেম কল ফিল্টাৰিংৰ ব্যৱহাৰ দ্বাৰা সম্প্ৰসাৰিত ভাৰছুৱেলাইজেষণ সুৰক্ষা আছে, যি হস্ট চিস্টেম আৰু গেস্টৰ মাজৰ পৃথকীকৰণ উন্নত কৰে।

QEMU ভাৰছুৱেল CPU হট এড সমৰ্থন

Red Hat Enterprise Linux 7.0 ৰ QEMU ত ভাৰছুৱেল CPU (vCPU) হট এড সমৰ্থন আছে। ভাৰছুৱেল CPUs (vCPUs) ক কাৰ্য্যভাৰ পূৰণ কৰিবলৈ অথবা কাৰ্য্যভাৰৰৰ সৈতে জড়িত সেৱা স্তৰ চুক্তি (SLA) ব্যৱস্থাপনা কৰিবলৈ এটা চলিত ভাৰছুৱেল মেচিনলৈ যোগ কৰিব পাৰি। মন কৰিব যে vCPU হট প্লাগ কেৱল Red Hat Enterprise Linux 7.0 ৰ অবিকল্পিত মেচিন ধৰণ pc-i440fx-rhel7.0.0 ব্যৱহাৰ কৰা ভাৰছুৱেল মেচিনসমূহত সমৰ্থিত।

একাধিক শাৰী NICs

একাধিক শাৰী virtio_net এ উন্নত অতিক্ৰমণীয়তা প্ৰদান কৰে; প্ৰতিটো ভাৰছুৱেল CPU ৰ এটা পৃথক পৰিবহন অথবা গ্ৰহণ শাৰী আৰু পৃথক বাধা থাকিব পাৰিব যাক ই অন্য ভাৰছুৱেল CPUs ক প্ৰভাৱ নেপেলোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব।

একাধিক শাৰী virtio_scsi

একাধিক শাৰী virtio_scsi এ উন্নত অতিক্ৰমণীয়তা প্ৰদান কৰে; প্ৰতিটো ভাৰছুৱেল CPU ৰ এটা পৃথক শাৰী আৰু বাধা থাকিব পাৰে যাক ই অন্য ভাৰছুৱেল CPUs ৰ ওপৰত প্ৰভাৱ নেপেলোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব।

জীৱন্ত প্ৰব্ৰজনৰ বাবে পৃষ্ঠা ডেল্টা সংকোচন

KVM জীৱন্ত প্ৰব্ৰজন বৈশিষ্ট্যক গেস্ট মেমৰি পৃষ্ঠাসমূহ সংকোচন কৰি আৰু স্থানান্তৰ কৰা প্ৰব্ৰজন তথ্যৰ আকাৰ কম কৰি উন্নত কৰা হৈছে। এই বৈশিষ্ট্যয় প্ৰব্ৰজনক দ্ৰুত অভিসৰিত কৰে।

KVM ত HyperV এনলাইটমেন্ট

KVM ক একাধিক Microsoft Hyper-V ফননৰ সৈতে আপডেইট কৰা হৈছে; উদাহৰণস্বৰূপ, মেমৰি ব্যৱস্থাপনা একক (MMU) আৰু ভাৰছুৱেল বাধা নিয়ন্ত্ৰকৰ বাবে সমৰ্থন। Microsoft এ গেস্ট আৰু হস্টৰ মাজত এটা পেৰা-ভাৰছুৱেলাইজ্ড API প্ৰদান কৰে, আৰু এই কাৰ্য্যকৰীতাৰ অংশ হস্টত প্ৰণয়ন কৰি, আৰু ইয়াক Microsoft ধাৰ্য্যকৰণৰ মতে উন্মুক্ত কৰি, Microsoft Windows গেস্টসকলে তেওলোকৰ পৰিৱেশন উন্নত কৰিব পাৰিব।

উচ্চ বেণ্ডৱাইড্থ I/O ৰ বাবে EOI ত্বৰণ

Red Hat Enterprise Linux 7.0 এ উন্নত প্ৰগ্ৰামেবুল বাধা নিয়ন্ত্ৰক (APIC) লৈ Intel আৰু AMD সম্প্ৰসাৰনসমূহ ব্যৱহাৰ কৰে যাতে বাধাৰ অন্ত প্ৰক্ৰিয়াকৰণ (EOI) ত্বৰিত কৰিব পাৰি। পুৰনি চিপচেটসমূহত, Red Hat Enterprise Linux 7.0 এ EOI ত্বৰণৰ বাবে পেৰা-ভাৰছুৱেলাইজেষণ বিকল্পসমূহ প্ৰদান কৰে।

KVM গেস্টসমূহৰ বাবে USB 3.0 সমৰ্থন

Red Hat Enterprise Linux 7.0 এ USB 3.0 hostadapter (xHCI) ইমুলেষণক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে যোগ কৰি উন্নত USB সমৰ্থন প্ৰদান কৰে।

Windows 8 আৰু Windows Server 2012 গেস্ট সমৰ্থন

Red Hat Enterprise Linux 7.0 এ KVM ভাৰছুৱেল মেচিনসমূহত চলি থকা Microsoft Windows 8 আৰু Windows Server 2012 সমৰ্থন কৰে।

QEMU গেস্টসমূহৰ বাবে I/O থ্ৰটলিং

এই বৈশিষ্ট্যয় QEMU খণ্ড ডিভাইচসমূহৰ বাবে I/O থ্ৰটলিং, অথবা সীমা প্ৰদান কৰে। I/O প্ৰক্ৰিয়াকৰণে I/O মেমৰি অনুৰোধসমূহৰ প্ৰক্ৰিয়াকৰণ লেহেম কৰে। ই চিস্টেমক লেহেম কৰে কিন্তু চিস্টেমক স্খলন হোৱাৰ পৰা প্ৰতিৰোধ কৰে। মন কৰিব যে তথ্য প্লেইনসমূহ থ্ৰটল কৰা সম্ভব নহয়।

বেলুনিং আৰু স্বচ্ছ বৃহত পৃষ্ঠাসমূহৰ একত্ৰিকৰণ

বেলুনিং আৰু স্বচ্ছ বৃহত পৃষ্ঠাসমূহ Red Hat Enterprise Linux 7.0 ত অধিক ভালকৈ একত্ৰিত কৰা হয়। বেলুন পৃষ্ঠাসমূহ স্থানান্তৰ কৰিব আৰু সংকোচন কৰিব পাৰি যাতে সিহত বৃহত পৃষ্ঠা হব পাৰে।

হস্টৰ পৰা চিস্টেম এনট্ৰপি পুল কৰা

এটা নতুন ডিভাইচ, virtio-rng ক, গেস্টৰ বাবে সংৰূপণ কৰিব পাৰি, যি এনট্ৰপিক হস্টৰ পৰা গেস্টলৈ উপলব্ধ কৰাব। অবিকল্পিতভাৱে, এই তথ্যক হস্টৰ /dev/random ফাইলৰ পৰা লোৱা হয়, কিন্তু হস্টত উপলব্ধ হাৰ্ডৱেৰ যাদৃচ্ছিক সংখ্যা সৃজক (RNGs) ক উৎস ৰূপে ব্যৱহাৰ কৰিব পাৰি।

ব্ৰিজ শূন্য কপি পৰিবহন

ব্ৰিজ শূন্য-কপি পৰিবহন হল ডাঙৰ বাৰ্তাসমূহৰ CPU প্ৰক্ৰিয়াকৰণ উন্নত কৰিবলে এটা পৰিৱেশন বৈশিষ্ট্য। ব্ৰিজ শূন্য-কপি পৰিবহন বৈশিষ্ট্যয় এটা ব্ৰিজ ব্যৱহাৰ কৰোতে গেস্টৰ পৰা বহিৰ্তম ট্ৰাফিকলৈ পৰিৱেশন উন্নত কৰে।

জীৱন্ত প্ৰব্ৰজন সমৰ্থন

এটা Red Hat Enterprise Linux 6.5 হস্টৰ পৰা এটা Red Hat Enterprise Linux 7.0 হস্টলৈ এটা গেস্টৰ জীৱন্ত প্ৰব্ৰজন সমৰ্থিত।

qemu-kvm ত সমৰ্থন বাদ দিয়া

fstrim অথবা mount -o discard কমান্ড ব্যৱহাৰ কৰি, সমৰ্থন বাদ দিয়া, ডমেইনৰ XML বিৱৰণৰ <driver> উপাদানত discard='unmap' যোগ কৰাৰ পিছত কাম কৰে। উদাহৰণস্বৰূপ:
<disk type='file' device='disk'>
	<driver name='qemu' type='raw' discard='unmap'/>
  <source file='/var/lib/libvirt/images/vm1.img'>
  ...
</disk>

NVIDIA GPU ডিভাইচ ধাৰ্য্যকৰণ

Red Hat Enterprise Linux 7.0 এ NVIDIA professional series গ্ৰাফিক্স ডিভাইচসমূহ (GRID আৰু Quadro) ৰ ডিভাইচ ধাৰ্য্যকৰণক ইমুলেটেড VGA লৈ এটা দ্বিতীয় গ্ৰাফিক্স ডিভাইচ ৰূপে সমৰ্থন কৰে।

পেৰা-ভাৰছুৱেলাইজ্ড টিকেট লক্স

Red Hat Enterprise Linux 7.0 এ পেৰা-ভাৰছুৱেলাইজ্ড টিকেটলক্স (pvticketlocks) সমৰ্থন কৰে যি Red Hat Enterprise Linux 7.0 হস্টত অভাৰচাবস্ক্ৰাইব্ড CPUs ৰ সৈতে চলি থকা Red Hat Enterprise Linux 7.0 গেস্ট ভাৰছুৱেল মেচিনসমূহৰ পৰিৱেশন উন্নত কৰে।

ধাৰ্য্যত PCIe ডিভাইচসমূহত ত্ৰুটি নিয়ন্ত্ৰণ

যদি উন্নত ত্ৰুটি সংবাদন (AER) ৰ সৈতে এটা PCIe ডিভাইচে এটা গেস্টলৈ ধাৰ্য্য হওতে এটা ত্ৰুটি সন্মুখিন হয়, প্ৰভাৱিত হস্টক অন্য চলি থকা গেস্ট অথবা হস্টক প্ৰভাৱ নেপেলাই বন্ধ কৰা হয়। গেস্টবোৰক, ডিভাইচৰ বাবে হস্ট ড্ৰাইভাৰ ত্ৰুটিৰ পৰা উদ্ধাৰ হোৱাৰ পিছত আৰম্ভ কৰিব পাৰি।

Q35 চিপচেট, PCI এক্সপ্ৰেচ বাচ আৰু AHCI বাচ ইমুলেষণ

Q35 মেচিন ধৰণ, যি KVM গেস্ট ভাৰছুৱেল মেচিনসমূহত PCI এক্সপ্ৰেচ বাচ সমৰ্থনৰ বাবে প্ৰয়োজনীয়, Red Hat Enterprise Linux 7.0 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উপলব্ধ। এটা AHCI বাচ কেৱল Q35 মেচিন ধৰণৰ সৈতে অন্তৰ্ভুক্ত হবলৈ সমৰ্থিত আৰু লগতে এটা প্ৰযুক্তি পূৰ্বদৰ্শন Red Hat Enterprise Linux 7.0 ৰূপে উপলব্ধ।

VFIO-ভিত্তিয় PCI ডিভাইচ ধাৰ্য্যকৰণ

ভাৰছুৱেল ফলন I/O (VFIO) ব্যৱহাৰকাৰী-স্থান ড্ৰাইভাৰ আন্তঃপৃষ্ঠয় KVM গেস্ট ভাৰছুৱেল মেচিনসমূহক এটা উন্নত PCI ডিভাইচ ধাৰ্য্যকৰণ সমাধানৰ সৈতে প্ৰদান কৰে। VFIO এটা ডিভাইচ পৃথকীকৰণৰ কাৰনেল-স্তৰ বলৱৎকৰণ প্ৰদান কৰে, ডিভাইচ অভিগমৰ সুৰক্ষা উন্নত কৰে আৰু বৈশিষ্ট্যসমূহ যেনে সুৰক্ষিত বুটৰ সৈতে সংগত। VFIO এ Red Hat Enterprise Linux 6 ত ব্যৱহৃত KVM ডিভাইচ ধাৰ্য্যকৰণ পদ্ধতিক প্ৰতিস্থাপন কৰে।

Intel VT-d বৃহত পৃষ্ঠাসমূহ

Red Hat Enterprise Linux 7.0 ত এটা KVM অতিথি ভাৰছুৱেল মেচিনৰ সৈতে ভাৰছুৱেল ফলন I/O (VFIO) ডিভাইচ ধাৰ্য্যকৰণ ব্যৱহাৰ কৰোতে, ইনপুট/আউটপুট মেমৰি ব্যৱস্থাপনা একক (IOMMU) দ্বাৰা 2MB পৃষ্ঠা ব্যৱহাৰ কৰা হয়, যাৰ ফলস্বৰূপ I/O কাৰ্য্যসমূহৰ বাবে অনুবাদ লুকএচাইড বাফাৰ (TLB) অভাৰহেড কম হয়। Red Hat Enterprise Linux 7.0 ৰ বাবে 1GB পৃষ্ঠা সমৰ্থন পৰিকল্পিত। VT-d বৃহত পৃষ্ঠাসমূহ বৈশিষ্ট্য কেৱল কিছুমান অধিক শেহতীয়া Intel-ভিত্তিয় প্লেটফৰ্মসমূহত সমৰ্থিত।

KVM ঘড়ী প্ৰাপ্ত সময় পৰিৱেশন

Red Hat Enterprise Linux 7.0 ত vsyscall পদ্ধতি উন্নত কৰা হৈছে যাতে KVM গেস্টসমূহৰ বাবে ব্যৱহাৰকাৰী স্থানৰ পৰা ঘড়ীৰ দ্ৰুত পঢ়া সমৰ্থিত হয়। এটা Red Hat Enterprise Linux 7.0 হস্টত Red Hat Enterprise Linux 7.0 চলোৱা এটা গেস্ট মেচিনে দিনৰ সময় সঘনে পঢ়া এপ্লিকেচনসমূহৰ বাবে উন্নত পৰিৱেশন পাব।

QCOW2 সংস্কৰণ 3 ছবি বিন্যাস

Red Hat Enterprise Linux 7.0 এ QCOW2 সংস্কৰণ 3 ছবি বিন্যাসৰ বাবে সমৰ্থন যোগ কৰে।

উন্নত জীৱন্ত প্ৰব্ৰজন পৰিসংখ্যা

জীৱন্ত প্ৰব্ৰজনৰ বিষয়ে তথ্য এতিয়া পৰিৱেশন বিশ্লেষণ আৰু টিউন কৰিবলে উপলব্ধ। উন্নত পৰিসংখ্যায় প্ৰত্যাশিত ডাউনটাইম, ডাউনটাইম অথবা ডাৰটি পৃষ্ঠাৰ হাৰৰ বিষয়ে তথ্য অন্তৰ্ভুক্ত কৰে।

জীৱন্ত প্ৰব্ৰজন থ্ৰেড

থ্ৰেডিং সমৰ্থন কৰিবলৈ KVM জীৱন্ত প্ৰব্ৰজন বৈশিষ্ট্য উন্নত কৰা হৈছে।

আখৰ ডিভাইচ আৰু ক্ৰমিক পৰ্টসমূহৰ হট প্লাগিং

নতুন আখৰ ডিভাইচসমূহৰ সৈতে নতুন ক্ৰমিক পৰ্ট হট প্লাগ কৰা এতিয়া Red Hat Enterprise Linux 7.0 ত সমৰ্থিত।

AMD Opteron G5 ৰ ইমুলেষণ

KVM এতিয়া AMD Opteron G5 প্ৰচেছৰসমূহ ইমুলেইট কৰিবলৈ সক্ষম।

KVM গেস্টসমূহত নতুন Intel নিৰ্দেশৰ সমৰ্থন

KVM গেস্টসমূহে Intel 22nm প্ৰচেছৰসমূহ দ্বাৰা সমৰ্থন কৰা নতুন নিৰ্দেশসমূহ ব্যৱহাৰ কৰিব পাৰে। ই অন্তৰ্ভুক্ত কৰে:
  • দশমিক-সংখ্যা একত্ৰিত পুৰন-যোগ
  • 256-bit পূৰ্ণ সংখ্যা কাৰক,
  • big-endian স্থানান্তৰ নিৰ্দেশ (MOVBE) সমৰ্থন,
  • অথবা HLE/HLE+।

VPC আৰু VHDX ফাইল বিন্যাসসমূহ

Red Hat Enterprise Linux 7.0 ত KVM এ Microsoft ভাৰছুৱেল PC (VPC) আৰু Microsoft Hyper-V ভাৰছুৱেল হাৰ্ড ডিস্ক (VHDX) ফাইল বিন্যাসমূহৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰে।

libguestfs ত নতুন বৈশিষ্ট্যসমূহ

libguestfs হল ভাৰছুৱেল মেচিন ডিস্ক ছবিসমূহ অভিগম আৰু পৰিবৰ্তন কৰিবলৈ সঁজুলিসমূহৰ এটা সংহতি। Red Hat Enterprise Linux 7.0 ত অন্তৰ্ভুক্ত libguestfs এ কেইবাটাও উন্নয়ন অন্তৰ্ভুক্ত কৰে, যাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হল:
  • SELinux ব্যৱহাৰ কৰা সুৰক্ষিত ভাৰছুৱেলাইজেষণ, অথবা sVirt সুৰক্ষা, দ্বেষপূৰ্ণ আৰু ক্ষতিগ্ৰস্থ ডিস্ক ছবিসমূহৰ বাবে বৃদ্ধিত সুৰক্ষা সুনিশ্চিত কৰে।
  • দূৰৱৰ্তী ডিস্কসমূহক আৰম্ভণিত নেটৱাৰ্ক খণ্ড ডিভাইচ (NBD) ত পৰিক্ষা কৰি পৰিবৰ্তন কৰিব পাৰি।
  • ডিস্কসমূহক কিছুমান এপ্লিকেচনত উন্নত পৰিৱেশনৰ বাবে হট প্লাগ কৰিব পাৰি।

WHQL-Certified virtio-win ড্ৰাইভাৰসমূহ

Red Hat Enterprise Linux 7.0 এ শেহতীয়া Microsoft Windows গেস্ট, যেনে Microsoft Window 8, 8.1, 2012 and 2012 R2 ৰ বাবে Windows Hardware Quality Labs (WHQL) প্ৰমাণিত virtio-win ড্ৰাইভাৰসমূহ অন্তৰ্ভুক্ত কৰে।

9.2. Xen

Red Hat Enterprise Linux 7.0 Xen HVM গেস্ট

ব্যৱহাৰকাৰীসকলে এতিয়া Red Hat Enterprise Linux 7.0 ক প্ৰখ্যাত Xen পৰিৱেশত এটা গেস্ট ৰূপে ব্যৱহাৰ কৰিব পাৰিব।

9.3. Hyper-V

প্ৰজন্ম ২ ভাৰছুৱেল মেচিন ৰূপে হস্টেড Red Hat Enterprise Linux 7.0

Red Hat Enterprise Linux 7.0 ক Microsoft Hyper-V Server 2012 R2 হস্টত এটা প্ৰজন্ম ২ ভাৰছুৱেল মেচিন ৰূপে ব্যৱহাৰ কৰিব পাৰি। পূৰ্বৱৰ্তী প্ৰজন্মত সমৰ্থিত ফলনসমূহৰ অতিৰিক্তে, প্ৰজন্ম ২ এ এটা ভাৰছুৱেল মেচিনত নতুন ফলনসমূহ প্ৰদান কৰে; উদাহৰণস্বৰূপ সুৰক্ষিত বুট, এটা SCSI ভাৰছুৱেল হাৰ্ড ডিস্ক অথবা UEFI ফাৰ্মৱেৰ সমৰ্থনৰ পৰা বুট।

অধ্যায় 10. চিস্টেম আৰু সেৱাসমূহ

systemd

systemd হল Linux ৰ বাবে চিস্টেম আৰু সেৱা ব্যৱস্থাপক, আৰু Red Hat Enterprise Linux 6 ৰ পূ্ৰ্বৱৰ্তী উন্মোচনসমূহত ব্যৱহৃত SysV ক প্ৰতিস্থাপন কৰে। systemd, SysV আৰু Linux প্ৰামাণিক ভিত্তি init স্ক্ৰিপ্টসমূহৰ সৈতে সংগত।
systemd এ অন্যৰ বাহিৰেও, নিম্নলিখিত ক্ষমতাসমূহ প্ৰদান কৰে:
  • আক্ৰমক সমান্তৰলতা ক্ষমতাসমূহ।
  • চকেটৰ ব্যৱহাৰ আৰু সেৱাসমূহ আৰম্ভ কৰিবলৈ D-Bus সক্ৰিয়কৰণ।
  • প্ৰয়োজন সাপেক্ষে ডিমনসমূহ আৰম্ভ কৰা।
  • নিয়ন্ত্ৰণ দলসমূহৰ ব্যৱস্থাপনা।
  • চিস্টেম অৱস্থা স্নেপশ্বট সৃষ্টি আৰু চিস্টেম অৱস্থাৰ পুনৰুদ্ধাৰ।
systemd আৰু সংৰূপৰ বিৱৰিত তথ্যৰ বাবে, চিস্টেম প্ৰশাসকৰ সহায়ক চাওক।

অধ্যায় 11. ক্লাস্টাৰিং

ক্লাস্টাৰসমূহ হল নিৰ্ভৰযোগ্যতা, অদিশ, আৰু মাৰাত্মক উৎপাদন সেৱাসমূহলে উপলব্ধতা বঢ়াবলে ঐক্যতানত কাম কৰা বহু কমপিউটাৰ (নোডসমূহ)। Red Hat Enterprise Linux 7.0 ব্যৱহাৰ কৰি উচ্চ উপলব্ধতাক পৰিৱেশনৰ বিভিন্ন প্ৰয়োজনসমূহ, উচ্চ উপলব্ধতা, ভাৰ ভাৰসাম্য, আৰু ফাইল সেয়াৰৰ লগত খাপ খাবলে বিভিন্ন সংৰূপত মোতায়ন কৰিব পাৰি।
মন কৰিব যে Red Hat Enterprise Linux 7.0 Load Balancer এতিয়া ভিত্তি Red Hat Enterprise Linux ৰ অংশ।
Red Hat উচ্চ উপলব্ধতা এড-অনৰ সংৰূপ আৰু ব্যৱস্থাপনাৰ বিষয়ে তথ্য প্ৰদান কৰা Red Hat Enterprise Linux 7.0 ৰ বাবে উপলব্ধ দস্তাবেজসমূহৰ এটা তালিকাৰ বাবে বিভাগ 20.5, “ক্লাস্টাৰিং আৰু উচ্চ উপলব্ধতা” চাওক।

11.1. Pacemaker ক্লাস্টাৰ ব্যৱস্থাপক

Red Hat Enterprise Linux 7.0 এ ক্লাস্টাৰ সম্পদ ব্যৱস্থাপনা কৰিবলৈ আৰু ন'ড ব্যৰ্থতাৰ পৰা উদ্ধাৰ পাবলৈ rgmanagerPacemaker ৰ সৈতে প্ৰতিস্থাপন কৰে।
Pacemaker ৰ কিছুমান সুবিধা হল:
  • সম্পদ সংৰূপৰ স্বচালিত সংমিহলি আৰু সংস্কৰণ।
  • ব্যৱহাৰকাৰীক পৰিৱেশক অধিক ভালকৈ মিল খুৱাব পৰা এটা স্থিতিস্থাপক আৰু ফেন্সিং আৰ্হি।
  • ফেন্সিংক সম্পদ-স্তৰ ব্যৰ্থতাৰ পৰা উদ্ধাৰ পাবলৈ ব্যৱহাৰ কৰিব পাৰি।
  • সময়-ভিত্তিয় সংৰূপ বিকল্পসমূহ।
  • একাধিক ন'ডত একেটা সম্পদ চলাব পৰাৰ ক্ষমতা। উদাহৰণস্বৰূপ, ক্লাস্টাৰ ফাইল চিস্টেমত এটা ৱেব চাৰ্ভাৰ।
  • দুটা ভিন্ন ন'ডৰ এটা একেটা সম্পদ চলাব পৰাৰ ক্ষমতা। উদাহৰণস্বৰূপ, এটা সংমিহলি উৎস আৰু লক্ষ্য।
  • Pacemaker ক এটা বিতৰিত লক ব্যৱস্থাপকৰ প্ৰয়োজন নহয়।
  • সংৰূপণযোগ্য ব্যৱহাৰ যেতিয়া কৌৰাম হেৰুৱায় অথবা একাধিক বিভাজন সৃষ্টি কৰা হয়।

11.2. Piranha ৰ keepalived আৰু HAProxy দ্বাৰা প্ৰতিস্থাপন।

Red Hat Enterprise Linux 7.0 এ Piranha Load Balancer ক keepalived আৰু HAProxy ৰ সৈতে প্ৰতিস্থাপন কৰিছে।
keepalived পেকেইজে ল'ড-বেলেন্সিং আৰু উচ্চ-উপলব্ধতাৰ বাবে সহজ আৰু বৃহত সুবিধা প্ৰদান কৰে। ল'ড-বেলেন্সিং ফ্ৰেইমৱাৰ্ক স্তৰ ৪ নেটৱাৰ্ক ল'ড বেলেন্সিং প্ৰদান কৰা জনাজাত আৰু বৃহতভাৱে ব্যৱহৃত Linux ভাৰছুৱেল চাৰ্ভাৰ কাৰনেল মডিউলৰ ওপৰত নিৰ্ভৰ কৰে। keepalived ডিমনে ল'ড বেলেন্স চাৰ্ভাৰ পুলসমূহৰ বাবে সিহতৰ অৱস্থা অনুসৰি স্বাস্থ্য নিৰীক্ষকসমূহৰ এটা সংহতি প্ৰণয়ন কৰে। keepalived ডিমনে লগতে ভাৰছুৱেল ৰুটাৰ ৰিডান্ডেন্সি প্ৰটোকল (VRRP) প্ৰণয়ন কৰে, ৰুটাৰ আৰু ডাইৰেকটৰ ফেইলঅভাৰক উচ্চ উপলব্ধতা প্ৰাপ্ত কৰাৰ অনুমতি দিয়াকৈ।
HAProxy এ TCP আৰু HTTP-ভিত্তিয় এপ্লিকেচনসমূহৰ বাবে এটা ভৰষাবান, উচ্চ-পৰিৱেশন নেটৱাৰ্ক ল'ড বেলেন্সাৰ প্ৰদান কৰে। ই স্থায়ী অথবা Layer7 প্ৰক্ৰিয়াকৰণৰ প্ৰয়োজনীয়তাৰ সৈতে অতি উচ্চ ল'ডত ৱেব ছাইট ক্ৰলিংৰ বাবে উপযোগী।

11.3. উচ্চ উপলব্ধতা প্ৰসাশন

Pacemaker সংৰূপণ চিস্টেম, অথবা pcs, ccs, ricci and luci ক সংযুক্ত ক্লাস্টাৰ সংৰূপ আৰু প্ৰশাসন সঁজুলি ৰূপে প্ৰতিস্থাপন কৰিছে। pcs ৰ কিছুমান সুবিধা হল:
  • কমান্ড-লাইন সঁজুলি।
  • এটা ক্লাস্টাৰক সহজতে বুটস্ট্ৰেপ কৰাৰ ক্ষমতা, অৰ্থাত, আৰম্ভণি ক্লাস্টাৰক চলোৱা।
  • ক্লাস্টাৰ বিকল্পসমূহ সংৰূপণ কৰাৰ ক্ষমতা।
  • সম্পদসমূহ আৰু সিহতৰ পৰস্পৰ সম্পৰ্ক যোগ, আতৰ, অথবা পৰিবৰ্তন কৰাৰ ক্ষমতা।

11.4. নতুন সম্পদ সহায়কসমূহ

Red Hat Enterprise Linux 7.0 এ কেইবাটাও সম্পদ সহায়ক প্ৰদান কৰে। এটা সম্পদ সহায়ক এটা ক্লাস্টাৰ সম্পদৰ বাবে এটা প্ৰামাণিক আন্তঃপৃষ্ঠ। এটা সম্পদ সহায়কে কাৰ্য্যসমূহৰ এটা প্ৰামাণিক সংহতিক সম্পদ অথবা এপ্লিকেচনলৈ বিশেষ স্তৰসমূহলৈ অনুবাদ কৰে, আৰু সিহতৰ ফলাফলক সফলতা অথবা ব্যৰ্থতা ৰূপে দেখুৱায়।

অধ্যায় 12. কমপাইলাৰ আৰু সঁজুলিসমুহ

12.1. GCC সঁজুলিশৃংখল

Red Hat Enterprise Linux 7.0 ত, gcc সঁজুলিশৃংখল gcc-4.8.x উন্মোচন শৃংখলৰ ওপৰত ভিত্তিয়, আৰু Red Hat Enterprise Linux 6 সমতূল্যলৈ কেইবাটাও সম্প্ৰসাৰন আৰু বাগৰ সমাধান অন্তৰ্ভুক্ত কৰে। একেধৰণে, Red Hat Enterprise Linux 7 এ binutils-2.23.52.x অন্তৰ্ভুক্ত কৰে।
এই সংস্কৰণসমূহ Red Hat Developer Toolset 2.0; ত সমতূল্য সঁজুলিসমূহলৈ প্ৰাসংগিক, Red Hat Enterprise Linux 6 আৰু Red Hat Enterprise Linux 7 ৰ gcc আৰু binutils সংস্কৰণসমূহৰ এটা বিৱৰিত তুলনা সেয়েহে ইয়াত পোৱা যাব:
Red Hat Enterprise Linux 7.0 সঁজুলিশৃংখলৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ হল:
  • C++11 (সম্পূৰ্ণ C++11 ভাষাৰ সমৰ্থন) ৰ সৈতে সংগত এপ্লিকেচনসমূহ নিৰ্মাণৰ বাবে সমৰ্থন আৰু C11 বৈশিষ্ট্যসমূহৰ বাবে কিছুমান পৰিক্ষামূলক সমৰ্থন।
  • প্ৰগ্ৰামিং সমান্তৰাল এপ্লিকেচনসমূহৰ বাবে উন্নত সমৰ্থন, এটমিক মেমৰি অভিগমৰ বাবে OpenMP v3.1, C++11 ধৰণসমূহ আৰু GCC বিল্ট-ইনসমূহ আৰু ট্ৰান্সেকষণেল মেমৰিৰ (Intel RTM/HLE intrinsics, বিল্ট-ইনসমূহ, আৰু ক'ড সৃজন) ৰ বাবে পৰিক্ষামূলক সমৰ্থনৰ সৈতে
  • এটা নতুন স্থানীয় ৰেজিস্টাৰ আবন্টক (LRA), ক'ড পৰিৱেশন উন্নত কৰাকৈ।
  • DWARF4 ক এতিয়া অবিকল্পিত ডিবাগ বিন্যাস ৰূপে ব্যৱহাৰ কৰা হয়।
  • বিভিন্ন নতুন স্থাপত্য-বিশেষ বিকল্পসমূহ।
  • AMD family 15h আৰু 16h প্ৰচেছৰসমূহৰ বাবে সমৰ্থন।
  • লিঙ্ক-সময় অনুকূলন সমৰ্থন।
  • সম্প্ৰসাৰিত সতৰ্কবাৰ্তা আৰু বিশ্লেষণ।
  • বিভিন্ন নতুন Fortran বৈশিষ্ট্যসমূহ।

12.2. GLIBC

Red Hat Enterprise Linux 7.0 ত, glibc লাইব্ৰেৰীসমূহ (libc, libm, libpthread, NSS প্লাগ-ইনসমূহ আৰু অন্য), glibc 2.17 উন্মোচনৰ ওপৰত ভিত্তিয়, যি Red Hat Enterprise Linux 6 সমতূল্যলৈ প্ৰাসংগিক বিভিন্ন সম্প্ৰসাৰনসূমহ আৰু বাগৰ সমাধান অন্তৰ্ভুক্ত কৰে।
Red Hat Enterprise Linux 7.0 glibc লাইব্ৰেৰীসমূহৰ গুৰুত্বপূৰ্ণ বিষয় হল:
  • পৰিক্ষামূলক ISO C11 সমৰ্থন।
  • নতুন Linux আন্তঃপৃষ্ঠসমূহ: prlimit, prlimit64, fanotify_init, fanotify_mark, clock_adjtime, name_to_handle_at, open_by_handle_at, syncfs, setns, sendmmsg, process_vm_readv, process_vm_writev
  • স্ট্ৰিমিং SIMD Extensions (SSE), পৰিপূৰক স্ট্ৰিমিং SIMD সম্প্ৰসাৰন 3 (SSSE3), স্ট্ৰিমিং SIMD সম্প্ৰসাৰন 4.2 (SSE4.2), আৰু উন্নত কাৰক সম্প্ৰসাৰনসমূহ (AVX) ব্যৱহাৰ কৰি AMD64 আৰু Intel 64 স্থাপত্যসমূহৰ বাবে নতুন অনুকূলিত স্ট্ৰিং ফলনসমূহ।
  • IBM PowerPC আৰু IBM POWER7 ৰ বাবে নতুন অনুকূলিত স্ট্ৰিং ফলন।
  • IBM System z10 and IBM zEnterprise 196 ৰ বাবে বিশেষভাৱে অনুকূলিত ৰুটিনৰ সৈতে IBM S/390 আৰু IBM System z ৰ বাবে নতুন অনুকূলিত স্ট্ৰিং ফলনসমূহ।
  • নতুন লোকেইল: s_RU, bem_ZA, en_ZA, ff_SN, sw_KE, sw_TZ, lb_LU, wae_CH, yue_HK, lij_IT, mhr_RU, bho_IN, unm_US, es_CU, ta_LK, ayc_PE, doi_IN, ia_FR, mni_IN, nhn_MX, niu_NU, niu_NZ, sat_IN, szl_PL, mag_IN
  • নতুন এনক'ডিং: CP770, CP771, CP772, CP773, CP774।
  • নতুন আন্তঃপৃষ্ঠসমূহ: scandirat, scandirat64
  • FD_SET, FD_CLR, FD_ISSET, poll, আৰু ppoll বিৱৰকসমূহৰ সংস্কৰণ নিৰীক্ষণ কৰাৰ কাৰ্য্যকৰীতা যোগ কৰা হৈছে।
  • netgroup ডাটাবেইচৰ ক্যাশিং এতিয়া nscd ডিমনত সমৰ্থিত।
  • নতুন ফলন secure_getenv() এ পৰিৱেশলৈ সুৰক্ষিত অভিগমৰ অনুমতি দিয়ে, NULL ঘুৰাই দিয়ে যদি এটা SUID অথবা SGID প্ৰক্ৰিয়াত চলি থাকে। এই ফলনে অভ্যান্তৰীক ফলন __secure_getenv() ক প্ৰতিস্থাপন কৰে।
  • crypt() ফলন ব্যৰ্থ হয় যদি প্ৰেৰণ কৰা salt bytes এ সেই মানসমূহৰ বাবে ধাৰ্য্যকৰণ নামানে। Linux ত, crypt() ফলনে FIPS অৱস্থা সামৰ্থবান নে নিৰ্ধাৰণ কৰিবলৈ /proc/sys/crypto/fips_enabled ফাইলক চাব, আৰু অৱস্থা সামৰ্থবান থকা অৱস্থাত Message-Digest algorithm 5 (MD5) অথবা Data Encryption Standard (DES) এলগৰিথম ব্যৱহাৰ কৰা ইনক্ৰিপ্টেড স্ট্ৰিংসমূহত ব্যৰ্থ হব।
  • clock_* ফলনসমূহৰ চুইট (<time.h> ত ঘোষণা) এতিয়া মূখ্য C লাইব্ৰেৰীত প্ৰত্যক্ষভাৱে উপলব্ধ। পূৰ্বতে এই ফলনসমূহ ব্যৱহাৰ কৰিবলে -lrt ৰ সৈতে সংযোগ কৰা প্ৰয়োজনীয় আছিল। এই পৰিবৰ্তনৰ প্ৰভাৱ আছে যি এটা-থ্ৰেডেড প্ৰগ্ৰাম যি এটা ফলন যেনে clock_gettime() (-lrt ৰ সৈতে সংযুক্ত নহয়) ব্যৱহাৰ কৰে, চলনসময়ত pthreads লাইব্ৰেৰীসমূহ আৰু ল'ড নকৰিব আৰু সেয়েহে অন্য ক'ড যেনে C++ ৰানটাইম লাইব্ৰেৰিৰ দৰে মাল্টি-থ্ৰেড সমৰ্থনৰ সৈতে সংযুক্ত অভাৰহেড নহব।
  • নতুন হেডাৰ <sys/auxv.h> আৰু ফলন getauxval() এ Linux কাৰনেলৰ পৰা প্ৰেৰণ কৰা AT_* key-value যোৰলৈ সহজ অভিগম প্ৰদান কৰে। হেডাৰেও লগতে AT_HWCAP কি'ৰ সৈতে জড়িত HWCAP_* bits ৰ বিৱৰণ দিয়ে।
  • নিম্ন-স্তৰ প্লেটফৰ্ম বিশেষ কাৰ্য্যকৰীতাৰ বাবে ইনস্টল্ড হেডাৰৰ এটা নতুন ক্লাচ তথ্যচিত্ৰ কৰা হৈছে। PowerPC এ সময় ভিত্তিয় ৰেজিস্টাৰ অভিগম প্ৰদান কৰিবলে প্ৰথম উদাহৰণ যোগ কৰিলে।

12.3. GDB

Red Hat Enterprise Linux 7.0 ত, GDB ডিবাগাৰ gdb-7.6.1 উন্মোচনৰ ওপৰত ভিত্তিয়, আৰু Red Hat Enterprise Linux 6 সমতূল্যৰ সৈতে প্ৰাসংগিক কেইবাটাও সম্প্ৰসাৰন আৰু বাগৰ সমাধন অন্তৰ্ভুক্ত কৰে।
এই সংস্কৰণ Red Hat Developer Toolset v2.0; ত GDB লৈ প্ৰাসংগিক, Red Hat Enterprise Linux 6 আৰু Red Hat Enterprise Linux 7.0 GDB সংস্কৰণসমূহৰ এটা বিৱৰিত তুলনা ইয়াত পোৱা যাব:
Red Hat Enterprise Linux 7.0 ত অন্তৰ্ভুক্ত GDB ৰ গুৰুত্বপূৰ্ণ নতুন বৈশিষ্ট্যসমূহ হল:
  • নতুন .gdb_index অংশ আৰু নতুন gdb-add-index শ্বেল কমান্ড ব্যৱহাৰ কৰি চিহ্নসমূহৰ দ্ৰুত ল'ড। মন কৰিব যে এই বৈশিষ্ট্য ইতিমধ্যে Red Hat Enterprise Linux 6.1 আৰু পিছত উপস্থিত।
  • gdbserver এ এতিয়া প্ৰামাণিক ইনপুট/আউটপুট (STDIO) সংযোগ সমৰ্থন কৰে, উদাহৰণস্বৰূপ: (gdb) target remote | ssh myhost gdbserver - hello
  • -location প্ৰাচল ব্যৱহাৰ কৰি watch ৰ প্ৰত্যাশিত ব্যৱহাৰ।
  • এটা নতুন কমান্ডৰ সৈতে ভাৰছুৱেল পদ্ধতি টেবুলসমূহ প্ৰদৰ্শন কৰিব পাৰি, info vtbl
  • নতুন কমান্ডসমূহ info auto-load, set auto-load আৰু show auto-load দ্বাৰা ফাইলসমূহৰ স্বচালিত ল'ডিংৰ নিয়ন্ত্ৰণ।
  • set filename-display absolute কমান্ড ব্যৱহাৰ কৰি উৎস ফাইল নামসমূহলৈ প্ৰকৃত পথ প্ৰদৰ্শন কৰা।
  • এটা নতুন কমান্ড, record btrace ৰ দ্বাৰা হাৰ্ডৱেৰ সমৰ্থনৰ সৈতে ফ্ল ৰেকৰ্ডিংৰ নিয়ন্ত্ৰণ।
Red Hat Enterprise Linux 7.0 ত GDB ৰ গুৰুত্বপূৰ্ণ বাগ সমাধানসমূহ হল:
  • info proc কমান্ডক কেন্দ্ৰ ফাইলসমূহত কাম কৰিবলৈ আপডেইট কৰা হৈছে।
  • সকলো গৌণ মিল খোৱা অৱস্থানত এতিয়া ভগ্নবিন্দু সংহতি কৰা হৈছে।
  • ভগ্নবিন্দু অৱস্থানৰ ফাইল নাম অংশ এতিয়া এটা উৎস ফাইল নামৰ অনুকৰণ উপাদানসমূহৰ সৈতে মিল খায়।
  • ভগ্নবিন্দুসমূহক এতিয়া ইনলাইন ফলনসমূহত থব পাৰি।
  • এতিয়া টেমপ্লেইট আৰম্ভ কৰোতে টেমপ্লেইট প্ৰাচলসমূহক অৱকাশত থোৱা হয়।
অতিৰিক্তভাৱে, Red Hat Enterprise Linux 7.0 এ এটা নতুন পেকেইজ প্ৰদান কৰে, gdb-doc, যি GDB হাতপুথিক PDF, HTML, আৰু info বিন্যাসসমূহত অন্তৰ্ভুক্ত কৰে। GDB হাতপুথি, Red Hat Enterprise Linux ৰ পূৰ্বৰ সংস্কৰণসমূহত মূখ্য RPM পেকেইজৰ অংশ আছিল।

12.4. পৰিৱেশন সঁজুলিসমূহ

Red Hat Enterprise Linux 7.0 এ কেইবাটাও পৰিৱেশন সঁজুলিৰ শেহতীয়া সংস্কৰণলৈ আপডেইট অন্তৰ্ভুক্ত কৰে, যেনে, oprofile, papi আৰু elfutils, যাৰ বাবে পৰিৱেশন, সুবাহ্যতা, আৰু কাৰ্য্যকৰীতাৰ উন্নয়ন হয়।
যি কি নহওক, Red Hat Enterprise Linux 7.0 দেখুৱায়:
  • পৰিৱেশন সহ-পাইলটৰ বাবে সমৰ্থন।
  • সুবিধাহিন ব্যৱহাৰকাৰী স্থানত চলা (DynInst-based) ইনস্ট্ৰুমেন্টেষণৰ সমৰ্থন, লগতে Java এপ্লিকেচনসমূহৰ দক্ষ (Byteman-based) পিনপইন্ট বিশ্লেষণ।
  • হাৰ্ডৱেৰ ট্ৰানচেকষণেল মেমৰিৰ বাবে Valgrind সমৰ্থন আৰু কাৰক নিৰ্দেশসমূহ আৰ্হি কৰাত উন্নয়ন।

12.4.1. পৰিৱেশন সহ-পাইলট

Red Hat Enterprise Linux 7.0 এ পৰিৱেশন সহ-পাইলট (PCP) ৰ বাবে সমৰ্থন উন্মোচন কৰিছে, সঁজুলিসমূহ, সেৱাসমূহ, আৰু প্ৰাপ্তিৰ বাবে লাইব্ৰেৰীসমূহৰ এটা চুইট, যাৰ সহায়ত চিস্টেম-স্তৰ পৰিৱেশন জোখ মাপৰ আৰ্কাইভিং আৰু বিশ্লেষণ কৰা হয়। ইয়াৰ লঘু, বিতৰিত স্থাপত্যয় ইয়াক জটিল চিস্টেমসমূহৰ কেন্দ্ৰিত বিশ্লেষণৰ বাবে ইয়াক উপযুক্ত কৰে।
Python, Perl, C++ আৰু C আন্তঃপৃষ্ঠসমূহ যোগ কৰি পৰিৱেশন মেট্ৰিক্স যোগ কৰিব পাৰি। বিশ্লেষণ সঁজুলিসমূহে ক্লাএন্ট APIs (Python, C++, C) প্ৰত্যক্ষভাৱে ব্যৱহাৰ কৰিব পাৰিব, আৰু পৰিপুষ্ট ৱেব এপ্লিকেচনসমূহে এটা JSON আন্তঃপৃষ্ঠ ব্যৱহাৰ কৰি সকলো উপলব্ধ পৰিৱেশন অন্বেষণ কৰিব পাৰিব।
ততোধিক তথ্যৰ বাবে, pcp আৰু pcp-libs-devel পেকেইজসমূহত প্ৰসাৰিত man পৃষ্ঠাসমূহ চাওক। pcp-doc পেকেইজে আপস্ট্ৰিম প্ৰকল্পৰ পৰা দুটা বিনামূলীয়া আৰু মুক্ত কিতাপ অন্তৰ্ভুক্ত কৰে:

12.4.2. SystemTap

Red Hat Enterprise Linux 7.0 ত systemtap সংস্কৰণ 2.4 আছে, যি কেইবাটাও নতুন ক্ষমতা আনে। ই বৈকল্পিক প্ৰকৃত-ব্যৱহাৰকাৰীস্থান স্ক্ৰিপ্ট এক্সিকিউষণ, পৰিপুষ্ট আৰু অধিক দক্ষ Java বিশ্লেষণ, ভাৰছুৱেল মেচিন বিশ্লেষণ, উন্নত মেচিন বিশ্লেষণ, উন্নত ত্ৰুটি বাৰ্তা, আৰু কেইবাটাও বাগৰ সমাধান আৰু নতুন বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰে। বিশেষভাৱে, নিম্নলিখিত:
  • dyninst বাইনাৰি-সম্পাদনা লাইব্ৰেৰী ব্যৱহাৰ কৰি, SystemTap এ এতিয়া সম্পূৰ্ণভাৱে ব্যৱহাৰকাৰী-স্থান স্তৰত এক্সিকিউট কৰিব পাৰিব; কোনো কাৰনেল অথবা ৰুট সুবিধাসমূহৰ প্ৰয়োজন নহয়। এই অৱস্থা, যাক stap --dyninst ব্যৱহাৰ কৰি নিৰ্বাচন কৰা হয়, কেৱল সেই ধৰণৰ বিশ্লেষণ অথবা কাৰ্য্যসমূহক সামৰ্থবান কৰে, যি ব্যৱহাৰকাৰীৰ নিজস্ব প্ৰক্ৰিয়াসমূহৰ ওপৰত প্ৰভাৱ পেলায়। মন কৰিব যে এই অৱস্থা C++ ব্যতিক্ৰম থ্ৰ কৰা প্ৰগ্ৰামসমূহৰ সৈতে সংগত নহয়।
  • Java এপ্লিকেচনসমূহত বিশ্লেষণ সুমুৱাৰ এটা নতুন ধৰণ byteman সঁজুলিৰ সৈতে সমৰ্থন কৰা হয়। নতুন SystemTap বিশ্লেষণ ধৰণ, java("com.app").class("class_name").method("name(signature)").*, এটা এপ্লিকেচনত সূকীয়া পদ্ধতিৰ সুমুৱা আৰু প্ৰস্থান ঘটনাৰ বিশ্লেষণক সামৰ্থবান কৰে, চিস্টেম-বিস্তৃত অনুকৰণ নহোৱাকৈ।
  • এটা চাৰ্ভাৰত চলি থকা এটা libvirt-managed KVM উদাহৰণত দূৰৱৰ্তী এক্সিকিউষণ সামৰ্থবান কৰিবলৈ SystemTap ড্ৰাইভাৰ সঁজুলিলৈ এটা নতুন সুবিধা যোগ কৰা হৈছে। ই এটা নিয়োজিত সুৰক্ষিত virtio-serial সংযোগৰে এটা কমপাইল্ড SystemTap স্ক্ৰিপ্টৰ এটা ভাৰছুৱেল মেচিন অতিথিলৈ স্বচালিত আৰু সুৰক্ষিত স্থানান্তৰ সামৰ্থবান কৰে। এটা নতুন গেস্ট-চাইড ডিমনে স্ক্ৰিপ্টসমূহ ল'ড কৰে আৰু সিহতৰ আউটপুট হস্টলৈ স্থানান্তৰ কৰে। এই ধৰণে ই SSH কে দ্ৰুত আৰু অধিক সুৰক্ষিত হয় আৰু হস্ট আৰু গেস্টৰ মাজত IP-স্তৰ নেটৱাৰ্কিং সংযোগৰ প্ৰয়োজন নহয়। এই ফলন পৰিক্ষা কৰিবলৈ, নিম্নলিখিত কমান্ড চলাওক:
    stap --remote=libvirt://MyVirtualMachine
  • অতিৰিক্তভাৱে, SystemTap ৰ বিশ্লেষণ বাৰ্তাসমূহলৈ কেইবাটাও উন্নয়ন কৰা হৈছে:
    • কেইবাটাও ত্ৰুটি বাৰ্তায় এতিয়া প্ৰাসংগিক manual পৃষ্ঠাসমূহলৈ ক্ৰচ-প্ৰসংগ অন্তৰ্ভুক্ত কৰে। এই পৃষ্ঠাসমূহে ত্ৰুটিসমূহৰ বিৱৰণ দিয়ে আৰু সমাধানৰ পৰামৰ্শ দিয়ে।
    • যদি এটা স্ক্ৰিপ্ট ইনপুটত টাইপগ্ৰাফিক ত্ৰুটিসমূহ থাকে, এটা চৰ্টেড পৰামৰ্শ তালিকা ব্যৱহাৰকাৰীলৈ প্ৰদান কৰে। এই পৰামৰ্শ সুবিধাক কেইবাটাও পৰিপ্ৰেক্ষতিত ব্যৱহাৰ কৰা হয় যত ব্যৱহাৰকাৰী-ধাৰ্য্যত নামসমূহৰ গ্ৰহণ কৰা নামসমূহৰ সৈতে অমিল হব পাৰে, যেনে বিশ্লেষণ কৰা ফলন নাম, চিহ্নক, চলক, ফাইল, এলিয়াচ আৰু অন্য।
    • বিশ্লেষিত প্ৰতিলিপি-আতৰোৱা উন্নত কৰা হৈছে।
    • বাৰ্তাসমূহ বুজাত সহজ কৰিবলৈ ANSI ৰঙ কৰা যোগ কৰা হৈছে।

12.4.3. Valgrind

Red Hat Enterprise Linux 7.0 এ Valgrind অন্তৰ্ভুক্ত কৰে, এটা ইনস্ট্ৰুমেন্টেষণ ফ্ৰেইমৱাৰ্ক যি এপ্লিকেচনসমূহ আলেখ্য কৰিবলৈ কেইবাটাও সঁজুলৰি সৈতে আহে। এই সংস্কৰণ Valgrind 3.9.0 উন্মোচনৰ ওপৰত ভিত্তিয় আৰু Red Hat Enterprise Linux 6 আৰু Red Hat উন্নয়নকাৰী সঁজুলি 2.0 প্ৰতিলিপিসমূহলৈ প্ৰাসংগিক কেইবাটও উন্নয়ন অন্তৰ্ভুক্ত কৰে, যি Valgrind 3.8.1 ৰ ওপৰত ভিত্তিয় আছিল।
Red Hat Enterprise Linux 7.0 ত অন্তৰ্ভুক্ত Valgrind ৰ গুৰুত্বপূৰ্ণ নতুন বৈশিষ্ট্যসমূহ হল:
  • হস্টসমূহত IBM System z দশমিক ফ্লটিং বিন্দু নিৰ্দেশসমূহৰ বাবে সমৰ্থন যাৰ DFP সুবিধা ইনস্টল আছে।
  • IBM POWER8 (Power ISA 2.07) নিৰ্দেশসমূহৰ বাবে সমৰ্থন।
  • Intel AVX2 নিৰ্দেশসমূহৰ বাবে সমৰ্থন। মন কৰিব যে ই কেৱল 64-bit স্থাপত্যসমূহত উপলব্ধ।
  • Intel ট্ৰান্সেকষণেল সংমিহলি সম্প্ৰসাৰনসমূহৰ বাবে আৰম্ভণি সমৰ্থন, দুয়ো প্ৰতিৰোধিত ট্ৰান্সেকষণেল মেমৰি (RTM) আৰু হাৰ্ডৱেৰ লক এলিচিয়ন (HLE)।
  • IBM PowerPC ত হাৰ্ডৱেৰ ট্ৰান্সেকষণেল মেমৰিৰ বাবে আৰম্ভণি সমৰ্থন।
  • অনুবাদ ক্যাশৰ অবিকল্পিত আকাৰক ১৬ অংশলৈ বৃদ্ধি কৰা হৈছে, এই তথ্য উন্মোচন কৰে যে ডাঙৰ এপ্লিকেচনসমূহৰ ইনস্ট্ৰুমেন্টেষণ আৰু ক'ডৰ বৃহত পৰিমাণৰ প্ৰয়োজন হয়। সদৃশ কাৰণৰ বাবে, অনুকৰণ কৰিব পৰা মেমৰি মেপ্প্ড অংশবোৰক ৬ ৰ হাৰত বৃদ্ধি কৰা হৈছে। অনুবাদ ক্যাশত অংশৰ সৰ্বাধিক সংখ্যাক নতুন ফ্লেগ --num-transtab-sectors দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি।
  • Valgrind এ তাৰ পৰা পঢ়িবলৈ সম্পূৰ্ণ অবজেক্টৰ এটা অস্থায়ী মেপিং সৃষ্টি নকৰে। ইয়াৰ পৰিৱৰ্তে, পঢ়া এটা সৰু নিৰ্দিষ্ট আকাৰৰ বাফাৰ দ্বাৰা কৰা হয়। ই ভাৰছুৱেল মেমৰি স্পাইকক বাধা দিয়ে যেতিয়া Valgrind এ ডাঙৰ অংশীদাৰী কৰা অবজেক্টসমূহৰ পৰা ডিবাগিং তথ্য পঢ়ে।
  • ব্যৱহাৰ কৰা সংকোচনৰ তালিকা (দেখুৱা হয় যেতিয়া -v বিকল্প ধাৰ্য্য কৰা হয়) এতিয়া প্ৰতিটো সংকোচনৰ বাবে, ফাইল নাম আৰু লাইন সংখ্যা যত সংকোচনৰ বিৱৰণ দিয়া হৈছে, দেখুৱায়।
  • এটা নতুন ফ্লেগ, --sigill-diagnostics ক যেতিয়া জাস্ট-ইন-টাইম (JIT) কমপাইলাৰে অনুবাদ কৰিব নোৱাৰা এটা নিৰ্দেশ পায় তেতিয়া এটা বিশ্লেষণ বাৰ্তা প্ৰিন্ট কৰা হব নে, নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। প্ৰকৃত ব্যৱহাৰ — এপ্লিকেচনলৈ SIGILL সংকেতৰ প্ৰেৰণ — অপৰিবৰ্তিত।
  • Memcheck সঁজুলিক নিম্নলিখিত বৈশিষ্ট্যসমূহৰ সৈতে উন্নত কৰা হৈছে:
    • ভেক্টৰাইজ্ড ক'ড ব্যৱস্থাপনাত উন্নয়ন, যাৰ ফলস্বৰূপ ভুল ত্ৰুটি সংবাদৰ সংখ্যা কম হয়। এই পৰিবৰ্তনসমূহৰ সুবিধা প্ৰাপ্ত কৰিবলে --partial-loads-ok=yes ফ্লেগ ব্যৱহাৰ কৰক।
    • লিক চেকাৰৰ ওপৰত ভাল নিয়ন্ত্ৰণ। কোনো লিক (definite/indirect/possible/reachable) প্ৰদৰ্শন কৰা হব, যাক ত্ৰুটি বুলি ধৰা হব, আৰু যাক প্ৰদান কৰা লিক সংকোচন দ্বাৰা সম্বৰণ হব, এতিয়া ধাৰ্য্য কৰা সম্ভব। ইয়াক বিকল্পসমূহ --show-leak-kinds=kind1,kind2,.., --errors-for-leak-kinds=kind1,kind2,.. আৰু সম্বৰণ প্ৰৱিষ্টিসমূহত এটা বৈকল্পিক match-leak-kinds: ব্যৱহাৰ কৰি কৰা হয়।
      মন কৰিব যে সৃজিত লিক সংকোচনসমূহে এই নতুন লাইন অন্তৰ্ভুক্ত কৰে আৰু সেয়েহে পূৰ্বৱৰ্তী উন্মোচনসমূহতকৈ অধিক নিৰ্দিষ্ট। পূৰ্বৱৰ্তী উন্মোচনসমূহৰ নিচিনা একে ব্যৱহাৰ প্ৰাপ্ত কৰিবলৈ সৃজিত সম্বৰণসমূহ ব্যৱহাৰ কৰাৰ আগত তাৰ পৰা match-leak-kinds: লাইন আতৰাওক।
    • উন্নত হিউৰিচটিক ব্যৱহাৰ কৰি লিক চেকাৰৰ পৰা কম কৰা possible leak সংবাদসমূহ। উপলব্ধ হিউৰিচটিকে std::stdstring, destructors থকা উপাদানৰ সৈতে new[] আবন্টিত এৰে আৰু মাল্টিপুল ইনহাৰিটেন্স ব্যৱহাৰ কৰা এটা C++ অবজেক্টৰ এটা অভ্যান্তৰীক অংশলৈ পইন্ট কৰা অভ্যান্তৰীক পইন্টাৰলৈ পইন্ট কৰা বৈধ অভ্যন্তৰীক পইন্টাৰসমূহৰ চিনাক্তকৰণ প্ৰদান কৰে। সিহতক --leak-check-heuristics=heur1,heur2,... বিকল্প ব্যৱহাৰ কৰি সূকীয়াভাৱে নিৰ্বাচন কৰিব পাৰি।
    • হিপ-আবন্টিত খণ্ডসমূহৰ বাবে স্টেকট্ৰেইচ প্ৰাপ্তিৰ উন্নত নিয়ন্ত্ৰণ। --keep-stacktraces বিকল্প ব্যৱহাৰ কৰি, প্ৰতিটো আবন্টন আৰু অআবন্টনৰ বাবে এটা স্টেক ট্ৰেইচ প্ৰাপ্ত কৰা হয় নে নিয়ন্ত্ৰণ কৰাটো সম্ভব। ইয়াক উন্নত "use after free" ত্ৰুটি সৃষ্টি কৰিবলৈ অথবা কম তথ্য ৰেকৰ্ড কৰি Valgrind ৰ সম্পদ উপভোগ কম কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।
    • লিক সম্বৰণ ব্যৱহাৰৰ উন্নত সংবাদন। ব্যৱহৃত সম্বৰণৰ তালিকা (-v বিকল্প ধাৰ্য্য কৰোতে দেখুৱা হয়) এতিয়া দেখুৱায়, প্ৰতিটো লিক সম্বৰণৰ বাবে, সৰ্বশেষ লিক সন্ধানৰ সময়ত ই কিমান খণ্ড আৰু বাইট সম্বৰণ কৰিছে।
  • Valgrind GDB চাৰ্ভাৰক নিম্নলিখিত পৰ্যবেক্ষণ কৰা কমান্ডসমূহৰ সৈতে উন্নত কৰা হৈছে:
    • এটা নতুন পৰ্যবেক্ষক কমান্ড, v.info open_fds, যি মুক্ত ফাইল বিৱৰক আৰু অতিৰিক্ত বিৱৰণসমূহৰ তালিকা প্ৰদান কৰে।
    • এটা নতুন পৰ্যবেক্ষক কমান্ড, v.info execontext, যি Valgrind দ্বাৰা ৰেকৰ্ড কৰা স্টেক ট্ৰেইচসমূহৰ বিষয়ে তথ্য দেখুৱায়।
    • এটা নতুন পৰ্যবেক্ষক কমান্ড, v.do expensive_sanity_check_general, যাৰ সহায়ত কিছুমান অভ্যান্তৰীক স্থিৰতা নিৰীক্ষণ কৰা হয়।

12.5. প্ৰগ্ৰামিং ভাষাসমূহ

Ruby 2.0.0

Red Hat Enterprise Linux 7.0 এ শেহতীয়া Ruby সংস্কৰণ, 2.0.0 প্ৰদান কৰে। Red Hat Enterprise Linux 6 ত অন্তৰ্ভুক্ত সংস্কৰণ 2.0.0 আৰু 1.8.7 ৰ মাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তনসমূহ হল:
  • নতুন ইন্টাৰপ্ৰিটাৰ, YARV (yet another Ruby VM), যি ল'ডিং সময় কম কৰে, বিশেষভাৱে ডাঙৰ ট্ৰি অথবা ফাইল থকা এপ্লিকেচনসমূহৰ বাবে।
  • নতুন আৰু দ্ৰুত "Lazy Sweep" গাৰবেইজ সংগ্ৰহক।
  • Ruby এ এতিয়া স্ট্ৰিং এনক'ডিং সমৰ্থন কৰে।
  • Ruby এ এতিয়া গ্ৰিন থ্ৰেডসমূহৰ পৰিৱৰ্তে স্থানীয় থ্ৰেড সমৰ্থন কৰে।
Ruby 2.0.0 ৰ বিষয়ে অধিক তথ্যৰ বাবে, প্ৰকল্পৰ আপস্ট্ৰিম পৃষ্ঠাসমূহ চাওক: https://www.ruby-lang.org/en/

Python 2.7.5

Red Hat Enterprise Linux 7.0 এ Python 2.7.5 অন্তৰ্ভুক্ত কৰে, যি শেহতীয়া Python 2.7 ক্ৰমৰ উন্মোচন। এই সংস্কৰণে পৰিৱেশনত বহুতো উন্নয়ন অন্তৰ্ভুক্ত কৰে আৰু Python 3 ৰ সৈতে আগবঢ়োৱা সংগতা প্ৰদান কৰে। Python 2.7.5 ত আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিবৰ্তনসমূহ হল:
  • এটা ক্ৰমিত শব্দকোষ ধৰণ
  • এটা অধিক দ্ৰুত I/O মডিউল
  • চেট আৰু শব্দকোষ উপলব্ধি
  • sysconfig মডিউল
পৰিবৰ্তনসমূহৰ এটা সম্পূৰ্ণ তালিকাৰ বাবে, http://docs.python.org/dev/whatsnew/2.7.html চাওক

Java 7 আৰু একাধিক JDKs

Red Hat Enterprise Linux এ OpenJDK7 ক অবিকল্পিত Java উন্নয়ন কিট (JDK) ৰূপে দেখুৱায় আৰু Java 7 অবিকল্পিত Java সংস্কৰণ ৰূপে। সকলো Java 7 পেকেইজ (java-1.7.0-openjdk, java-1.7.0-oracle, java-1.7.0-ibm) এ সমান্তৰালভাৱে একাধিক সংস্কৰণৰ ইনস্টলেষণৰ অনুমতি দিয়ে, কাৰনেলৰ সৈতে সদৃশ।
সমান্তৰাল ইনস্টলেষণৰ ক্ষমতায় ব্যৱহাৰকাৰীসকলক একেটা JDK ৰ একাধিক সংস্কৰণ একেলগে পৰিক্ষা কৰাৰ অনুমতি দিয়ে, যাতে প্ৰয়োজন সাপেক্ষে পৰিৱেশন উন্নত কৰিব পাৰি আৰু সমস্যাবোৰ ডিবাগ কৰিব পাৰি। সংক্ষিপ্ত JDK আগৰ দৰে বিকল্পসমূহৰ যোগেদি নিৰ্বাচন কৰিব পাৰি।

অধ্যায় 13. নেটৱাৰ্কিং

নেটৱাৰ্কিং দল

নেটৱাৰ্ক দলক লিঙ্ক একত্ৰিকৰণৰ বাবে বান্ধনীৰ এটা বিকল্প ৰূপে উন্মোচন কৰা হৈছে। ইয়াক সহজতে ব্যৱস্থাপনা কৰিব পৰা, ডিবাগ আৰু প্ৰসাৰিত কৰিবলৈ ৰূপাঙ্কণ কৰা হৈছে। ব্যৱহাৰকাৰীসকলৰ বাবে ই পৰিৱেশন আৰু স্থিতিস্থাপকতাৰ উন্নয়ন প্ৰদান কৰে আৰু সকলো নতুন ইনস্টলেষণৰ বাবে বিশ্লেষণ কৰিব লাগে।

NetworkManager

NetworkManager ক চাৰ্ভাৰ এপ্লিকেচনসমূহত ব্যৱহাৰৰ বাবে অধিক উপযোগী কৰিবলৈ কেইবাটাও উন্নয়ন কৰা হৈছে। বিশেষভাৱে, NetworkManager এ অবিকল্পিতভাৱে সংৰূপ ফাইলৰ পৰিবৰ্তন চাব নোৱাৰে, যেনে সম্পাদক অথবা মোতায়ন সঁজুলিসমূহ দ্বাৰা কৰা পৰিবৰ্তনসমূহ। ই প্ৰশাসকসকলক nmcli connection reload কমান্ডৰ সৈতে বহিৰ্তম পৰিবৰ্তনসমূহৰ বিষয়ে জ্ঞাত কৰিবলৈ প্ৰশাসকসকলক অনুমতি দিয়ে। NetworkManager ৰ D-Bus API অথবা NetworkManager কমান্ড-লাইন সঁজুলি, nmcli ৰ সৈতে কৰা পৰিবৰ্তনসমূহ, এতিয়াও তৎক্ষনাত প্ৰভাৱশালী হয়।
nmcli সঁজুলিক ব্যৱহাৰকাৰীসকল আৰু স্ক্ৰিপ্টসমূহক NetworkManager ৰ সৈতে ভাৱবিনিময় কৰিবলৈ উন্মোচন কৰা হৈছে।

chrony চুইট

সঁজুলিসমূহৰ chrony চুইট চিস্টেমসমূহত চিস্টেম ঘড়ী যি সাধাৰণ স্থায়ীভাৱে নেটৱাৰ্ক্ড, সদায় অন, চাৰ্ভাৰ বিভাগত খাপ নাখায়, আপডেইট কৰিবলৈ উপলব্ধ। chrony চুইটক সেই সকল চিস্টেমৰ বাবে ব্যৱহাৰ কৰিব লাগে যি সঘনে স্থগিত হয় অথবা সবিৰাম বিচ্ছিন্ন হয় আৰু এটা নেটৱাৰ্কৰ সৈতে সংযুক্ত হয়। মবাইল আৰু ভাৰছুৱেল চিস্টেমসমূহ উদাহৰণস্বৰূপ।

ডাইনামিক ফায়াৰৱাল ডিমন, firewalld চুইট

Red Hat Enterprise Linux 7.0 ত ডাইনামিক ফায়াৰৱাল ডিমন আছে, firewalld, যি এটা নেটৱাৰ্ক আৰু ইয়াৰ আনুষংগিক সংযোগসমূহ আৰু আন্তঃপৃষ্ঠলৈ এটা ভৰষাৰ স্তৰ ধাৰ্য্য কৰিবলৈ নেটৱাৰ্ক "অঞ্চল" ৰ বাবে সমৰ্থনৰ সৈতে এটা ডাইনামিকেলি ব্যৱস্থাপিত ফায়াৰৱাল প্ৰদান কৰে। ইয়াত IPv4 আৰু IPv6 ফায়াৰৱাল সংহতিসমূহৰ বাবে সমৰ্থন আছে। ই ইথাৰনেট ব্ৰিজ সমৰ্থন কৰে আৰু চলনসময় আৰু স্থায়ী সংৰূপ বিকল্পসমূহৰ এটা পাৰ্থক্য আছে। ইয়াত ফায়াৰৱাল নিয়মসমূহ প্ৰত্যক্ষভাৱে যোগ কৰিবলৈ সেৱাসমূহ অথবা এপ্লিকেচনসমূহৰ বাবে এটা আন্তঃপৃষ্ঠ আছে।

DNSSEC

DNSSEC হল ডমেইন নাম সুৰক্ষা সম্প্ৰসানসমূহ (DNSSEC) ৰ এটা সংহতি যি এটা DNS চাৰ্ভাৰৰ পৰা প্ৰতিক্ৰিয়াৰ সত্যতা নিৰীক্ষণ কৰিবলৈ এটা DNS ক্লাএন্টক সামৰ্থবান কৰে যাতে সিহতৰ উৎসৰ সতা সত্য নিৰূপণ কৰিব পাৰি আৰু নিৰ্ধাৰণ কৰিব পাৰি সিহত পৰিবহনৰ সময়ত বাধাগ্ৰস্থ হৈছিল নে।

OpenLMI

Red Hat Enterprise Linux 7.0 ত OpenLMI প্ৰকল্প আছে, যি Linux চিস্টেমসমূহ ব্যৱস্থাপনা কৰিবলৈ এটা সাধাৰণ আন্তঃগাথনী প্ৰদান কৰে। ই ব্যৱহাৰকাৰীসকলক হাৰ্ডৱেৰ, অপাৰেটিং চিস্টেমসমূহ, আৰু চিস্টেম সেৱাসমূহ সংৰূপণ, ব্যৱস্থাপনা আৰু পৰ্যবেক্ষণ কৰাৰ অনুমতি দিয়ে। OpenLMI ক উৎপাদন চাৰ্ভাৰসমূহ সংৰূপণ আৰু ব্যৱস্থাপনা কৰাৰ কাৰ্য্য সহজ কৰাৰ বাবে বনোৱা হৈছে।
OpenLMI ক Red Hat Enterprise Linux ৰ একাধিক সংস্কৰণলৈ এটা সাধাৰণ ব্যৱস্থাপনা আন্তঃপৃষ্ঠ প্ৰদান কৰিবলৈ ৰূপাঙ্কণ কৰা হৈছে। ইয়াক স্থায়ী সঁজুলিসমূহৰ ওপৰত নিৰ্মাণ কৰা হয়, যাৰ বাবে এটা বহিৰ্তম স্তৰ সৃষ্টি হয় যি চিস্টেম প্ৰশাসকসকলৰ পৰা নিম্নৰেখিত চিস্টেমৰ সৰহভাগ জটিলতা লুকুৱায়।
OpenLMI এ এটা ব্যৱস্থাপিত চিস্টেমত ইনস্টল্ড চিস্টেম ব্যৱস্থাপনা সহায়কসমূহৰ এটা সংহতি, এটা মুক্ত OpenLMI নিয়ন্ত্ৰক, যি সহায়কসমূহক ব্যৱস্থাপনা কৰে আৰু সিহতক এটা আন্তঃপৃষ্ঠ প্ৰদান কৰে, আৰু ক্লাএন্ট এপ্লিকেচনসমূহ অথবা স্ক্ৰিপ্টসমূহ যি OpenLMI নিয়ন্ত্ৰকৰ যোগেদি চিস্টেম ব্যৱস্থাপনা সহায়কসমূহক কল কৰে, অন্তৰ্ভুক্ত কৰে।
OpenLMI এ ব্যৱহাৰকাৰীসকলক অনুমতি দিয়ে:
  • প্ৰকৃত উৎপাদন চাৰ্ভাৰ লগতে ভাৰছুৱেল মেচিন গেস্টসমূহক সংৰূপণ, ব্যৱস্থাপনা আৰু পৰ্যবেক্ষণ কৰাৰ;
  • স্থানীয় অথবা দূৰৱৰ্তী চিস্টেমসমূহ সংৰূপণ, ব্যৱস্থাপনা আৰু পৰ্যবেক্ষণ কৰাৰ;
  • সংৰক্ষণ আৰু নেটৱাৰ্কসমূহ সংৰূপণ, ব্যৱস্থাপনা আৰু পৰ্যবেক্ষণ কৰাৰ;
  • C/C++, Python, Java, অথবা কমান্ড-লাইন আন্তঃপৃষ্ঠৰ পৰা কল চিস্টেম ব্যৱস্থাপনা ফলনসমূহ।
অনুগ্ৰহ কৰি মন কৰিব যে OenLMI চফ্টৱেৰ প্ৰদানকাৰীক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে সমৰ্থন কৰা হয়। চফ্টৱেৰ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী, যি কি নহওক, কিছুমান কাৰ্য্যৰ বাবে অত্যাধিক সম্পদ উপভোগ হব পাৰে।
OpenLMI ৰ বিষয়ে অধিক তথ্যৰ বাবে, http://www.openlmi.org চাওক।

qlcnic ড্ৰাইভাৰত SR-IOV কাৰ্য্যকৰীতা

এটা ৰুট I/O ভাৰছুৱেলাইজেষণ (SR-IOV) ৰ বাবে সমৰ্থনক qlcnic ড্ৰাইভাৰলৈ এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে যোগ কৰা হৈছে। এই কাৰ্য্যকৰীতাৰ বাবে সমৰ্থন প্ৰত্যক্ষভাৱে QLogic দ্বাৰা প্ৰদান কৰা হব, আৰু গ্ৰাহকসকলক QLogic আৰু Red Hat লৈ সঁহাৰি প্ৰদান কৰিবলৈ উৎসাহ দিয়া হৈছে। qlcnic ড্ৰাইভাৰৰ অন্য কাৰ্য্যকৰীতা একেই থাকিব।

FreeRADIUS 3.0.1

Red Hat Enterprise Linux 7.0 ত FreeRADIUS সংস্কৰণ 3.0.1 আছে, যি কেইবাটাও নতুন বৈশিষ্ট্য প্ৰদান কৰে যাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হল:
  • RadSec, TCP আৰু TLS ৰে RADIUS ডাটাগ্ৰাম পৰিবহন কৰাৰ এটা প্ৰটোকল।
  • Yubikey সমৰ্থন।
  • সংযোগ পুলিং। radiusd চাৰ্ভাৰে বিভিন্ন বেকএণ্ড (SQL, LDAP, আৰু অন্য) লৈ সংযোগসমূহ ব্যৱস্থাপনা কৰে। সংযোগ পুলিং এ নিম্ন সম্পদৰ সৈতে উচ্চ থ্ৰপুট প্ৰদান কৰে।
  • চাৰ্ভাৰৰ সংৰূপ প্ৰগ্ৰামিং ভাষা, unlang ৰ বাক্যবিন্যাস, প্ৰসাৰন কৰা হৈছে।
  • ছাইট-বিশেষ আৰু বিক্ৰেতা বৈশিষ্ট্যসমূহৰ বাবে উন্নত সমৰ্থন।
  • উন্নত উজ্জ্বলকৰণ যি ভাৰবৌছ আউটপুটত সমস্যাবোৰ উজ্জ্বল কৰে।
  • SNMP ট্ৰেপ সৃজন।
  • উন্নত WIMAX সমৰ্থন।
  • EAP-PWD সমৰ্থন।

ভৰষাবান নেটৱাৰ্ক সংযোগ

Red Hat Enterprise Linux 7.0 এ ভৰষাবান নেটৱাৰ্ক সংযোগ কাৰ্য্যকৰীতাক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে উন্মোচন কৰিছে। ভৰষাবান নেটৱাৰ্ক সংযোগক স্থায়ী নেটৱাৰ্ক অভিম নিয়ন্ত্ৰণ (NAC) সমাধানৰ সৈতে ব্যৱহাৰ কৰা হয়, যেনে TLS, 802.1x, অথবা IPSec যাতে অন্ত বিন্দু পসচাৰ অভিগম অনুকলন কৰিব পাৰি; ইয়াৰ অৰ্থ, এটা অন্ত বিন্দু চিস্টেম তথ্য সংগ্ৰহ কৰা (যেনে অপাৰেটিং চিস্টেম সংৰূপ সংহতিসমূহ, ইনস্টল কৰা পেকেইজসমূহ, আৰু অন্য, যাক সত্যতাৰ জোখ কোৱা হয়)। অন্ত বিন্দুক নেটৱাৰ্ক অভিগমৰ অনুমতি দিয়াৰ আগত ভৰষাবান নেটৱাৰ্ক সংযোগক নেটৱাৰ্ক অভিগম নীতিসমূহৰ বাবে এই জোখৰ সতা সত্য নিৰূপণ কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

অধ্যায় 14. সম্পদ ব্যৱস্থাপনা

নিয়ন্ত্ৰণ দলসমূহ

Red Hat Enterprise Linux 7.0 এ নিয়ন্ত্ৰণ দলসমূহ দেখুৱায়, যি সম্পদ ব্যৱস্থাপনাৰ বাবে নাম থকা দলসমূহৰ এটা ট্ৰিত প্ৰক্ৰিয়াসমূহ সংঘঠিত কৰাৰ এটা ধাৰণা। সিহতে প্ৰক্ৰিয়াসমূহ ক্ৰমবদ্ধভাৱে দল আৰু লেবেল কৰাৰ এটা পদ্ধতি আৰু এই দলসমূহলৈ সম্পদ সীমাসমূহ প্ৰয়োগ কৰাৰ এটা পদ্ধতি প্ৰদান কৰে। Red Hat Enterprise Linux 7.0 ত, নিয়ন্ত্ৰণ দলসমূহক systemd দ্বাৰা সূকীয়াভাৱে ব্যৱস্থাপনা কৰা হয়। cgroups ক systemd একক ফাইলসমূহত সংৰূপণ কৰা হয় আৰু systemd ৰ কমান্ড লাইন আন্তঃপৃষ্ঠ (CLI) সঁজুলিসমূহ দ্বাৰা ব্যৱস্থাপনা কৰা হয়।
নিয়ন্ত্ৰণ দলসমূহ আৰু অন্য সম্পদ ব্যৱস্থাপনা বৈশিষ্ট্যসমূহক সম্পদ ব্যৱস্থাপনা সহায়ক ত বিৱৰিতভাৱে আলোচনা কৰা হৈছে।

অধ্যায় 15. প্ৰমাণীকৰণ আৰু আন্তঃকাৰ্য্যকৰীতা

নতুন ভৰষাৰ প্ৰণয়ন

ব্যৱহাৰকাৰী সুৰক্ষা পৰিচয়কৰ পৰা সৃজিত এটা ব্যৱহাৰকাৰী ID আৰু দল ID ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে সক্ৰিয় ডাইৰেকটৰিত বিৱৰিত এটা ব্যৱহাৰকাৰী ID অথবা দল ID ব্যৱহাৰ কৰাটো এতিয়া Red Hat Enterprise Linux 5.9 ক্লাএন্টসমূহ আৰু পিছৰ আৰু Red Hat Enterprise Linux 6.3 ক্লাএন্টসমূহৰ বাবে সমৰ্থিত। এই ভৰষা প্ৰণয়ন ব্যৱহাৰযোগ্য যদি POSIX বৈশিষ্ট্যসমূহ সক্ৰিয় ডাইৰেকটৰিত বিৱৰিত থাকে।

আপডেইটেড slapi-nis প্লাগ-ইন

Red Hat Enterprise Linux 7.0 ত এটা আপডেইটেড ডাইৰেকটৰি চাৰ্ভাৰ প্লাগ-ইন আছে, slapi-nis, যি সক্ৰিয় ডাইৰেটৰিৰ ব্যৱহাৰকাৰীসকলক কিম্বদন্তি ক্লাএন্টসমূহত প্ৰমাণিত কৰাৰ অনুমতি দিয়ে। মন কৰিব যে এই কাৰ্য্যকৰীতা এটা প্ৰযুক্তি পূৰ্বদৰ্শন।

IPA ৰ বাবে বেকআপ আৰু পুনৰুদ্ধাৰ পদ্ধতি

Red Hat Enterprise Linux 7.0 ত IPA চুইটৰ বাবে বেকআপ আৰু পুনৰুদ্ধাৰ পদ্ধতিক এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে দিয়া হৈছে।

Samba 4.1.0

Red Hat Enterprise Linux 7.0 এ শেহতীয়া আপস্ট্ৰিম সংস্কৰণলৈ উন্নত samba পেকেইজসমূহ অন্তৰ্ভুক্ত কৰে, য'ত কেইবাটাও বাগৰ সমাধান আৰু সম্প্ৰসাৰন আছে, তাৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ হল চাৰ্ভাৰ আৰু ক্লাএন্ট পুলসমূহত SMB3 প্ৰটোকলৰ বাবে সমৰ্থন।
অতিৰিক্তভাৱে, SMB3 পৰিবহনে SMB3 লগতে Samba চাৰ্ভাৰসমূহ সমৰ্থন কৰা Windows চাৰ্ভাৰসমূহলৈ ইনক্ৰিপ্টেড পৰিবহন সংযোগসমূহ সামৰ্থবান কৰে। লগতে, Samba 4.1.0 এ চাৰ্ভাৰৰ কপি কাৰ্য্যসমূহ যোগ কৰে। চাৰ্ভাৰত কপি সমৰ্থন ব্যৱহাৰ কৰা ক্লাএন্টসমূহ, যেনে শেহতীয়া Windows উন্মোচনসমূহে, ফাইল কপি কাৰ্য্যসমূহৰ ভালেমান পৰিৱেশন উন্নয়ন অনুভৱ কৰিব লাগে।

সকিয়নি

আপডেইটেড samba পেকেইজসমূহ কেইবাটাও ইতিমধ্যে স্খলিত সংৰূপ বিকল্প আতৰায়। আটাইতকৈ গুৰুত্বপূৰ্ণ হল চাৰ্ভাৰৰ ভুমিকা security = share আৰু security = server। লগতে ৱেব সংৰূপ সঁজুলি SWAT ক সম্পূৰ্ণভাৱে আতৰোৱা হৈছে। অধিক বিৱৰণ Samba 4.0 আৰু 4.1 উন্মোচন টোকাসমূহত পোৱা যাব।
মন কৰিব যে কেইবাটাও tdb ফাইল আপডেইট কৰা হয়। ইয়াৰ অৰ্থ এই যে সকলো tdb ফাইলসমূহ উন্নত কৰা হয় যেতিয়াই আপুনি smbd ডিমনৰ নতুন সংস্কৰণ আৰম্ভ কৰে। আপুনি এটা পুৰনি Samba সংস্কৰণলৈ ডাউনগ্ৰেইড কৰিব নোৱাৰিব যেতিয়ালৈকে আপোনাৰ tdb ফাইলসমূহৰ বেকআপ নাথাকে
এই পৰিবৰ্তনসমূহৰ বিষয়ে অধিক তথ্যৰ বাবে, ওপৰত উল্লেখিত Samba 4.0 আৰু 4.1 ৰ বাবে উন্মোচন টোকাসমূহ চাওক।

AD আৰু LDAP sudo প্ৰদানকাৰীৰ ব্যৱহাৰ

AD প্ৰদানকাৰী হল এটা সক্ৰিয় ডাইৰেকটৰি চাৰ্ভাৰৰ সৈতে সংযোগ কৰিবলৈ এটা বেকএন্ড। Red Hat Enterprise Linux 7.0 ত, LDAP প্ৰদানকাৰীৰ সৈতে AD sudo প্ৰদানকাৰী ব্যৱহাৰ কৰাটো এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে সমৰ্থন কৰা হৈছে। AD sudo প্ৰদানকাৰী সামৰ্থবান কৰিবলৈ, sssd.conf ফাইলৰ domain section ত sudo_provider=ad যোগ কৰক।

অধ্যায় 16. সুৰক্ষা

OpenSSH chroot শ্বেল লগিন

সাধাৰণত, প্ৰতিজন Linux ব্যৱহাৰকাৰীক SELinux নীতি ব্যৱহাৰ কৰি এজন SELinux ব্যৱহাৰকাৰীলৈ মেপ কৰা হয়, যাৰ বাবে Linux ব্যৱহাৰকাৰীসকলে SELinux ব্যৱহাৰকাৰীসকললৈ স্থাপিত বাধাবোৰ প্ৰাপ্ত কৰিব পাৰে। এটা অবিকল্পিত মেপিং আছে য'ত Linux ব্যৱহাৰকাৰীসকলক SELinux unconfined_u ব্যৱহাৰকাৰীলৈ মেপ কৰা হয়।
Red Hat Enterprise Linux 7 ত, ব্যৱহাৰকাৰীসকলক chroot কৰিবলৈ ChrootDirectory বিকল্পক কোনো পৰিবৰ্তন নহোৱাকৈ অন্তৰ্ভুক্ত নহোৱাকৈ ব্যৱহাৰকাৰীসকলৰ সৈতে ব্যৱহাৰ কৰিব পাৰি, কিন্তু অন্তৰ্ভুক্ত ব্যৱহৰাকৰীসকলৰ বাবে, যেনে, staff_u, user_u, অথবা guest_u, SELinux selinuxuser_use_ssh_chroot চলক সংহতি কৰিব লাগিব। অধিক সুৰক্ষাৰ বাবে প্ৰশাসকসকলক সকলো chroot কৰা ব্যৱহাৰকাৰীসকলৰ বাবে ChrootDirectory বিকল্প ব্যৱহাৰ কৰোতে guest_u ব্যৱহাৰ কৰাৰ উপদেশ দিয়া হৈছে।

একাধিক প্ৰয়োজনীয় প্ৰমাণীকৰণসমূহ

Red Hat Enterprise Linux 7.0 এ AuthenticationMethods বিকল্প ব্যৱহাৰ কৰি SSH প্ৰটোকল সংস্কৰণ 2 ত একাধিক প্ৰয়োজনীয় প্ৰমাণীকৰণ সমৰ্থন কৰে। এই বিকল্পয় প্ৰমাণীকৰণ পদ্ধতি নামসমূহৰ এটা অথবা অধিক কমা-পৃথকিত তালিকাসমূহ তালিকাভুক্ত কৰে। যিকোনো তালিকাত প্ৰমাণীকৰণ সম্পূৰ্ণ হবলৈ সকলো পদ্ধতি সফলভাৱে সম্পূৰ্ণ হব লাগিব। ই সামৰ্থবান কৰে, উদাহৰণস্বৰূপ, এজন ব্যৱহাৰকাৰীৰ পাছৱাৰ্ড প্ৰমাণীকৰণ দিয়াৰ আগত ৰাজহুৱা কি অথবা GSSAPI ব্যৱহাৰ কৰি প্ৰমাণীকৰণ।

GSS প্ৰক্সি

GSS প্ৰক্সি হল চিস্টেম সেৱা যি অন্য এপ্লিকেচনসমূহৰ বাবে GSS API Kerberos পৰিপ্ৰেক্ষতিত স্থাপন কৰে। ইয়াৰ বাবে সুৰক্ষাৰ সুবিধা আহে; উদাহৰণস্বৰূপ, এটা অৱস্থাত য'ত চিস্টেম কিটেবলৈ অভিগম বিভিন্ন প্ৰক্ৰিয়াৰ মাজত অংশীদাৰী কৰা হয়, সেই প্ৰক্ৰিয়ালৈ এটা সফল আক্ৰমণে অন্য সকলো প্ৰক্ৰিয়াৰ Kerberos ইমপাৰ্চনেষণ কৰে।

NSS ত পৰিবৰ্তন

nss পেকেইজসমূহক আপস্ট্ৰিম সংস্কৰণ 3.15.2 লৈ উন্নত কৰা হৈছে। Message-Digest algorithm 2 (MD2), MD4, আৰু MD5 স্বাক্ষৰসমূহ এতিয়া অনলাইন প্ৰমাণপত্ৰ অৱস্থা প্ৰটোকল (OCSP) অথবা প্ৰমাণপত্ৰ প্ৰত্যাবৰ্তন তালিকা (CRLs) ৰ বাবে গ্ৰহণ কৰা নহয়, সিহতৰ সাধাৰণ প্ৰমাণপত্ৰ স্বাক্ষৰসমূহৰ নিয়ন্ত্ৰণলৈ স্থায়ী।
উন্নত ইনক্ৰিপষণ প্ৰামাণিক গালৈ গণক অৱস্থা (AES-GCM) চিফাৰ চুইট (RFC 5288 আৰু RFC 5289) যোগ কৰা হৈছে য'ত TLS 1.2 ক আপোচ কৰা হৈছে। বিশেষভাৱে, নিম্নলিখিত চিফাৰ চুইটসমূহ সমৰ্থিত:
  • TLS_ECDHE_ECDSA_WITH_AES_128_GCM_SHA256
  • TLS_ECDHE_RSA_WITH_AES_128_GCM_SHA256
  • TLS_DHE_RSA_WITH_AES_128_GCM_SHA256
  • TLS_RSA_WITH_AES_128_GCM_SHA256

SCAP ৱাৰ্কবেঞ্চ

SCAP ৱাৰ্কবেঞ্চ এটা GUI ফ্ৰন্টএণ্ড যি SCAP সমৰ বাবে স্কেনিং কাৰ্য্যকৰীতা প্ৰদান কৰে। SCAP ৱাৰ্কবেঞ্চক Red Hat Enterprise Linux 7.0 ত এটা প্ৰযুক্তি পূৰ্বদৰ্শন ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে।
আপুনি বিৱৰিত তথ্য আপস্ট্ৰিম প্ৰকল্পৰ ৱেবছাইটত পাব:

OSCAP Anaconda এড-অন

Red Hat Enterprise Linux 7.0 এ OSCAP Anaconda এড-অনক এটা প্ৰযুক্তি পূ্ৰ্বদৰ্শন ৰূপে উন্মোচন কৰিছে। এড-অনে ইনস্টলেষণ প্ৰক্ৰিয়াৰ সৈতে OpenSCAP সঁজুলি অনুকলন কৰে আৰু এটা SCAP সমল দ্বাৰা প্ৰদান কৰা বাধাৰ বাবে চিস্টেমৰ ইনস্টলেষণ সামৰ্থবান কৰে।

অধ্যায় 17. স্বাক্ষৰণ ব্যৱস্থাপনা

Red Hat Enterprise Linux 7.0 ক Red Hat স্বাক্ষৰণ ব্যৱস্থাপনা সেৱাসমূহ ব্যৱহাৰ কৰি উপলব্ধ কৰিব পাৰি। নিম্নলিখিত জ্ঞান ভিত্তি অধ্যায় এ আপোনাৰ Red Hat Enterprise Linux 7.0 চিস্টেমক Red Hat স্বাক্ষৰণ ব্যৱস্থাপনাৰ সৈতে কেনেকৈ ৰেজিস্টাৰ কৰিব তাৰ এটা সমু অভাৰভিউ আৰু নিৰ্দেশ প্ৰদান কৰে।

প্ৰমাণপত্ৰ-ভিত্তিয় অনুজ্ঞাসমূহ

Red Hat Enterprise Linux 7.0 এ subscription-manager সঁজুলিৰ সহায়ত নতুন প্ৰমাণপত্ৰ-ভিত্তিয় অনুজ্ঞাসমূহ সমৰ্থন কৰে। Red Hat Enterprise Linux 5 আৰু 6 ব্যৱহাৰ কৰা ব্যৱহাৰকাৰীসকলক এটা পৰিবৰ্তন প্ৰদান কৰিবলৈ Satellite ব্যৱহাৰহাৰীসকলৰ বাবে কিম্বদন্তি অনুজ্ঞাসমূহ সমৰ্থনব কৰা হয়। মন কৰিব যে rhn_register অথবা rhnreg_ks সঁজুলিসমূহ ব্যৱহাৰ কৰি Red Hat Network কালজয়ীলৈ ৰেজিস্টাৰ কৰাটো Red Hat Enterprise Linux 7.0 কাম নকৰিব। আপুনি এই সঁজুলিসমূহ ব্যৱহাৰ কৰি কেৱল Red Hat Satellite অথবা প্ৰক্সি সংস্কৰণ 5.6 লৈ ৰেজিস্টাৰ কৰিব পাৰিব।

অধ্যায় 18. ডেস্কটপ

18.1. GNOME 3

Red Hat Enterprise Linux 7.0 ত GNOME ডেস্কটপৰ পৰৱৰ্তী মূখ্য সংস্কৰণ, GNOME 3 আছে। GNOME 3 ৰ ব্যৱহাৰকাৰী অনুভৱ বৃহতভাৱে GNOME শ্বেল দ্বাৰা বিৱৰণ দিয়া হয়, যি GNOME 2 ৰ ডেস্কটপ শ্বেলক প্ৰতিস্থাপন কৰে। উইন্ডো ব্যৱস্থাপনাৰ বাহিৰেও, GNOME শ্বেলে পৰ্দাত ওপৰ বাৰত প্ৰদান কৰে, যি ওপৰ সোঁফালে 'চিস্টেমৰ অৱস্থা' স্থান হস্ট কৰে, এটা ঘড়ী, আৰু এটা হট কৰ্ণাৰ যি কাৰ্য্যসমূহ অভাৰভিউ লৈ চুইচ কৰে, যি এপ্লিকেচনসমূহ আৰু উইন্ডোসমূহলৈ সহজ অভিগম প্ৰদান কৰে।
Red Hat Enterprise Linux 7.0 ত অবিকল্পিত GNOME শ্বেল আন্তঃপৃষ্ঠ হল GNOME ক্লাচিক যি পৰ্দাৰ তলত এটা উইন্ডো তালিকা আৰু পাৰম্পৰিক এপ্লিকেচন আৰু স্থান মেনুসমূহ দেখুৱায়।
GNOME 3 ৰ বিষয়ে অধিক তথ্যৰ বাবে, GNOME সহায় চাওক। ইয়াক অভিগম কৰিবলে, Super (Windows) টিপি কাৰ্য্যসমূহ অভাৰভিউ লৈ যাওক, সহায় টাইপ কৰক, আৰু তাৰ পিছত Enter টিপক।
GNOME 3 ডেস্কটপৰ মোতায়ন, সংৰূপ আৰু প্ৰশাসনৰ বিষয়ে অধিক তথ্যৰ বাবে, ডেস্কটপ প্ৰব্ৰজন আৰু প্ৰশাসন সহায়ক চাওক।

GTK+ 3

GNOME 3 এ GTK+ 3 লাইব্ৰেৰী ব্যৱহাৰ কৰে যাক GTK+ 2 ৰ সমান্তৰালভাৱে ইনস্টল কৰিব পাৰি। দুয়ো GTK+ আৰু GTK+ 3, Red Hat Enterprise Linux 7.0 ত উপলব্ধ। অস্তিত্ববান GTK+ 2 এপ্লিকচেনসমূহ GNOME 3 ৰ কাৰ্য্যৰত থাকিব।

GNOME বাকচসমূহ

Red Hat Enterprise Linux 7.0 এ এটা লঘু গ্ৰাফিকেল ডেস্কটপ ভাৰছুৱেলাইযেষণ সঁজুলি উন্মোচন কৰিছে যাক ভাৰছুৱেল মেচিনসমূহ আৰু দূৰৱৰ্তী চিস্টেমসমূহ দৰ্শন আৰু অভিগম কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। GNOME বাকচসমূহে নূন্যতম সংৰূপৰ সৈতে ডেস্কটপৰ পৰা বিভিন্ন অপাৰেটিং চিস্টেম আৰু এপ্লিকেচনসমূহ পৰিক্ষা কৰাৰ এটা পদ্ধতি প্ৰদান কৰে।

18.2. KDE

Red Hat Enterprise Linux 7.0 এ KDE প্লাজমা কাৰ্য্যস্থান সংস্কৰণ 4.10 আৰু KDE প্লেটফৰ্ম আৰু এপ্লিকেচনসমূহৰ শেহতীয়া সংস্কৰণ অন্তৰ্ভুক্ত কৰে। এই উন্মোচনৰ বিষয়ে অধিক জানিবলে, http://www.kde.org/announcements/4.10/ চাওক।

KScreen

KScreen, KDE ৰ বাবে এটা নতুন পৰ্দা ব্যৱস্থাপনা চফ্টৱেৰৰ সৈতে একাধিক প্ৰদৰ্শনৰ সংৰূপণ উন্নত কৰা হৈছে। KScreen এ মনিটৰ সংৰূপণ আৰু সংযুক্ত মনিটৰসমূহৰ বাবে আলেখ্যাসমূহৰ স্বচালিত সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কৰিবলৈ এটা নতুন ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ প্ৰদান কৰে। KScreen ৰ বিষয়ে বিৱৰিত তথ্যৰ বাবে, http://community.kde.org/Solid/Projects/ScreenManagement চাওক।

অধ্যায় 19. ৱেব চাৰ্ভাৰসমূহ আৰু সেৱাসমূহ

Apache HTTP Server 2.4

Red Hat Enterprise Linux 7.0 ত Apache HTTP Server (httpd) ৰ সংস্কৰণ 2.4 অন্তৰ্ভুক্ত আছে, আৰু নতুন বৈশিষ্ট্যসমূহৰ এটা বিস্তাৰ প্ৰদান কৰে:
  • "Event" প্ৰক্ৰিয়াকৰণ মডিউলৰ এটা সম্প্ৰসাৰিত সংস্কৰণ, যাৰ ফলস্বৰূপ অসংমিহলিত অনুৰোধ প্ৰক্ৰিয়া আৰু পৰিৱেশন উন্নত হয়;
  • mod_proxy মডিউলত স্থানীয় FastCGI সমৰ্থন;
  • Lua ভাষা ব্যৱহাৰ কৰি অন্তৰ্ভুক্ত স্ক্ৰিপ্টিংৰ বাবে সমৰ্থন।
httpd 2.4 ত বৈশিষ্ট্যসমূহ আৰু পৰিবৰ্তনসমূহৰ বিষয়ে অধিক তথ্য http://httpd.apache.org/docs/2.4/new_features_2_4.html ত পোৱা যাব। খাপ খোৱা সংৰূপ ফাইলসমূহৰ এটা সহায়ক লগতে উপলব্ধ আছে: http://httpd.apache.org/docs/2.4/upgrading.html

MariaDB 5.5

MariaDB হল Red Hat Enterprise Linux 7.0 ত MySQL ৰ অবিকল্পিত প্ৰণয়ন। MariaDB, MySQL ডাটাবেইচ প্ৰকল্পৰ এটা সম্প্ৰদায়-উন্নত ফৰ্ক, আৰু MySQL ৰ এটা প্ৰতিস্থাপন প্ৰদান কৰে। MariaDB এ MySQL ৰ সৈতে API আৰু ABI সংগতা সংৰক্ষণ কৰে আৰু কেইবাটাও নতুন বৈশিষ্ট্য যোগ কৰে; উদাহৰণস্বৰূপ, এটা অ-প্ৰতিৰোধি ক্লাএন্ট API লাইব্ৰেৰী, সম্প্ৰসাৰিত পৰিৱেশনৰ সৈতে Aria আৰু XtraDB সংৰক্ষণ ইঞ্জিনসমূহে, উন্নত চাৰ্ভাৰ অৱস্থা চলকসমূহ অথবা সম্প্ৰসাৰিত প্ৰতিলিপি।
MariaDB ৰ বিষয়ে বিৱৰিত তথ্য https://mariadb.com/kb/en/what-is-mariadb-55/ ত পোৱা যাব।

PostgreSQL 9.2

PostgreSQL এটা উন্নত অবজেক্ট-ৰিলেষনেল ডাটাবেইচ ব্যৱস্থাপনা চিস্টেম (DBMS)। postgresql পেকেইজসমূহে এটা PostgreSQL DBMS চাৰ্ভাৰ অভিগম কৰিবলৈ PostgreSQL চাৰ্ভাৰ পেকেইজ, ক্লাএন্ট প্ৰগ্ৰামসমূহ, আৰু লাইব্ৰেৰীসমূহ প্ৰদান কৰে।
Red Hat Enterprise Linux 7.0 ত PostgreSQL ৰ সংস্কৰণ 9.2 আছে। নতুন বৈশিষ্ট্যসমূহ, বাগ সমাধান আৰু Red Hat Enterprise Linux 6 ত পেকেইজ্ড সংস্কৰণ 8.4 ৰ সম্ভাব্য অসংগতিৰ এটা তালিকাৰ বাবে, অনুগ্ৰহ কৰি আপস্ট্ৰিম উন্মেচন টোকাসমূহ চাওক:
অথবা PostgreSQL ৱিকি পৃষ্ঠাবোৰ:

অধ্যায় 20. তথ্যচিত্ৰ

Red Hat Enterprise Linux 7.0 ৰ বাবে তথ্যচিত্ৰ বিভিন্ন দস্তাবেজসমূহৰে গঠিত। এই দস্তাবেজসমূহৰ প্ৰতিটো নিম্নলিখিত এটা বা অধিক বিষয় স্থানত অন্তৰ্ভুক্ত:
  • উন্মোচন তথ্যচিত্ৰ
  • ইনস্টল আৰু মোতায়ন
  • সুৰক্ষা
  • সঁজুলি আৰু পৰিৱেশন
  • ক্লাস্টাৰিং
  • ভাৰছুৱেলাইজেষণ

20.1. উন্মোচন তথ্যচিত্ৰ

উন্মোচন টোকাসমূহ

উন্মোচন টোকাসমূহ এ Red Hat Enterprise Linux 7.0 ত মূখ্য নতুন বৈশিষ্ট্যসমূহ দেখুৱায়।

কাৰিকৰী টোকাসমূহ

Red Hat Enterprise Linux কাৰিকৰী টোকাসমূহ এ এই উন্মোচনত জ্ঞাত তথ্যৰ বিষয়ে তথ্য অন্তৰ্ভুক্ত কৰে।

প্ৰব্ৰজন পৰিকল্পনা সহায়ক

Red Hat Enterprise Linux প্ৰব্ৰজন পৰিকল্পনা সহায়ক এ Red Hat Enterprise Linux 6 ৰ পৰা Red Hat Enterprise Linux 7 লৈ প্ৰব্ৰজনৰ তথ্য দেখুৱায়।

ডেস্কটপ প্ৰব্ৰজন আৰু প্ৰশাসন সহায়ক

ডেস্কটপ প্ৰব্ৰজন আৰু প্ৰশাসন সহায়ক হল Red Hat Enterprise Linux 7 ত GNOME 3 ডেস্কটপ প্ৰব্ৰজন পৰিকল্পনা, মোতায়ন, সংৰূপ, আৰু প্ৰশাসনৰ এটা সহায়ক।

20.2. ইনস্টল আৰু মোতায়ন

ইনস্টল সহায়ক

ইনস্টলেষণ সহায়ক এ Red Hat Enterprise Linux 7 ৰ ইনস্টলেষণৰ বিষয়ে প্ৰাসংগিক তথ্য দেখুৱায়। এই কিতাপে লগতে উন্নত ইনস্টলেষণ পদ্ধতি যেনে kickstart আৰু PXE ইনস্টলেষণ, আৰু VNC ৰে ইনস্টলেষণ, লগতে সাধাৰণ পস্ট-ইনস্টলেষণ কাৰ্য্যসমূহ দেখুৱায়।

চিস্টেম প্ৰশাসকৰ সহায়ক

চিস্টেম প্ৰশাসকৰ সহায়ক এ Red Hat Enterprise Linux 7 মোতায়ন, সংৰূপণ, আৰু প্ৰশাসনৰ বিষয়ে তথ্য প্ৰদান কৰে।

চিস্টেম প্ৰশাসকৰ প্ৰসংগ সহায়ক

চিস্টেম প্ৰশাসকৰ প্ৰসংগ সহায়ক সহায়ক Red Hat Enterprise Linux 7 ৰ প্ৰশাসকসকলৰ বাবে এটা প্ৰসংগ সহায়ক।

সংৰক্ষণ প্ৰসাশন সহায়ক

সংৰক্ষণ প্ৰসাশন সহায়ক এ Red Hat Enterprise Linux 7 ত কেনেকৈ সংৰক্ষণ ডিভাইচসমূহ আৰু ফাইল চিস্টেমসমূহ ভালকৈ ব্যৱস্থাপনা কৰিব পাৰি তাৰ নিৰ্দেশ দিয়ে। ইয়াক Red Hat Enterprise Linux অথবা Linux ৰ Fedora বিতৰনসমূহত মধ্যম অনুভৱ থকা চিস্টেম প্ৰশাসকসকলৰ ব্যৱহাৰৰ বাবে বনোৱা হৈছে।

বিশ্বব্যাপী ফাইল চিস্টেম ২

বিশ্বব্যাপী ফাইল চিস্টেম ২ কিতাপে Red Hat Enterprise Linux 7 ত Red Hat GFS2 (বিশ্বব্যাপী ফাইল চিস্টেম ২) সংৰূপণ আৰু ব্যৱস্থাপনা কৰাৰ বিষয়ে তথ্য প্ৰদান কৰে।

যৌক্তিক আয়তন ব্যৱস্থাপক প্ৰসাশন

সংৰক্ষণ প্ৰসাশন সহায়ক এ Red Hat Enterprise Linux 7 ত কেনেকৈ সংৰক্ষণ ডিভাইচসমূহ আৰু ফাইল চিস্টেমসমূহ ভালকৈ ব্যৱস্থাপনা কৰিব পাৰি তাৰ নিৰ্দেশ দিয়ে। ইয়াক Red Hat Enterprise Linux অথবা Linux ৰ Fedora বিতৰনসমূহত মধ্যম অনুভৱ থকা চিস্টেম প্ৰশাসকসকলৰ ব্যৱহাৰৰ বাবে বনোৱা হৈছে।

কাৰনেল স্খলন ডাম্প সহায়ক

কাৰনেল স্খলন ডাম্প সহায়ক এ কেনেকৈ Red Hat Enterprise Linux 7 ত উপলব্ধ kdump স্খলন পুনৰুদ্ধাৰ সেৱা সংৰূপণ, পৰিক্ষণ, আৰু ব্যৱহাৰ কৰা হব দেখুৱায়।

20.3. সুৰক্ষা

সুৰক্ষা সহায়ক

সুৰক্ষা সহায়ক ক ৱাৰ্কস্টেশন আৰু চাৰ্ভাৰক স্থানীয় আৰু দূৰৱৰ্তী অনাধিকাৰ প্ৰৱেশ, শোষণ আৰু দ্বেষপূৰ্ণ কাৰ্য্যৰ পৰা সুৰক্ষিত কৰাৰ প্ৰক্ৰিয়া আৰু অভ্যাস ব্যৱহাৰকাৰীসকল আৰু প্ৰশাসকসকল দ্বাৰা শিকাত সহায় কৰিবলৈ ৰূপাঙ্কণ কৰা হৈছে।

SELinux ব্যৱহাৰকাৰী আৰু প্ৰশাসক সহায়ক

SELinux ব্যৱহাৰকাৰী আৰু প্ৰশাসক সহায়ক এ সুৰক্ষা-প্ৰসাৰিত Linux ৰ ব্যৱস্থাপনা আৰু ব্যৱহাৰ দেখুৱায়। মন কৰিব যে অন্তৰ্ভুক্ত সেৱাসমূহ ব্যৱস্থাপনা কৰা, যাক Red Hat Enterprise Linux 6 ত এটা স্টেণ্ড-এলৌন কিতাপত তথ্যচিত্ৰ কৰা হৈছিল, এতিয়া SELinux ব্যৱহাৰকাৰী আৰু প্ৰশাসক সহায়কৰ এটা অংশ।

20.4. সঁজুলি আৰু পৰিৱেশন

সম্পদ ব্যৱস্থাপনা সহায়ক

সম্পদ ব্যৱস্থাপনা সহায়ক এ Red Hat Enterprise Linux 7 ত চিস্টেম সম্পদসমূহ ব্যৱস্থাপনা কৰিবলৈ সঁজুলিসমূহ আৰু পদ্ধতিসমূহ দেখুৱায়।

শক্তি ব্যৱস্থাপনা সহায়ক

শক্তি ব্যৱস্থাপনা সহায়ক এ Red Hat Enterprise Linux 7 ত শক্তি ব্যৱস্থাপনা কেনেকৈ কৰা হব দেখুৱায়।

পৰিৱেশন উন্নয়ন সহায়ক

পৰিৱেশন উন্নয়ন সহায়ক এ Red Hat Enterprise Linux 7 ত কেনেকৈ চাবচিস্টেম থ্ৰপুট অনুকলন কৰিব দেখুৱায়।

উন্নয়নকাৰী সহায়ক

উন্নয়নকাৰী সহায়ক এ বিভিন্ন বৈশিষ্ট্য আৰু সঁজুলিসমূহ দেখুৱায় যি Red Hat Enterprise Linux 7 ক এপ্লিকেচন উন্নয়নৰ বাবে এটা আদৰ্শ এন্টাৰপ্ৰাইজ প্লেটফৰ্ম বনাই।

SystemTap আৰম্ভক সহায়ক

SystemTap আৰম্ভক সহায়ক এ কেনেকৈ SystemTap ক Red Hat Enterprise Linux ৰ বিভিন্ন চাবচিস্টেমসমূহক পৰ্যবেক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ নিৰ্দেশ দিয়ে।

SystemTap প্ৰসংগ

SystemTap Tapset প্ৰসংগ সহায়কে ব্যৱহাৰকাৰী দ্বাৰা SystemTap সক্ৰিপ্টসমূহক প্ৰয়োগ কৰিব পৰা আটাইতকৈ সাধাৰণ tapset বিৱৰণ দেখুৱায়।

20.5. ক্লাস্টাৰিং আৰু উচ্চ উপলব্ধতা

উচ্চ উপলব্ধতা এড-অন প্ৰশাসন

উচ্চ উপলব্ধতা এড-অন প্ৰশাসন সহায়কে Red Hat Enterprise Linux 7 ত কেনেকৈ উচ্চ-উপলব্ধতা এড-অন সংৰূপণ আৰু প্ৰশাসন কৰা হব তাৰ তথ্য প্ৰদান কৰে।

উচ্চ উপলব্ধতা এড-অন অভাৰভিউ

উচ্চ উপলব্ধতা এড-অন অভাৰভিউ দস্তাবেজে Red Hat Enterprise Linux 7 ৰ বাবে উচ্চ উপলব্ধতা এড-অনৰ এটা অভাৰভিউ প্ৰদান কৰে।

উচ্চ উপলব্ধতা এড-অন প্ৰসংগ

উচ্চ উপলব্ধতা এড-অন প্ৰসংগ Red Hat Enterprise Linux 7 ৰ বাবে উচ্চ উপলব্ধতা এড-অনলৈ এটা প্ৰসংগ সহায়ক।

ল'ড বেলেঞ্চাৰ প্ৰশাসন

ল'ড বেলেঞ্চাৰ প্ৰশাসন Red Hat Enterprise Linux 7 ত উচ্চ-পৰিৱেশন ল'ড বেলেঞ্চিং সংৰূপণ আৰু প্ৰশাসন কৰাৰ এটা সহায়ক।

DM বহুপথ

DM বহুপথ কিতাপে Red Hat Enterprise Linux 7 ৰ বাবে Device-Mapper বহুপথ বৈশিষ্ট্য সংৰূপণ আৰু প্ৰশাসন কৰিবলৈ ব্যৱহাৰকাৰীসকলক সহায় কৰে।

20.6. ভাৰছুৱেলাইজেষণ

ভাৰছুৱেলাইজেষণ আৰম্ভণি সহায়ক

ভাৰছুৱেলাইজেষণ আৰম্ভণি সহায়ক Red Hat Enterprise Linux 7 ত ভাৰছুৱেলাইজেষণলৈ এটা পাতনি।

ভাৰছুৱেলাইজেষণ মোতায়ন আৰু প্ৰশাসন সহায়ক

ভাৰছুৱেলাইজেষণ মোতায়ন আৰু প্ৰশাসন সহায়ক এ Red Hat Enterprise Linux 7 ত ভাৰছুৱেলাইজেষণ ইনস্টল, সংৰূপ, আৰু ব্যৱস্থাপনা কৰাৰ তথ্য প্ৰদান কৰে।

ভাৰছুৱেলাইজেষণ সুৰক্ষা সহায়ক

ভাৰছুৱেলাইজেষণ সুৰক্ষা সহায়ক এ Red Hat দ্বাৰা প্ৰদান কৰা ভাৰছুৱেলাইজেষণ সুৰক্ষা প্ৰযুক্তিসমূহৰ এটা অভাৰভিউ প্ৰদান কৰে, ভাৰছউৱেলাইজেষণ হস্ট, গেস্ট, আৰু ভাৰছুৱেলাইজ্ড পৰিৱেশত অংশীদাৰী কৰা আন্তঃগাথনী আৰু সম্পদসমূহ সুৰক্ষিত কৰাৰ উপদেশ প্ৰদান কৰে।

ভাৰছুৱেলাইজেষণ উন্নয়ন আৰু অনুকলন সহায়ক

ভাৰছুৱেলাইজেষণ উন্নয়ন আৰু অনুকলন সহায়ক এ KVM আৰু ভাৰছুৱেলাইজেষণ পৰিৱেশন দেখুৱায়। এই সহায়কত আপুনি KVM পৰিৱেশন বৈশিষ্ট্যসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ কৰাৰ বাবে সহায় আৰু পৰামৰ্শ পাব আৰু আপোনাৰ হস্ট চিস্টেম আৰু ভাৰছুৱেলাইজ্ড গেস্টসমূহৰ বাবে বিকল্প পাব।

Linux বৈয়াম সহায়ক

Linux বৈয়ামসমূহ সহায়ক এ Red Hat Enterprise Linux 7.0 ত Linux বৈয়ামসমূহ সংৰূপণ আৰু ব্যৱস্থাপনাৰ তথ্য অন্তৰ্ভুক্ত কৰে, আৰু Linux বৈয়ামসমূহৰ বাবে এপ্লিকেচন উদাহৰণসমূহৰ এটা অভাৰভিউ প্ৰদান কৰে।

অধ্যায় 21. আন্তঃৰাষ্ট্ৰীয়কৰণ

21.1. Red Hat Enterprise Linux 7.0 আন্তঃৰাষ্ট্ৰীয় ভাষাসমূহ

Red Hat Enterprise Linux 7.0 এ একাধিক ভাষাৰ ইনস্টলেষণ আৰু আপোনাৰ প্ৰয়োজনীয়তাৰ উপৰত ভিত্তি কৰি ভাষাৰ পৰিবৰ্তন সমৰ্থন কৰে।
Red Hat Enterprise Linux 7.0 ত নিম্নলিখিত ভাষাসমূহ সমৰ্থিত:
  • পূ্ৰ্ব এছীয় ভাষাসমূহ - জাপানী, কৰিয়ান, সৰলকৃত চীনা, আৰু পাৰম্পৰিক চীনা।
  • ইউৰোপীয় ভাষাসমূহ - ইংৰাজী, জাৰ্মান, স্পেনিচ, ফ্ৰেঞ্চ, ইটালিয়ান, পৰ্তুগিচ ব্ৰাজিলিয়ান, আৰু ৰাছিয়ান।
  • ভাৰতীয় ভাষাসমূহ - অসমীয়া, বাংলা, গুজৰাতি, হিংদী, কন্নড়, মলয়ালম, মাৰাঠি, ওড়ীয়া, পাঞ্জাবী, তামিল, আৰু তেলুগু।
তলত দিয়া টেবুলে বৰ্তমানে সমৰ্থিত ভাষাসমূহ, সিহতৰ লোকেইল, ইনস্টল্ড অবিকল্পিত ফন্ট, আৰু কিছুমান সমৰ্থিত ভাষাৰ বাবে প্ৰয়োজনীয় পেকেইজসমূহ দেখুৱায়।
ফন্ট সংৰূপৰ ওপৰত অধিক তথ্যৰ বাবে, ডেস্কটপ প্ৰব্ৰজন আৰু প্ৰশাসন সহায়ক চাওক।

তালিকা 21.1. ভাষা সমৰ্থন মেট্ৰিক্স

অঞ্চল ভাষা লোকেইল অবিকল্পিত ফন্ট (ফন্ট পেকেইজ) ইনপুটৰ পদ্ধতি
ব্ৰাজিল পৰ্তুগিচ pt_BR.UTF-8 DejaVu Sans (dejavu-sans-fonts)
ফ্ৰাঞ্চ ফ্ৰেঞ্চ fr_FR.UTF-8 DejaVu Sans (dejavu-sans-fonts)
জাৰ্মানী জাৰ্মান de_DE.UTF-8 DejaVu Sans (dejavu-sans-fonts)
ইটালি ইটালি it_IT.UTF-8 DejaVu Sans (dejavu-sans-fonts)
ৰাছিয়া ৰাছিয়ান ru_RU.UTF-8 DejaVu Sans (dejavu-sans-fonts)  
স্পেইন স্পেনিচ es_ES.UTF-8 DejaVu Sans (dejavu-sans-fonts)
USA ইংৰাজী en_US.UTF-8 DejaVu Sans (dejavu-sans-fonts)
চীন সৰলকৃত চীনা zh_CN.UTF-8 WenQuanYi Zen Hei Sharp (wqy-zenhei-fonts) ibus-libpinyin, ibus-table-chinese
জাপান জাপানী ja_JP.UTF-8 VL PGothic (vlgothic-p-fonts) ibus-kkc
কৰিয়া কোৰীয় ko_KR.UTF-8 NanumGothic (nhn-nanum-gothic-fonts) ibus-hangul
তাইৱান পাৰম্পৰিক চীনা zh_TW.UTF-8 AR PL UMing TW (cjkuni-uming-fonts) ibus-chewing, ibus-table-chinese
ভাৰত অসমীয়া as_IN.UTF-8 Lohit Assamese (lohit-assamese-fonts) ibus-m17n, m17n-db, m17n-contrib
বাংলা bn_IN.UTF-8 Lohit Bengali (lohit-bengali-fonts) ibus-m17n, m17n-db, m17n-contrib
গুজৰাতি gu_IN.UTF-8 Lohit Gujarati (lohit-gujarati-fonts) ibus-m17n, m17n-db, m17n-contrib
হিন্দি hi_IN.UTF-8 Lohit Hindi (lohit-devanagari-fonts) ibus-m17n, m17n-db, m17n-contrib
কন্নড় kn_IN.UTF-8 Lohit Kannada (lohit-kannada-fonts) ibus-m17n, m17n-db, m17n-contrib
মলয়ালম ml_IN.UTF-8 Meera (smc-meera-fonts) ibus-m17n, m17n-db, m17n-contrib
মাৰাঠি mr_IN.UTF-8 Lohit Marathi (lohit-marathi-fonts) ibus-m17n, m17n-db, m17n-contrib
ওড়ীয়া or_IN.UTF-8 Lohit Oriya (lohit-oriya-fonts) ibus-m17n, m17n-db, m17n-contrib
পাঞ্জাবী pa_IN.UTF-8 Lohit Punjabi (lohit-punjabi-fonts) ibus-m17n, m17n-db, m17n-contrib
তামিল ta_IN.UTF-8 Lohit Tamil (lohit-tamil-fonts) ibus-m17n, m17n-db, m17n-contrib
তেলুগু te_IN.UTF-8 Lohit Telugu (lohit-telugu-fonts) ibus-m17n, m17n-db, m17n-contrib

21.2. আন্তঃৰাষ্ট্ৰীয়কৰণত সাধাৰণ পৰিবৰ্তন

নতুন yum-langpacks প্লাগ-ইন

এটা নতুন YUM প্লাগ-ইন, yum-langpacks এ এতিয়া ব্যৱহাৰকাৰীসকলক বৰ্তমান ভাষাৰ লোকেইলৰ বাবে বিভিন্ন পেকেইজৰ বাবে অনুবাদ উপপেকেইজসমূহ ইনস্টল কৰাৰ অনুমতি দিয়ে।

লোকেইল আৰু কিবৰ্ড বিন্যাস সংহতিসমূহ পৰিবৰ্তন কৰা

localectl হল চিস্টেম লোকেইল আৰু কিবৰ্ড বিন্যাস সংহতিসমূহ প্ৰশ্ন কৰি পৰিবৰ্তন কৰিবলৈ এটা নতুন সঁজুলি; সংহতিসমূহক লিখনী কনচৌলসমূহত ব্যৱহাৰ কৰা হয় আৰু ডেস্কটপ পৰিৱেশত গ্ৰহণ কৰা হয়। localectl এ SSH ৰে দূৰৱৰ্তী চিস্টেমসমূহ প্ৰশাসন কৰিবলৈ এটা হস্টনাম তৰ্ক গ্ৰহণ কৰে।

21.3. ইনপুটৰ পদ্ধতি

IBus ত পৰিবৰ্তন

Red Hat Enterprise Linux 7.0 এ Intelligent Input Bus (IBus) সংস্কৰণ 1.5 ৰ বাবে সমৰ্থন অন্তৰ্ভুক্ত কৰে। IBus ৰ বাবে সমৰ্থন এতিয়া GNOME ৰ সৈতে অনুকূলন কৰা হৈছে।
  • ইনপুট পদ্ধতিসমূহক gnome-control-center region কমান্ড ব্যৱহাৰ কৰি যোগ কৰিব পাৰি, আৰু হটকি'সমূহ সংহতি কৰিবলৈ gnome-control-center keyboard কমান্ড ব্যৱহাৰ কৰিব পাৰি।
  • non-GNOME অধিবেশনৰ বাবে, ibus এ দুয়ো XKB বিন্যাস আৰু ইনপুট পদ্ধতিক ibus-setup সঁজুলিত সংৰূপণ কৰিব পাৰে আৰু সিহতক এটা হটকি ব্যৱহাৰ কৰি পৰিবৰ্তন কৰিব পাৰে।
  • অবিকল্পিত হটকি' হল Super+space, যি Red Hat Enterprise Linux 6 ৰ ibusControl+space ক প্ৰতিস্থাপন কৰিছে। ই Alt+Tab সংযুক্তিৰ সৈতে এজন ব্যৱহাৰকাৰীয়ে দেখা পোৱা UI ৰ সৈতে সদৃশ এটা UI প্ৰদান কৰে। Alt+Tab সংযুক্তি ব্যৱহাৰ কৰি একাধিক ইনপুট পদ্ধতি পৰিবৰ্তন কৰিব পাৰি।

IBus ৰ বাবে পূৰ্বগম্য ইনপুট পদ্ধতি

ibus-typing-booster হল ibus ৰ বাবে এটা পূ্ৰ্বগম্য ইনপুট পদ্ধতি। ই আংশিক ইনপুটৰ ওপৰত ভিত্তি কৰি সম্পূৰ্ণ শব্দ পূ্ৰ্বগম্য কৰে। ব্যৱহাৰকাৰীসকলে পছন্দৰ শব্দক পৰামৰ্শৰ এটা তালিকাৰ পৰা বাছিব পাৰিব আৰু তেওঁলোকৰ টাইপিংৰ গতি আৰু বানান উন্নত কৰিব পাৰিব। ibus-typing-booster এ Hunspell শব্দকোষৰ সৈতে কাৰ্য্য কৰে আৰু এটা Hunspell শব্দকোষ ব্যৱহাৰ কৰি পৰামৰ্শ দিব পাৰে।
মন কৰিব যে ibus-typing-booster এটা বিকল্প পেকেইজ, আৰু সেয়েহে input-methods দলৰ অংশ ৰূপে অবিকল্পিতভাৱে ইনস্টল কৰা নহব।
ইনপুট পদ্ধতিসমূহত বিৱৰিত পৰিবৰ্তনৰ বাবে, ডেস্কটপ প্ৰব্ৰজন আৰু প্ৰশাসন সহায়ক চাওক।

21.4. ফন্টসমূহ

fonts-tweak-tool

এটা নতুন সঁজুলি, fonts-tweak-tool এ ব্যৱহাৰকাৰীসকলক ব্যৱহাৰকাৰী ফন্ট সংৰূপ ব্যৱহাৰ কৰি প্ৰতিটো ভাষাৰ বাবে অবিকল্পিত ফন্ট সংৰূপণ কৰাৰ অনুমতি দিয়ে।

21.5. ভাষা-বিশেষ পৰিবৰ্তনসমূহ

আৰবী

Paktype ৰ পৰা নতুন আৰবী ফন্ট Red Hat Enterprise Linux 7.0 ত উপলব্ধ: aktype-ajrak, paktype-basic-naskh-farsi, paktype-basic-naskh-sindhi, paktype-basic-naskh-urdu, আৰু paktype-basic-naskh-sa।

চীনা

  • WQY Zenhei ফন্ট এতিয়া সৰলকৃত চীনাৰ বাবে অবিকল্পিত ফন্ট।
  • সৰলকৃত চীনাৰ অবিকল্পিত ইঞ্জিনক Red Hat Enterprise Linux 6 ত ব্যৱহৃত ibus-pinyin ৰ পৰা পৰিবৰ্তন কৰি ibus-libpinyin কৰা হৈছে।

ভাৰতীয়

  • নতুন Lohit Devanagari ফন্টে হিংদী, কাশমিৰী, কঙ্কানি, মৈথীলি, মাৰাথী, আৰু নেপালিৰ বাবে আগৰ পৃথক Lohit ফন্টসমূহক প্ৰতিস্থাপন কৰে। এই ভাষাবোৰৰ বাবে ভৱিষ্যতত প্ৰয়োজনীয় যিকোনো সূকীয়া গ্লিফক Open Type Font locl টেগসমূহৰ সৈতে Lohit Devanagari ত নিয়ন্ত্ৰণ কৰিব পাৰি।
  • নতুন ফন্ট পেকেইজ gubbi-fonts and navilu-fonts ক কন্নড় ভাষাৰ বাবে যোগ কৰা হৈছে।

জাপানী

  • IPA ফন্টসমূহক অবিকল্পিতৰূপে আৰু ইনস্টল কৰা নহয়
  • ibus-kkc, Kana Kanji পৰিবৰ্তন, হল নতুন libkkc বেকএণ্ড ব্যৱহাৰ কৰা নতুন অবিকল্পিত জাপানী ইনপুট ইঞ্জিন। ই ibus-anthy, anthy, আৰু kasumi ক প্ৰতিস্থাপন কৰে।

কোৰীয়

Nanum ফন্টক এতিয়া অবিকল্পিতভাৱে ব্যৱহাৰ কৰা হয়।

নতুন লোকেইলসমূহ

Red Hat Enterprise Linux 7.0 এ নতুন লোকেইল, কঙকানি (kok_IN) আৰু পাষতো (ps_AF) ক সমৰ্থন কৰে।

অধ্যায় 22. সমৰ্থনক্ষমতা আৰু ব্যৱস্থাপনা

ABRT 2.1

Red Hat Enterprise Linux 7.0 ত স্বচালিত বাগ সংবাদন সঁজুলি (ABRT) 2.1 আছে য'ত এটা উন্নত ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ আৰু uReports প্ৰেৰণ কৰা, মেচিন প্ৰক্ৰিয়াকৰণৰ বাবে উপযোগী লঘু বেনামী সমস্যা সংবাদ যেনে স্খলন পৰিসংখ্যা সংগ্ৰহ কৰাৰ ক্ষমতা আছে। মন কৰিব যে বেছি সংখ্যাত চফ্টৱেৰ বাগ খোজ কৰিবলৈ, Red Hat Enterprise Linux 7.0 ত অন্তৰ্ভুক্ত ABRT অবিকল্পিতৰূপে Red Hat লৈ এপ্লিকেচন স্খলনসমূহৰ সংবাদ স্বচালিতভাৱে পঠাবলৈ সংৰূপিত।
ABRT 2.1 ত সমৰ্থিত ভাষাৰ সংহতি Java আৰু Ruby ৰ সৈতে বৃদ্ধি কৰা হৈছে।

পুনৰীক্ষণৰ ইতিহাস

পুনৰীক্ষণৰ ইতিহাস
পুনৰীক্ষণ 0.0-0.8.2Mon Mar 24 2014Nilamdyuti Goswami
Updated Assemese Translations
পুনৰীক্ষণ 0.0-0.8.1Tue Mar 11 2014Chester Cheng
XML উৎস 0.0-0.7 ৰ সৈতে সংমিহিলিত অনুবাদ ফাইলসমূহ
পুনৰীক্ষণ 0.0-0.8Thu Dec 11 2013এলিস্কা স্লভ্ড'ভা
Red Hat Enterprise Linux 7.0 Beta উন্মোচন টোকাসমূহৰ উন্মোচন।